প্রতিজন লোকে গণনা কৰা সময়ত আধা চেকল ৰূপ দিব লাগিব। তেওঁ পবিত্ৰ-স্থানৰ চেকল অনুসাৰে আধা চেকল দিব। আধা চেকলত বিশ গেৰা হয়; সেই আধা চেকল যিহোৱাৰ উদ্দেশ্যে দিবলগা উপহাৰ।
যাত্ৰা 30:14 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 বিশ বছৰ আৰু তাতকৈ অধিক বয়সৰ লোক প্রতিজনে গণনা কৰা সময়ত, যিহোৱালৈ উপহাৰ দিব লাগিব। |
প্রতিজন লোকে গণনা কৰা সময়ত আধা চেকল ৰূপ দিব লাগিব। তেওঁ পবিত্ৰ-স্থানৰ চেকল অনুসাৰে আধা চেকল দিব। আধা চেকলত বিশ গেৰা হয়; সেই আধা চেকল যিহোৱাৰ উদ্দেশ্যে দিবলগা উপহাৰ।
তোমালোকে প্ৰাণৰ অৰ্থে প্ৰায়শ্চিত্ত কৰিবলৈ যিহোৱাৰ সেই উপহাৰ দিয়াৰ সময়ত, ধনী লোকসকলে আধা চেকলতকৈ অধিক নিদিব, আৰু দুখীয়া লোকসকলে তাতকৈ কম নিদিব।
আৰু তেওঁলোকৰ সৈতে দ্বিতীয় মাহৰ প্ৰথম দিনাই গোটেই মণ্ডলীক গোটালে। তেতিয়া মণ্ডলীৰ লোকসকলে নিজ নিজ গোষ্ঠী অনুসাৰে আৰু পিতৃ-বংশমতে বিশ বছৰ আৰু তাতকৈ অধিক বয়সীয়া লোকসকলৰ নাম আৰু তেওঁলোকৰ সংখ্যা অনুসাৰে সকলোৰে বংশাৱলী নামাকৰণ কৰিলে।
ইস্ৰায়েলৰ প্ৰথমে জন্মা ৰূবেণ গোষ্ঠীৰ পৰা সকলো লোকক গণনা কৰা হ’ল, আৰু পূৰ্বপুৰুষ আৰু পৰিয়ালৰ নথি অনুসাৰে প্ৰতিজন বিশ বছৰ বা তাতকৈ অধিক বয়সীয়া যুদ্ধলৈ যাব পৰা লোক।
বিশ বছৰ আৰু তাতকৈ অধিক বয়সীয়া যিমান পুৰুষ ইস্ৰায়েলৰ মাজত যুদ্ধলৈ যাব পৰা অৱস্থাত আছে, তেওঁলোকৰ সৈন্যদল অনুসাৰে তুমি আৰু হাৰোণে তেওঁলোকক গণনা কৰা।
তোমালোকৰ সম্পূৰ্ণ সংখ্যা অনুসাৰে গণিত হোৱা বিশ বছৰ আৰু তাতকৈয়ো অধিক বয়সীয়া তোমালোকৰ যি সকলো লোকে মোৰ অহিতে বকিছিল, তোমালোকৰ সেই সকলোৰ শৱ এই মৰুভূমিত পতিত হ’ব।
“তোমালোকে ইস্ৰায়েলৰ সন্তান সকলৰ গোটেই মণ্ডলীৰ মাজত নিজ নিজ পিতৃ-বংশ অনুসাৰে, ইস্ৰায়েলৰ কাৰণে ৰণলৈ যাব পৰা অৱস্থাত থকা বিশ বছৰ বয়সীয়া আৰু তাতকৈ অধিক বয়সীয়া যিমান লোক আছে, তেওঁলোকক গণনা কৰা।”
‘মই অব্ৰাহাম, ইচহাক আৰু যাকোবক যি দেশ দিম বুলি শপত কৰিছিলোঁ, মিচৰৰ পৰা অহা লোকসকলৰ মাজত বিশ বছৰ আৰু তাতোতকৈ অধিক বয়সীয়া কোনো এজন লোকেও সেই দেশ দেখিবলৈ নাপাব, কিয়নো তেওঁবিলাকে মোৰ পথত সম্পূৰ্ণৰূপে নচলিলে;