কিয়নো মই ইস্ৰায়েলৰ সন্তান সকলক মিচৰ দেশৰ পৰা উলিয়াই অনা দিনৰে পৰা আজিলৈকে কোনো গৃহত বাস কৰা নাই; কেৱল মোৰ আবাস যি তম্বু, তাত থাকিহে ভ্ৰমণ কৰি আছোঁ।
যাত্ৰা 40:38 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 কিয়নো গোটেই ইস্ৰায়েল বংশৰ চকুৰ আগত, তেওঁলোকৰ আটাই যাত্ৰাত, দিনত যিহোৱাৰ মেঘ আবাসৰ ওপৰত আছিল, আৰু ৰাতি অগ্নি আবাসৰ ভিতৰত আছিল। |
কিয়নো মই ইস্ৰায়েলৰ সন্তান সকলক মিচৰ দেশৰ পৰা উলিয়াই অনা দিনৰে পৰা আজিলৈকে কোনো গৃহত বাস কৰা নাই; কেৱল মোৰ আবাস যি তম্বু, তাত থাকিহে ভ্ৰমণ কৰি আছোঁ।
তেওঁলোকে দিনে-ৰাতিয়ে যাত্রা কৰিবলৈ যিহোৱাই দিনত তেওঁলোকক মেঘ-স্তম্ভ, আৰু ৰাতি পোহৰ দিবলৈ অগ্নি-স্তম্ভৰে তেওঁলোকৰ আগে আগে গৈছিল।
ৰাতিপুৱালৈ তাৰ একোকে অৱশিষ্ট নাৰাখিব আৰু কোনো হাড় নাভাঙিব; তেওঁলোকে নিস্তাৰ-পৰ্ব্বৰ সকলো বিধি অনুসাৰে তাক পালন কৰিব।
আৰু যিদিনা আবাস স্থাপন কৰা হ’ল, সেই দিনা মেঘে সেই আবাস, সেই সাক্ষ্য-ফলি থকা তম্বু ঢাকি ধৰিলে, আৰু সন্ধ্যাবেলাৰ পৰা ৰাতিপুৱালৈকে সেই আবাসৰ ওপৰত তাক জুই যেন দেখা গৈছিল।