20 ইস্ৰায়েলৰ প্ৰথমে জন্মা ৰূবেণ গোষ্ঠীৰ পৰা সকলো লোকক গণনা কৰা হ’ল, আৰু পূৰ্বপুৰুষ আৰু পৰিয়ালৰ নথি অনুসাৰে প্ৰতিজন বিশ বছৰ বা তাতকৈ অধিক বয়সীয়া যুদ্ধলৈ যাব পৰা লোক।
লেয়া গৰ্ভৱতী হৈ এটি পুত্ৰ সন্তানৰ জন্ম দিলে আৰু তাৰ নাম থলে ৰূবেণ [পুত্ৰক চোৱা]; কিয়নো তেওঁ ক’লে, “যিহোৱাই মোৰ দুখ দেখিলে, সেয়ে এতিয়া মোৰ স্বামীয়ে মোক প্ৰেম কৰিব।”
লেয়াৰ গর্ভত যাকোবৰ জেষ্ঠ্য পুত্ৰ ৰূবেণৰ জন্ম হৈছিল। তাৰ পাছত চিমিয়োন, লেবী, যিহূদা, ইচাখৰ আৰু জবূলূনৰ জন্ম হৈছিল।
ৰূবেণৰ পুত্র হনোক, পল্লু, হিষ্রোণ, আৰু কৰ্ম্মী।
ৰূবেণ ইস্ৰায়েলৰ প্রথম সন্তান আছিল, তেওঁ আছিল ইস্রায়েলৰ প্রথম পুত্র; কিন্তু তেওঁৰ পিতৃৰ শয্যা কলুষিত কৰা বাবে তেওঁ নিজৰ জেষ্ঠাধিকাৰ হেৰুৱাইছিল, আৰু ইস্ৰায়েলৰ পুত্ৰ যোচেফৰ সন্তানক সেই অধিকাৰ দিয়া হৈছিল। সেয়ে বংশাৱলীত তেওঁৰ নাম জেষ্ঠৰ শ্ৰেণীত লিখা নহ’ল।
ৰূবেণ ফৈদৰ পৰা গণনা কৰা সেই লোকসকলৰ সংখ্যা ছয়চল্লিশ হাজাৰ পাঁচশ জন আছিল।