যাত্ৰা 8:31 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তেতিয়া যিহোৱাই মোচিয়ে কোৱাৰ দৰে কৰিলে: তেওঁ ফৰৌণ, তেওঁৰ দাসসকল, আৰু লোকসকলৰ পৰা ডাঁহৰ জাকবোৰ আতৰাই পঠালে। তাতে এটিও অবশিষ্ট নাথাকিল। |
কিন্তু যদি মোৰ লোকসকলক যাব নিদিয়া, তেনেহ’লে মই তোমাৰ, তোমাৰ দাসসকলৰ, লোকসকলৰ আৰু ঘৰবোৰৰ ভিতৰলৈকে জাকে জাকে ডাঁহ পঠাম; তেতিয়া মিচৰীয়াসকলৰ ঘৰ, এনেকি তেওঁলোকে বাস কৰা ভূমিও ডাঁহৰ জাকেৰে পৰিপূৰ্ণ হ’ব।
দুষ্ট লোকে অনুগ্ৰহ পালেও, ধাৰ্মিকতা নিশিকে; ন্যায়ৰ দেশত তেওঁ অন্যায় কৰে, আৰু যিহোৱাৰ মহিমালৈ দৃষ্টি নকৰে।