গধূলিও প্ৰদীপ জ্বলোৱাৰ সময়ত তেওঁ ধূপ জ্বলাব। সেয়ে তোমালোকৰ পুৰুষানুক্ৰমে যিহোৱাৰ সন্মুখত নিত্য ধূপদাহ হ’ব।
তেওঁলোকে উজ্জিয়া ৰজাৰ সম্মুখত থিয় হৈ তেওঁক ক’লে, “হে উজ্জিয়া, যিহোৱাৰ উদ্দেশ্যে ধূপ জ্বলাবলৈ আপোনাৰ অধিকাৰ নাই; কিন্তু ধূপ জ্বলাবৰ বাবে পবিত্ৰীকৃত হোৱা হাৰোণৰ সন্তান যি পুৰোহিতসকল, তেওঁলোকৰহে অধিকাৰ আছে। আপুনি পবিত্ৰ স্থানৰ পৰা বাহিৰ হওঁক, কিয়নো আপুনি সত্যলঙ্ঘন কৰিলে৷ ইয়াতে ঈশ্বৰ যিহোৱাৰ পৰা আপুনি সন্মান নাপাব।”
মোৰ প্ৰাৰ্থনা তোমাৰ আগত সুগন্ধি ধূপৰ দৰে হওঁক, মই ওপৰলৈ তোলা মোৰ হাত সন্ধিয়া উৎসর্গ কৰা বলিদানৰ দৰে হওঁক।
তোমালোকে এই মাহৰ চৌদ্ধ দিনলৈকে তাক ৰাখিবা; তাৰ পাছত সমবেত ইস্ৰায়েলী সকলো লোকে গধূলি পৰত তাক বধ কৰিবা।
তুমি দীপাধাৰ আৰু ইয়াৰ সাতটা প্ৰদীপ সাজিবা। প্রদীপৰ পৰা পোহৰ ওলাবলৈ প্ৰদীপবোৰ দীপাধাৰত লগাবা।
সাক্ষাৎ কৰা তম্বুৰ ভিতৰত সাক্ষ্য-ফলিৰ নিয়ম চন্দুকৰ আগত থকা পৰ্দাৰ বাহিৰত যিহোৱাৰ আগত গধূলিৰ পৰা ৰাতিপুৱালৈকে প্রদীপ জ্বলি থাকিবৰ বাবে হাৰোণ আৰু তেওঁৰ পুত্ৰসকলে তত্বাৱধান ল’ব লাগিব। এয়ে ইস্ৰায়েলী লোকসকলে পুৰুষানুক্ৰমে পালন কৰিব লগীয়া চিৰস্থায়ী বিধি।
হাৰোণে প্রতি ৰাতিপুৱা সুগন্ধি ধূপ জ্বলাব। প্ৰতি ৰাতিপুৱা প্ৰদীপ পৰিষ্কাৰ কৰা সময়ত তেওঁ সেই ধূপ জ্বলাব।
তোমালোকে তাৰ ওপৰত সাধাৰণ ধূপ, বা হোম বলি, বা ভক্ষ্য নৈবেদ্য উৎসৰ্গ নকৰিবা, আৰু তাৰ ওপৰত পেয় নৈবেদ্যও নাঢালিবা।
দণ্ডাজ্ঞা দিওঁতা নো কোন? যি জন মৰিল, এনে কি, মৃত লোকৰ মাজৰ পৰা তোলাও হ’ল, সেই জন খ্ৰীষ্ট যীচু; তেওঁ ঈশ্বৰৰ সোঁফালে থাকি, আমাৰ কাৰণে নিবেদনো কৰি আছে।
নিৰন্তৰে প্ৰাৰ্থনাকৰি থাকক।
সেয়েহে যি সকলে যীচুৰ মাধ্যমেদি ঈশ্বৰৰ কাষ চাপে, তেওঁলোকক যীচুৱে সম্পূর্ণকৈ উদ্ধাৰ কৰিব পাৰে; কাৰণ তেওঁলোকৰ বাবে ঈশ্বৰৰ ওচৰত নিবেদন কৰিবলৈ যীচু সদায় জীয়াই আছে।
কিয়নো প্ৰকৃতিৰ প্ৰতিৰূপ মাত্ৰ যি হাতে কৰা পবিত্ৰ স্থান, সেয়া সত্যৰ নকলহে মাত্র। খ্ৰীষ্ট সেই ঠাইত নোসোমাল; কিন্তু সম্প্ৰতি আমাৰ কাৰণে তেওঁ ঈশ্বৰৰ সাক্ষাতে উপস্থিত হ’বলৈ স্বৰ্গতহে সোমাল।
তাৰ উপৰিও মোৰ পুৰোহিত হ’বলৈ, মোৰ যজ্ঞ বেদীৰ প্ৰস্থান কৰিবলৈ, ধূপ জ্বলাবলৈ আৰু মোৰ সাক্ষাতে এফোদ বস্ত্ৰ পিন্ধিবলৈ, ইস্ৰায়েলৰ আটাই ফৈদৰ পৰা মই তেওঁক মনোনীত কৰা নাই নে? আৰু ইস্ৰায়েলৰ সন্তান সকলৰ অগ্নিকৃত উপহাৰ তোমাৰ পিতৃবংশক দিয়া নাই নে?