Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




যাত্ৰা 8:21 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

21 কিন্তু যদি মোৰ লোকসকলক যাব নিদিয়া, তেনেহ’লে মই তোমাৰ, তোমাৰ দাসসকলৰ, লোকসকলৰ আৰু ঘৰবোৰৰ ভিতৰলৈকে জাকে জাকে ডাঁহ পঠাম; তেতিয়া মিচৰীয়াসকলৰ ঘৰ, এনেকি তেওঁলোকে বাস কৰা ভূমিও ডাঁহৰ জাকেৰে পৰিপূৰ্ণ হ’ব।

অধ্যায়টো চাওক কপি কৰক




যাত্ৰা 8:21
7 পৰস্পৰ সংযোগসমূহ  

সেই সময়ত যিহোৱাই মিচৰ দেশৰ দূৰৰ নদীৰ পৰা মাখিৰ বাবে, আৰু অচূৰ দেশৰ পৰা মৌ-মাখিৰ বাবে সুহুৰি মাৰিব।


তেওঁৰ কথাতেই তেওঁলোকৰ সকলো অঞ্চলত জাকে জাকে ডাঁহ আৰু ওকণী আহিল।


তেওঁলোকৰ মাজলৈ তেওঁ জাকে জাকে ডাঁহ পঠাইছিল, সেইবোৰে তেওঁলোকক গ্রাস কৰিলে; তেওঁ ভেকুলীৰ জাকবোৰ পঠালে আৰু সেইবোৰে তেওঁলোকৰ সর্বনাশ কৰিলে।


যিহোৱাই মোচিক ক’লে, “তুমি ৰাতিপুৱাতে উঠি গৈ ফৰৌণে পানীৰ ওচৰলৈ যোৱাৰ সময়ত তুমি তেওঁৰ সন্মুখত থিয় হৈ ক’বা, যিহোৱাই এইদৰে কৈছে: ‘মোৰ আৰধনা কৰিবৰ অৰ্থে মোৰ লোকসকলক যাব দিয়া।


কিন্তু সেই দিনা গোচন দেশত বাস কৰা মোৰ লোকসকলৰ বাবে মই বেলেগ ব্যৱস্থা কৰিম। সেয়ে গোচন দেশত কোনো ডাঁহৰ জাক নহ’ব। পৃথিৱীৰ মাজত ময়েই যে যিহোৱা, এই কথা জানিবৰ বাবে এই সকলো ঘটিব।


যিহোৱাই সেইদৰেই কৰিলে। ফৰৌণ আৰু তেওঁৰ দাসসকলৰ ঘৰত জাকে জাকে ডাঁহবোৰ সোমাল। গোটেই মিচৰ দেশতে সেই ডাঁহৰ জাকৰ উৎপাতত ভূমি নষ্ট হ’ল।


আপোনাৰ ঘৰ, আৰু আপোনাৰ দাস সকলৰ ঘৰত, আৰু সকলো মিচৰীয়াৰে সকলৰ ঘৰবোৰ সেই কাকতী ফৰিঙেৰে ভৰি পৰিব। ইমান ফৰিং হ’ব যে, আপোনাৰ পিতৃ আৰু আপোনাৰ ওপৰ-পিতৃসকলে কেতিয়াও তেনে ফৰিং দেখা নাই।” তাৰ পাছত মোচি ফৰৌণৰ আগৰ পৰা বাহিৰলৈ ওলাই গ’ল।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন