অনলাইন বাইবেল

বিজ্ঞাপন


গোটেই বাইবেলখন অ.টি. নতুন নিয়ম




যাত্ৰা 32:13 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

আপোনাৰ দাস অব্ৰাহাম, ইচহাক, আৰু ইস্ৰায়েলক সোঁৱৰণ কৰক। তেওঁলোকৰ আগত আপুনি নিজৰ নামেৰে শপত দি তেওঁলোকক কৈছিলে, ‘মই আকাশৰ তৰাবোৰৰ নিচিনাকৈ তোমালোকৰ বংশ বৃদ্ধি কৰিম, আৰু এই যি দেশৰ কথা কলোঁ, সেই গোটেইখন দেশ তোমালোকৰ বংশক দিম। তেওঁলোকে চিৰকাল অধিকাৰ কৰিব’।”

অধ্যায়টো চাওক



যাত্ৰা 32:13
23 পৰস্পৰ সংযোগসমূহ  

মই তোমাৰ পৰা এক মহাজাতি সৃষ্টি কৰিম আৰু তোমাক আশীৰ্ব্বাদ কৰি তোমাৰ নাম খ্যাতিমন্ত কৰিম; তাতে তুমি আশীৰ্ব্বাদৰ আকৰ হ’বা।


পাছত যিহোৱাই অব্ৰামক দৰ্শন দি ক’লে, “এই দেশখনকে মই তোমাৰ বংশক দিম।” তাতে অব্রামে তেওঁক দৰ্শন দিয়া যিহোৱাৰ উদ্দেশ্যে সেই ঠাইত এটা যজ্ঞবেদী নিৰ্ম্মাণ কৰিলে।


সেইদিনা যিহোৱাই অব্ৰামে সৈতে এটি এইবুলি কৈ এটা নিয়ম স্থিৰ কৰিলে, “মিচৰৰ নদীৰ পৰা মহানদী ইউফ্রেটিচ পর্যন্ত গোটেইখন দেশ মই তোমাৰ বংশক দিলোঁ।


তেতিয়া যিহোৱাই অব্ৰামক বাহিৰলৈ নি ক’লে, “তুমি আকাশৰ ফালে চোৱা আৰু যদি পাৰা তৰাবোৰ গণনা কৰা।” তেওঁ আকৌ অব্ৰামক ক’লে, “এইদৰে তোমাৰ বংশও হ’ব।”


পাছত যিহোৱাই তেওঁক ক’লে, “ময়েই সেই যিহোৱা! এই দেশৰ অধিকাৰী হবৰ কাৰণে ময়েই তোমাক কলদীয়াসকলৰ উৰ নগৰৰ পৰা বাহিৰ কৰি আনিলো।”


যি কনান দেশত তুমি প্রবাসী হৈ বাস কৰিছা, মই তোমাক আৰু তোমাৰ ভাবী-বংশক এই সমুদায় দেশ সদাকালৰ অধিকাৰৰ অৰ্থে দিম আৰু মই তেওঁলোকৰ ঈশ্বৰ হ’ম।”


তেওঁ ক’লে, “যিহোৱাই এই কথা কৈছে, ‘তুমি তোমাৰ পুত্র, একেটি পুত্রকো মোৰ বাবে বলিদান দিবলৈ অসন্মত নহলে আৰু যিহেতু তুমি এই কার্য কৰিলা, সেয়ে মই নিজ নামেৰে শপত খাই কৈছো যে,


মই নিশ্চয় তোমাক আশীৰ্ব্বাদ কৰিম; আকাশৰ তৰাবোৰৰ দৰে আৰু সাগৰৰ তীৰত থকা বালিৰ দৰে তোমাৰ বংশ অতিশয় ৰূপে বৃদ্ধি কৰিম; তোমাৰ বংশৰ লোকসকলে তেওঁলোকৰ শত্রুবোৰৰ নগৰৰ দুৱাৰ জয় কৰিব।


স্বর্গৰ প্রভু স্বয়ং ঈশ্বৰ যিহোৱাই মোৰ পিতৃৰ জন্মভূমিৰ পৰা মোক সপৰিয়ালে সৈতে ইয়ালৈ লৈ আহিল আৰু মই তোমাৰ বংশক এই দেশ দিম বুলি মোৰ আগত শপত কৰিলে, স্বৰ্গৰ ঈশ্বৰ যিহোৱাই তোমাৰ আগে আগে নিজ দূত পঠাই দিব; তাতে তুমি মোৰ পুত্ৰৰ নিমিত্তে সেই ঠাইৰ পৰাই ছোৱালী আনিব পাৰিবা।


যি দূতে সকলো আপদৰ পৰা মোক মুক্ত কৰিলে, তেৱেঁই এই ল’ৰাহঁতক আশীৰ্ব্বাদ কৰক। মোৰ নাম আৰু মোৰ ওপৰ-পিতৃ অব্ৰাহাম আৰু ইচহাকৰ নাম এওঁলোকৰ দ্বাৰাই প্ৰখ্যাত হওক। এওঁলোক বাঢ়ি বাঢ়ি পৃথিবীৰ মাজত বহুবংশ হওক।”


যিহোৱাই তোমাক আৰু তোমালোকৰ পূৰ্বপুৰুষ সকলক দিয়া প্রতিজ্ঞা অনুসাৰে, যেতিয়া তোমাক কনানীয়া সকলৰ দেশত আনি সোমুৱাব,


কনানীয়া, হিত্তীয়া, ইমোৰীয়া, হিব্বীয়া আৰু যিবুচীয়া লোকসকলৰ যি দেশ তোমালোকক দিবলৈ, যিহোৱাই তোমালোকৰ পূৰ্বপুৰুষ সকলৰ আগত প্রতিজ্ঞা কৰিছিল, সেই গাখীৰ আৰু মৌ বৈ থকা দেশত, যেতিয়া তেওঁ তোমালোকক সুমুৱাব, তেতিয়া তোমালোকে এই মাহত যিহোৱাৰ উদ্দেশ্যে আৰাধনাৰ কাৰ্য কৰিবা।


যিহোৱাই মোচিক ক’লে, “ইয়াৰ পৰা যোৱা, যি দেশ তোমাৰ বংশক দিম বুলি মই অব্ৰাহাম, ইচহাক, আৰু যাকোবৰ আগত শপত কৰিছিলোঁ, সেই দেশলৈ, মিচৰ দেশৰ পৰা বাহিৰ কৰি অনা লোকসকলৰ সৈতে তুমি যোৱা।


তেন্তে যাকোবেৰে সৈতে কৰা মোৰ নিয়মটি মই সোঁৱৰিম আৰু ইচহাকেৰে সৈতে কৰা মোৰ নিয়মটিও, অব্ৰাহামেৰে সৈতে কৰা মোৰ নিয়মটিও সুঁৱৰিম; আৰু মই দেশকো সোঁৱৰণ কৰিম।


আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকৰ জনসংখ্যা অধিককৈ বৃদ্ধি কৰিলে আৰু চাওঁক, আজি আপোনালোক আকাশৰ তৰাৰ নিচিনা অসংখ্য হ’ল।


কিন্তু যিহোৱাই আপোনালোকক প্ৰেম কৰে, আৰু আপোনালোকৰ পূর্ব-পুৰুষসকলৰ ওচৰত তেওঁ যি শপত কৰিছিল, তাক ৰক্ষা কৰিবৰ কাৰণে তেওঁ ইয়াক কৰিলে। সেইবাবেই তেওঁ এক ক্ষমতাশালী হাতেৰে আপোনালোকক বাহিৰ কৰি আনিলে আৰু মিচৰৰ ৰজা ফৰৌণৰ অধীনত দাসত্বৰ বন্ধনগৃহৰ পৰা উদ্ধাৰ কৰিলে।


তোমাৰ দাস অব্ৰাহাম, ইচহাক, আৰু যাকোবক সোঁৱৰণ কৰা; এই লোকসকলৰ ঠৰডিঙীয়া স্বভাৱ, দুষ্টতা আৰু পাপলৈ দৃষ্টি নকৰিবা;


ঈশ্বৰে যেতিয়া অব্ৰাহামলৈ এটি প্ৰতিজ্ঞা কৰিছিল, তেতিয়া ঈশ্বৰতকৈ মহান কোনো নথকাত তেওঁ নিজৰ নামেৰেই শপত খাইছিল।