Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




2 বংশা 26:18 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

18 তেওঁলোকে উজ্জিয়া ৰজাৰ সম্মুখত থিয় হৈ তেওঁক ক’লে, “হে উজ্জিয়া, যিহোৱাৰ উদ্দেশ্যে ধূপ জ্বলাবলৈ আপোনাৰ অধিকাৰ নাই; কিন্তু ধূপ জ্বলাবৰ বাবে পবিত্ৰীকৃত হোৱা হাৰোণৰ সন্তান যি পুৰোহিতসকল, তেওঁলোকৰহে অধিকাৰ আছে। আপুনি পবিত্ৰ স্থানৰ পৰা বাহিৰ হওঁক, কিয়নো আপুনি সত্যলঙ্ঘন কৰিলে৷ ইয়াতে ঈশ্বৰ যিহোৱাৰ পৰা আপুনি সন্মান নাপাব।”

অধ্যায়টো চাওক কপি কৰক




2 বংশা 26:18
22 পৰস্পৰ সংযোগসমূহ  

তেতিয়া হনানীৰ পুত্ৰ যেহূ দৰ্শকে তেওঁৰ লগত সাক্ষাত কৰিবলৈ গ’ল আৰু ৰজা যিহোচাফটক ক’লে, “দুৰ্জনক সহায় কৰা আৰু যিহোৱাক ঘিণ কৰোঁতা সকলক প্ৰেম কৰা জানো তোমাৰ উচিত? এই কাৰণে তোমাৰ ওপৰত যিহোৱাৰ ক্ৰোধ আহিছে।


তোমালোক ওপৰ পিতৃসকলৰ আৰু ভাইসকলৰ নিচিনা নহ’বা; তেওঁলোকে তেওঁলোকৰ ওপৰ পিতৃসকলৰ ঈশ্বৰ যিহোৱাৰ বিৰুদ্ধে অপৰাধ কৰিলে আৰু তেওঁ তেওঁলোকক বিনষ্ট হ’বলৈ এৰি দিলে; ইয়াক তোমালোকে দেখিছা।


পুৰোহিত হৈ মোৰ পৰিচৰ্যা কৰিবলৈ, ইস্ৰায়েলী লোকসকলৰ মাজৰ পৰা তোমাৰ ককায়েক হাৰোণক আৰু তেওঁৰ লগত তেওঁৰ পুত্ৰ নাদব, অবীহূ, ইলিয়াজৰ, আৰু ঈথামৰক তুমি নিজে মাতি আনিবা।


তুমি ৰজা আৰু ৰাজমাক কোৱা, “নিজকে নম্র কৰা আৰু তোমালোক চাপৰত বহা, কিয়নো তোমালোকৰ শিৰোভুষণ, এনে কি, সুন্দৰ মুকুট খহি পৰিল।


এতিয়া মই নবূখদনেচৰে স্বৰ্গৰ ৰজাৰ প্ৰশংসা, গুণ কীৰ্ত্তন আৰু তেওঁক সমাদৰ কৰিছোঁ; কাৰণ তেওঁৰ সকলো কাৰ্য সত্য, আৰু তেওঁৰ পথবোৰ ন্যায়। যি সকলে নিজৰ অহংকাৰত চলে, তেওঁ তেওঁলোকক নম্র কৰিব পাৰে।


এই হেতুকে তুমি আৰু তোমাৰে সৈতে তোমাৰ পুত্ৰসকলে যজ্ঞবেদী সম্বন্ধীয় সকলো বিষয়ত আৰু প্ৰভেদক বস্ত্ৰৰ ভিতৰৰ সকলো বিষয়ত নিজ নিজ পুৰোহিত পদৰ কৰিবলগীয়া কাৰ্য কৰিবা, তোমালোকে নিজেই সেৱাকৰ্ম সকলো কাম সমাধা কৰিবা, মই দান স্বৰূপেই পুৰোহিত পদৰ কাৰ্য তোমালোকক দিলোঁ। কিন্তু আন বংশৰ যি কোনো লোক ওচৰ চাপিলে, তেওঁৰ প্ৰাণদণ্ড হ’ব।”


তুমি হাৰোণক আৰু তেওঁৰ পুত্ৰসকলক পুৰোহিত ৰূপে নিযুক্ত কৰিবা, কিন্তু আন বংশৰ যিকোনো লোক ওচৰলৈ আহিলে তেওঁৰ প্ৰাণদণ্ড হ’ব।”


মোৰ কাৰণেই তোমালোকক ৰাজ্যপাল আৰু ৰজা সকলৰ সন্মুখলৈ লৈ যোৱা হ’বা, যাতে তোমালোকে তাত তেওঁলোকৰ আৰু অনা-ইহুদী সকলৰ ওচৰত সাক্ষ্য দিব পাৰা।


যি সকলে কেৱল শৰীৰকহে বধ কৰে, কিন্তু আত্মাক বধ কৰিব নোৱাৰে, তেওঁলোকলৈ ভয় নকৰিবা; কিন্তু যি জনে আত্মা আৰু শৰীৰ, এই দুয়োকো নৰকত নষ্ট কৰিব পাৰে, তেওঁকেহে ভয় কৰিবা।


কাৰণ যোহনে হেৰোদক কৈছিল, “হেৰোদিয়াক আপুনি ভার্যা হিচাপে ৰখা বিধান সন্মত নহয়।”


আপোনালোকে এজনে আন জনৰ পৰা প্রশংসা গ্ৰহন কৰিবলৈ আশা কৰে, কিন্তু যি প্রশংসা একমাত্র ঈশ্বৰৰ পৰা পোৱা যায়, তালৈ আশা নকৰে। সেয়ে আপোনালোকে কেনেকৈ বিশ্বাস কৰিব পাৰিব?


তেনেকুৱা মানুহক মাংসৰ বিনাশৰ অৰ্থে চয়তানৰ হাতত শোধাই দিয়া উচিত, যাতে প্ৰভু যীচুৰ দিনা তেওঁৰ আত্মাই পৰিত্ৰাণ পায়।


এই কাৰণে এতিয়াৰে পৰা কোনো এজনকে আমি মাংস অনুসাৰে নাজানিম; একেদৰে খ্ৰীষ্টক আগেয়ে মাংস অনুসাৰে জানিলেও, এতিয়াৰ পৰা নাজানিম।


কৈফা যেতিয়া আন্তিয়খিয়ালৈ আহিল, তেতিয়া মই তেওঁৰ সন্মুখতে তেওঁৰ সাৱধান কৰিলোঁ; কাৰণ তেওঁ দোষ কৰিছিল।


মহা-পুৰোহিত হোৱা সন্মানৰ বিষয় আৰু কোনেও এই সন্মান নিজে লব নোৱাৰে। কিন্তু ঈশ্বৰে যি জনক আমন্ত্রণ কৰে তেৱেঁই সেই সন্মান পায়, যি দৰে হাৰোণক এই কার্যত আমন্ত্রণ কৰা হৈছিল।


হে মোৰ ভাইসকল, আমাৰ মহিমাময় প্ৰভু যীচু খ্ৰীষ্টৰ সম্বন্ধীয় বিশ্বাস, পক্ষপাতেৰে ধাৰণ নকৰিব।


পাছত তেওঁলোকে গিলিয়দ দেশত ৰূবেণ ও গাদৰ লোকসকল আৰু মনচিৰ আধা ফৈদৰ ওচৰলৈ গ’ল আৰু তেওঁলোকক এই কথা ক’লে:


সেই কাৰণে ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই কৈছে, ‘তোমাৰ বংশই আৰু তোমাৰ পিতৃৰ বংশই মোৰ সাক্ষাতে সদায় থাকিব’; কিন্তু এতিয়া যিহোৱাই কৈছে, সেয়ে মোৰ পৰা দূৰ হওঁক; কিয়নো মোক মৰ্যদা কৰোঁতা সকলক মই মৰ্যদা কৰিম, কিন্তু মোক তুচ্ছ কৰোঁতা সকলক হেয়জ্ঞান কৰা হ’ব।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন