যাত্ৰা 32:12 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 মিচৰীয়া লোকসকলক কিয় ক’ব দিব যে, ‘তেওঁলোকক পৰ্ব্বতীয়া অঞ্চলত বিনষ্ট কৰি পৃথিৱীৰ পৰা লুপ্ত কৰিবৰ বাবেহে তেওঁ তেওঁলোকক বাহিৰ কৰি আনিলে’। আপুনি নিজৰ প্ৰচণ্ড ক্ৰোধৰ পৰা ঘূৰি নিজৰ লোকসকলৰ অপকাৰ কৰাৰ বিষয়ে ক্ষান্ত হওক। |
সেয়ে গোটেই সমাজক আমাৰ কৰ্মচাৰীসকলে প্রতিনিধিত্ব কৰক। আমাৰ ঈশ্বৰৰ প্ৰচণ্ড ক্ৰোধ যেতিয়ালৈকে আমাৰ পৰা দূৰ নহয়, তেতিয়ালৈকে নগৰৰ বৃদ্ধলোক আৰু বিচাৰকৰ্ত্তাসকলে নিৰূপিত কৰা সময়ত যি সকলে অন্য জাতিৰ মহিলাক নগৰবোৰত বসবাস কৰিবলৈ অনুমতি দিছিল, তেওঁলোক আহক।”
তেওঁ তেওঁলোকৰ কাৰণে স্থাপন কৰা নিজৰ নিয়মটি সোঁৱৰণ কৰিলে; নিজৰ অসীম গভীৰ প্রেম অনুসাৰে তেওঁলোকক দয়া কৰিলে।
হে যিহোৱা, তুমি পাহৰি নাযাবা শত্ৰুৱে যে তোমাক ঠাট্টা নিন্দা কৰিছে; মূর্খ লোকবোৰে যে তোমাৰ নাম অনাদৰ কৰিছে।
তথাপিও তেওঁ দয়াৰে পৰিপূর্ণ হোৱাত তেওঁলোকৰ অপৰাধ ক্ষমা কৰিলে, তেওঁলোকক ধ্বংস নকৰিলে; এনে কি তেওঁ অনেকবাৰ নিজৰ ক্ৰোধ দমন কৰিছিল আৰু তেওঁৰ সম্পূর্ণ ক্ৰোধ জাগি নুঠিল।
এতিয়া মই যদি আপোনাৰ দৃষ্টিত অনুগ্ৰহ পালোঁ, তেনেহ’লে বিনয় কৰিছোঁ, মই যেন আপোনাক জানি আপোনাৰ দৃষ্টিত অনুগ্ৰহ পাওঁ, সেই বাবে মোক আপোনাৰ পথ দেখাওক; আৰু এই লোকসকল যে আপোনাৰেই লোক ইয়াকো সোঁৱৰণ কৰক।”
তোমাৰ নামেৰে প্ৰাৰ্থনা কৰা কোনো এজন নাই; কোনেও তোমাত আশ্ৰয় ল’বলৈ ইচ্ছা কৰা নাই; কিয়নো তুমি আমাৰ পৰা মুখ লুকুৱাই ৰাখিছা, আৰু আমাৰ অপৰাধৰ প্ৰতাপত আমাক গলি যাবলৈ দিছা।
কিন্তু এতিয়াও, হে যিহোৱা, তুমি আমাৰ পিতৃ; আমি মাটি, তুমি আমাৰ কুমাৰ; আৰু আমি সকলোৱেই তোমাৰ হাতৰ কাৰ্য।
এই হেতুকে যিহোৱাই এই কথা কৈছে: ‘চোৱা, মই তোমাক পৃথিৱীৰ পৰা দূৰ কৰি দিম; তুমি এই বছৰৰ ভিতৰতে মৰিবা, কাৰণ তুমি যিহোৱাৰ বিৰুদ্ধে বিদ্ৰোহৰ কথা ক’লা।
কিন্তু যি জাতিবোৱৰ সাক্ষাতে মই তেওঁলোকক উলিয়াই আনিছিলোঁ, সেই জাতিবোৰৰ সাক্ষাতে মোৰ নাম অপবিত্ৰ কৰা নহ’বৰ বাবে মোৰ নামৰ উদ্দেশ্যে মই কাৰ্য কৰিলোঁ।
তথাপি, যি জাতিবোৰৰ সাক্ষাতে মই তেওঁলোকক উলিয়াই আনিছিলোঁ, সেই জাতিবোৰৰ সাক্ষাতে মোৰ নাম অপবিত্ৰ কৰা নহ’বৰ বাবে মই মোৰ হাত কোঁচাই মোৰ নামৰ উদ্দেশ্যে কাৰ্য কৰিলোঁ।
কিন্তু মিচৰ দেশৰ পৰা তেওঁলোকক উলিয়াই অনাৰ দ্বাৰাই তেওঁলোক থকা যি জাতিবোৰৰ সাক্ষাতে মই তেওঁলোকক মোৰ পৰিচয় দিছিলোঁ, সেই জাতিবোৰৰ সাক্ষাতে মোৰ নাম অপবিত্ৰ কৰা নহ’বলৈ মোৰ নামৰ কাৰণে, এইদৰে মোৰ কাৰ্য কৰিলোঁ।
যিহোৱাৰ পুৰোহিত, পৰিচাৰকসকল, যজ্ঞ-বেদী আৰু বাৰাণ্ডাৰ মাজৰ ঠাইত ক্ৰন্দন কৰক। তেওঁলোকক ক’বলৈ দিয়া, “হে যিহোৱা, তোমাৰ লোকসকলক দয়া কৰা, আৰু তোমাৰ আধিপত্যক ধিক্কাৰৰ বিষয় হ’বলৈ নিদিবা, যাতে তেওঁলোকৰ ওপৰত জাতি সমূহে শাসন কৰিব। কিয় তেওঁলোকে জাতি সমূহৰ মাজত ক’ব, কত তেওঁলোকৰ ঈশ্বৰ?”
কোনে জানে? হয়তো ঈশ্বৰে তেওঁৰ প্ৰচণ্ড ক্ৰোধৰ পৰা মন ঘূৰাই কোমল হ’ব, আৰু তেতিয়া আমিও ধ্বংস হৈ নাযাম।”
কিয়নো বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: “তোমালোকৰ পূৰ্ব-পুৰুষসকলে মোৰ ক্ৰোধ তোলা সময়ত মই যেনেকৈ তোমালোকৰ অমঙ্গল কৰিবলৈ সঙ্কল্প কৰিছিলোঁ,’ ইয়াক বাহিনীসকলৰ যিহোৱাই কৈছে, ‘আৰু মই মন পালটোৱা নাছিলোঁ,
বিনয় কৰোঁ, তুমি মিচৰ দেশৰ পৰা এতিয়ালৈকে এই লোকসকলক যেনেকৈ ক্ষমা কৰি আহিছা, তেনেকৈ তোমাৰ মহৎ কৃপাৰ দৰে তেওঁলোকৰ এই অপৰাধ ক্ষমা কৰা।”
যিহোৱাই যেন তেওঁৰ প্রচণ্ড ক্রোধৰ পৰা ক্ষান্ত হয়, সেইবাবে আপোনালোকৰ হাতত যেন এই লুটদ্রব্যবোৰৰ এটাও দেখা নাযায়; তেতিয়া তেওঁ আপোনালোকক কৃপা আৰু দয়া কৰিব লগতে আপোনালোকৰ পূর্ব-পুৰুষসকলৰ আগত কৰা শপতৰ দৰে আপোনালোকৰ বংশ বৃদ্ধি কৰিব।
যিহোৱাই যেতিয়া দেখিব যে, তেওঁৰ লোকসকলৰ শক্তি নোহোৱা হৈছে, বন্দী কি স্বাধীন কাৰো শক্তি নোহোৱা হৈছে, তেতিয়া অৱশ্যেই যিহোৱাই তেওঁৰ লোকসকলৰ পক্ষ লব, তেওঁৰ দাসবোৰক কৃপা কৰিব।
কৰিলে, তুমি আমাক যি দেশৰ পৰা উলিয়াই আনিলা, সেই দেশৰ লোকসকলে ক’ব, ‘যিহোৱাই তেওঁলোকক যি দেশ দিম বুলি প্ৰতিজ্ঞা কৰিছিল, সেই দেশলৈ নিবলৈ অসমর্থ হোৱাৰ কাৰণে আৰু তেওঁলোকক ঘিণ কৰাৰ কাৰণে তেওঁ মৰুপ্রান্তৰত তেওঁলোকক বধ কৰিবলৈ উলিয়াই আনিলে।’
পাছত তাৰ ওপৰত শিল দলিয়াই দলিয়াই শিলৰ বৰ দ’ম কৰিলে; শিলৰ সেই দ’ম আজিলৈকে আছে। পাছত যিহোৱাই তেওঁৰ প্ৰচণ্ড ক্রোধৰ পৰা ঘূৰিল। সেই বাবে এই ঠাই আখোৰ উপত্যকা বুলি আজিলৈকে বিখ্যাত আছে।
কিয়নো কনানীয়া আদি কৰি এই দেশনিবাসী আটাই লোকে যেতিয়া এই কথা শুনিব, তেতিয়া তেওঁলোকে আমাক বেৰি ধৰিব আৰু পৃথিবীৰ পৰা আমাৰ নাম লুপ্ত কৰিব; তেতিয়া তোমাৰ মহান নামৰ কাৰণে তুমি কি কৰিবা?”
যিহোৱাই নিজৰ মহান নামৰ উদ্দেশ্যে নিজৰ প্ৰজাসকলক ত্যাগ নকৰে; কাৰণ তেওঁলোকক নিজৰ প্ৰজা কৰিবলৈ যিহোৱা সন্তোষ হয়।