21 তেওঁলোকে দিনে-ৰাতিয়ে যাত্রা কৰিবলৈ যিহোৱাই দিনত তেওঁলোকক মেঘ-স্তম্ভ, আৰু ৰাতি পোহৰ দিবলৈ অগ্নি-স্তম্ভৰে তেওঁলোকৰ আগে আগে গৈছিল।
আপুনি ৰাতি অগ্নি স্তম্ভৰ দ্ৱাৰাই তেওঁলোকৰ পথ পোহৰ কৰি আৰু দিনত মেঘ স্তম্ভৰ দ্ৱাৰাই ছাঁ দি তেওঁলোকক আগুৱাই নিলে।
আপোনাৰ দয়াৰ গুণে তেওঁলোকক আপুনি মৰুভূমিত ত্যাগ কৰা নাছিল। তেওঁলোকক বাটত লৈ যাবলৈ দিনত মেঘ স্তম্ভ আৰু ৰাতি পোহৰ দিবলৈ অগ্নি স্তম্ভ তেওঁলোকৰ পৰা দূৰ কৰা নাছিল।
তেওঁ চন্দ্ৰতাপৰ কাৰণে মেঘ বিস্তাৰ কৰিলে; ৰাতি পোহৰ দিবৰ কাৰণে অগ্নি দিলে।
হে ঈশ্বৰ, তুমি যেতিয়া মৰুভূমিৰ মাজেদি তোমাৰ লোক সকলৰ আগে আগে গৈছিলা, [চেলা]
মোচি আৰু হাৰোণৰ হতুৱাই মেৰ-ছাগৰ জাকৰ দৰে তুমি তোমাৰ লোকসকলক চলাই লৈ গৈছিলা।
দিনত মেঘৰ দ্বাৰাই আৰু গোটেই ৰাতি অগ্নিৰ দীপ্তিৰে তেওঁ তেওঁলোকক পথ দেখুৱালে।
তেওঁ মেঘ স্তম্ভৰ মাজৰ পৰা তেওঁলোকক কথা কৈছিল; তেওঁ দিয়া আজ্ঞা আৰু বিধিবোৰ তেওঁলোকে পালন কৰিছিল।
ফৰৌণে তেওঁলোকক ক’লে, “যিহোৱা তোমালোকৰ লগত থাকক; যিহেতু মই তোমালোকক সন্তানসকলৰ সৈতে যাবলৈ এৰি দিছোঁ, আৰু চোৱা, তোমালোকৰ মন কিছু দুষ্টতাৰে পৰিপূৰ্ণ।
হাৰোণে ইস্ৰায়েলী লোকসকলৰ সমাজক এই কথা কৈ থাকোতে, তেওঁলোকে মৰুপ্রান্তৰ ফাললৈ চাই দেখিলে যে, মেঘৰ মাজত যিহোৱাৰ মহিমা প্ৰকাশিত হৈছে।
পৰ্ব্বতৰ পৰা নামি আহিবলৈ মোচিৰ পলম হোৱা দেখি, লোকসকলে হাৰোণৰ চাৰিওফালে গোট খাই তেওঁক ক’লে, “আহক, আমাৰ আগে আগে যাবৰ বাবে আমাৰ অৰ্থে এজন দেৱতা নিৰ্মাণ কৰোঁ। কিয়নো যি দেৱতবোৰে আমাক মিচৰ দেশৰ পৰা উলিয়াই আনিছিল, সেই মোচিৰ লগত কি হ’ল, সেই বিষয়ে আমি একো নাজানো।”
মৰুভূমিৰ পৰা ধোঁৱাৰ স্তম্ভৰ দৰে সেই গৰাকী কোন আহিছে? তেওঁ ব্যৱসায়ীৰ সকলো ধৰণৰ মছলাগুৰিৰ গন্ধ লৈ, গন্ধৰস আৰু সুগন্ধি ধূপৰ সুবাসেৰে এক ধোঁৱাৰ স্তম্ভৰ দৰে আহিছে।
আৰু ছাউনি ভাঙি প্ৰস্থান কৰা সময়ত যিহোৱাৰ মেঘ দিনত তেওঁলোকৰ ওপৰত থাকিছিল।
আৰু তেওঁলোকে এই দেশ নিবাসীসকলকো সম্বাদ দিব। তেওঁলোকে শুনিছে, যে, তুমি যিহোৱা এই লোকসকলৰ মাজত আছা, তুমি যিহোৱাই সন্মুখা-সন্মুখিকৈ তেওঁলোকক দৰ্শন দি থাকা, তোমাৰ মেঘ তেওঁলোকৰ ওপৰত আছে আৰু তুমি দিনত মেঘ-স্তম্ভ আৰু ৰাতি অগ্নি স্তম্ভত তেওঁলোকৰ আগে আগে যোৱা।
যিহোৱা! যি জন আপোনালোকৰ যাত্রাপথত আগে আগে গৈছিল, যাতে তেওঁ আপোনালোকৰ কাৰণে শিবিৰ পাতিবৰ ঠাই বিচাৰি পায় আৰু যি পথেদি আপোনালোক যোৱা উচিত, সেই পথ দেখুৱাই আপোনালোকক লৈ যাবলৈ তেঁৱেই ৰাতি অগ্নিৰ মাজেৰে আৰু দিনত মেঘৰ মাজেদি আপোনালোকৰ আগে আগে গৈছিল।
যিহোৱা নিজেই তোমাৰ আগে আগে যাব আৰু তোমাৰ সঙ্গে সঙ্গে থাকিব; তেওঁ তোমাক কেতিয়াও নেৰিব বা ত্যাগ নকৰিব; তুমি ভয় নকৰিবা আৰু নিৰুৎসাহ নহ’বা।”