Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




যাত্ৰা 28:14 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

14 দুটা পকোৱা ৰচিৰ দৰে দুডাল শুদ্ধ সোণৰ শিকলি তৈয়াৰ কৰি, বাখৰ লগোৱা সোণত লগাই দিবা।

অধ্যায়টো চাওক কপি কৰক




যাত্ৰা 28:14
9 পৰস্পৰ সংযোগসমূহ  

স্তম্ভৰ চূড়াত লগোৱা সেই ৰাজস্তম্ভৰ বাবে জালৰ দৰে আৰু শিকলিৰ দৰে পকোৱা মালা গঁথা হৈছিল, আৰু এনে মালা সাতো ডালেৰে প্ৰতিটো ৰাজস্তম্ভ সজোৱা হৈছিল।


এটা স্তম্ভৰ উচ্চতা আছিল ওঠৰ হাত; তাৰ শীর্ষ মূৰটোত পিতলেৰে নির্মিত এটা গম্বুজ আছিল। সেই শীর্ষভাগৰ চৌদিশ পিতলৰ জালি আৰু ডালিমৰ কাৰুকার্যৰে সজোৱা আছিল আৰু তাৰ উচ্চতা তিনি হাত আছিল। আনটো স্তম্ভও প্রথমটোৰ দৰে জালিৰ কাৰুকার্যৰে একে অাছিল।


পাথৰৰ খনিকৰে মোহৰত খোদিত কৰাৰ দৰেই সেই দুটা বাখৰৰ ওপৰতো ইস্ৰায়েলৰ পুত্ৰসকলৰ নাম ক্ষোদিত কৰাবা। তুমি সেই বাখৰ দুটা সোণত খটোৱাব লাগিব।


তুমি নিশ্চয়কৈ সেই বাখৰ দুটা লগাবলৈ সোণ ব্যৱহাৰ কৰিবা।


তুমি সিদ্ধান্ত ল’বলৈ এটা বুকুপটা তৈয়াৰ কৰিবা। সেয়ে নিপুণ শিল্পকাৰৰ কাৰ্য হ’ব; এফোদ বস্ত্ৰৰ দৰে তাক প্রস্তুত কৰিবা। নীলা, বেঙুনীয়া, আৰু ৰঙা বৰণীয়া সূতা ও পকোৱা মিহি শণ সূতাৰ লগত সোণেৰে তৈয়াৰ কৰিবা।


তেওঁলোকে ৰছীৰ দৰে পকোৱা মালাৰ নিচিনা দুডাল শুদ্ধ সোণৰ শিকলি তৈয়াৰ কৰি, বুকুপটাত লগাই দিলে।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন