যাত্ৰা 28:15 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তুমি সিদ্ধান্ত ল’বলৈ এটা বুকুপটা তৈয়াৰ কৰিবা। সেয়ে নিপুণ শিল্পকাৰৰ কাৰ্য হ’ব; এফোদ বস্ত্ৰৰ দৰে তাক প্রস্তুত কৰিবা। নীলা, বেঙুনীয়া, আৰু ৰঙা বৰণীয়া সূতা ও পকোৱা মিহি শণ সূতাৰ লগত সোণেৰে তৈয়াৰ কৰিবা। |
তুমি দহখন পৰ্দাৰে আবাস যুগুত কৰিবা; সেই পৰ্দাৰ কাপোৰ কেইখন পকোৱা মিহি শণ সূতা, আৰু নীলা, বেঙুনীয়া, আৰু ৰঙা বৰণীয়া সূতাৰে নিপুণ শিল্পকাৰৰ দ্বাৰাই কৰূবৰ নক্সাৰে তৈয়াৰ কৰিবা।
তম্বুৰ প্রবেশ দুৱাৰৰ বাবে নীলা, বেঙুনীয়া, আৰু ৰঙা বৰণীয়া সূতা আৰু পকোৱা মিহি শণ সূতাৰে ফুল বছা এখন পৰ্দা যুগুত কৰিবা।
তুমি বুকুপতাৰ চাৰিওদিশ সমানে দুতৰপীয়াকৈ ভাজ কৰিবা। সেয়ে দীঘলে এবেগেত আৰু পথালিয়েও এবেগেত হ’ব।
সেই সিদ্ধান্ত লোৱা বুকুপটাত ঊৰীম আৰু তুম্মীম লগাবা। হাৰোণে যি সময়ত যিহোৱাৰ আগলৈ যাব, সেই সময়ত হাৰোণৰ বুকুৰ ওপৰত সেইবোৰ থাকিব। যিহোৱাৰ আগত হাৰোণে ইস্ৰায়েলীসকলৰ বাবে সিদ্ধান্ত ল’বলৈ সেইবোৰ সদায় নিজৰ বুকুত কঢ়িয়াব।
তেওঁলোকে তৈয়াৰ কৰিব লগীয়া বস্ত্ৰ এইবোৰ: এটা বুকুপটা, এফোদ, চোলা, হাতে বোৱা কোট চোলা, পাগুৰি, আৰু টঙালি। তেওঁলোকে এইসকলো বস্ত্র তৈয়াৰ কৰি পবিত্ৰ কৰিব; আৰু মোৰ উদ্দেশ্যে সংৰক্ষিত কৰি ৰাখিব। পুৰোহিত হৈ মোৰ পৰিচৰ্যা কৰিবলৈ, তোমাৰ ককায়েক হাৰোণ আৰু তেওঁৰ পুত্ৰসকলৰ কাৰণে এই সকলো বস্ত্ৰ হ’ব।
তেওঁলোকে সোণালী আৰু নীলা, বেঙুনীয়া, আৰু ৰঙা বৰণীয়া ঊল, আৰু মিহি পকোৱা শণ সূতাৰে সেই এফোদ বস্ত্ৰ তৈয়াৰ কৰিব। সেয়ে নিপুণ শিল্পকাৰৰ কাৰ্য হ’ব।
তুমি সেই বস্ত্রবোৰ, হাৰোণৰ কোট চোলা, এফোদ বস্ত্র, এফোদ আৰু বুকুপটা, আৰু এফোদৰ নিপুণৰূপে বোৱা টঙালি ল’বা আৰু তেওঁক পিন্ধাবা।