Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




দ্বি.বি. 1:10 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

10 আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকৰ জনসংখ্যা অধিককৈ বৃদ্ধি কৰিলে আৰু চাওঁক, আজি আপোনালোক আকাশৰ তৰাৰ নিচিনা অসংখ্য হ’ল।

অধ্যায়টো চাওক কপি কৰক




দ্বি.বি. 1:10
17 পৰস্পৰ সংযোগসমূহ  

তেতিয়া যিহোৱাই অব্ৰামক বাহিৰলৈ নি ক’লে, “তুমি আকাশৰ ফালে চোৱা আৰু যদি পাৰা তৰাবোৰ গণনা কৰা।” তেওঁ আকৌ অব্ৰামক ক’লে, “এইদৰে তোমাৰ বংশও হ’ব।”


মই নিশ্চয় তোমাক আশীৰ্ব্বাদ কৰিম; আকাশৰ তৰাবোৰৰ দৰে আৰু সাগৰৰ তীৰত থকা বালিৰ দৰে তোমাৰ বংশ অতিশয় ৰূপে বৃদ্ধি কৰিম; তোমাৰ বংশৰ লোকসকলে তেওঁলোকৰ শত্রুবোৰৰ নগৰৰ দুৱাৰ জয় কৰিব।


তোমাৰ বংশ পৃথিৱীৰ ধুলিৰ নিচিনা অসংখ্য হ’ব; তুমি পূৱ, পশ্চিম, উত্তৰ আৰু দক্ষিণলৈ বিস্তাৰিত হৈ যাবা; পৃথিৱীৰ সমুদায় জাতি, তোমাৰ আৰু তোমাৰ বংশতে আশীৰ্ব্বাদপ্ৰাপ্ত হ’ব।


দায়ূদে বিশ বছৰ বা তাতকৈ ক’ম বয়সৰ লোকসকলক গণনা কৰা নাছিল, কাৰণ যিহোৱাই ইস্ৰায়েলক আকাশৰ তৰাবোৰৰ নিচিনা অসংখ্য কৰিবলৈ প্রতিজ্ঞা কৰিছিল।


আপুনি তেওঁলোকৰ সন্তানক আকাশ-মণ্ডলৰ তৰাবোৰৰ দৰে অসংখ্য কৰিলে, আৰু তেওঁলোকক আপুনি তেওঁলোকৰ দেশলৈ আনিলে। আপুনি তেওঁলোকৰ পূৰ্ব-পুৰুষ সকলক ক’লে, “তালৈ যোৱা আৰু অধিকাৰ কৰা।”


তেওঁ তেওঁলোকক আশীৰ্ব্বাদ কৰে আৰু তেওঁলোক সংখ্যাত অতিশয় বৃদ্ধি পায়; তেওঁ তেওঁলোকৰ পশুধনবোৰক হ্রাস হবলৈ নিদিয়ে।


ইস্ৰায়েলী লোকসকল ৰামিচেচৰ পৰা চুক্কোতলৈ যাত্ৰা কৰি গ’ল। মহিলা আৰু সন্তানৰ ওপৰিও তেওঁলোকৰ ছয় লাখমান পদাতিক পুৰুষ আছিল।


আপোনাৰ দাস অব্ৰাহাম, ইচহাক, আৰু ইস্ৰায়েলক সোঁৱৰণ কৰক। তেওঁলোকৰ আগত আপুনি নিজৰ নামেৰে শপত দি তেওঁলোকক কৈছিলে, ‘মই আকাশৰ তৰাবোৰৰ নিচিনাকৈ তোমালোকৰ বংশ বৃদ্ধি কৰিম, আৰু এই যি দেশৰ কথা কলোঁ, সেই গোটেইখন দেশ তোমালোকৰ বংশক দিম। তেওঁলোকে চিৰকাল অধিকাৰ কৰিব’।”


তোমালোকৰ পূর্বপুৰুষ অব্ৰাহাম আৰু তোমালোকৰ প্ৰসৱকাৰিণী চাৰালৈ দৃষ্টি কৰা; কাৰণ তেওঁ যেতিয়া অকলশৰীয়া ব্যক্তি আছিল, তেতিয়া মই তেওঁক মাতি আশীৰ্ব্বাদ দি বহুবংশ কৰিলোঁ।


পথাৰত গজা তৃণৰ দৰে মই তোমাক অধিককৈ বঢ়ালোঁ আৰু তুমি বাঢ়ি ডাঙৰ-দীঘল থ’লো আৰু অতি সুন্দৰী থ’লো; তোমাৰ স্তন পূৰ্ণ হ’ল আৰু কেশ দীৰ্ঘ হ’ল, তথাপি তুমি বিবস্ত্ৰা আৰু উলঙ্গিনী আছিলা।


গণনা কৰা সেই লোকসকলৰ সংখ্যা ছয় লাখ তিনি হাজাৰ পাঁচশ পঞ্চাশ আছিল।


আৰু যেতিয়াই নিযম-পুস্তকটি ৰৈ যায়, তেতিয়া মোচিয়ে কয়, “হে যিহোৱা তুমি ইস্ৰায়েলৰ হাজাৰ হাজাৰ গোষ্ঠীৰ ওচৰলৈ উলটি আহা।”


আপোনালোকৰ পূর্বপুৰুষ সকলৰ ঈশ্বৰ যিহোৱাই বর্তমানতকৈ আপোনালোকৰ সংখ্যা আৰু হাজাৰ গুণে বৃদ্ধি কৰক; তেওঁৰ প্রতিজ্ঞা অনুসাৰেই আপোনালোকক তেওঁ আশীৰ্ব্বাদ কৰক।


আপোনালোকৰ যি পূৰ্ব–পুৰুষসকল মিচৰলৈ গৈছিল তেওঁলোক সংখ্যাত মাত্র সত্তৰ জন আছিল আৰু এতিয়া আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকৰ সংখ্যা আকাশৰ তৰাবোৰৰ দৰে অসংখ্য কৰিলে।


তাৰ পাছত আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ আগত ক’ব, “মোৰ পূর্বপুৰুষ এজন অৰামীয়া যাযাবৰ আছিল; তেওঁ মাত্র কেইজনমান লোকক লগত লৈ মিচৰলৈ নামি গৈছিল আৰু তাতে বাস কৰিছিল। সেই ঠাইত তেওঁ এক মহান, পৰাক্ৰমী লোক হৈছিল আৰু জনসংখ্যাত বৃদ্ধি হৈ এক জাতি হৈ উঠিল।


আপোনালোকৰ জনসংখ্যা আকাশৰ তৰাৰ নিচিনা অসংখ্য হ’লেও, আপোনালোক ঈশ্বৰ যিহোৱাৰ প্রতি অবাধ্য হোৱাৰ কাৰণে তেতিয়া কেৱল কেইজনমানহে অৱশিষ্ট জীয়াই থাকিব।


আন সকলো জাতিতকৈ আপোনালোক লেখত অধিক বুলি যে যিহোৱাই আপোনালোকক স্নেহ কৰিলে বা মনোনীত কৰিলে, এনে নহয়; কিয়নো আন সকলো জাতিৰ তুলনাত আপোনালোক লেখত তাকৰহে আছিল।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন