মোৰ পাছে পাছে যিসকলে খেদি আহিছে, তুমি বৰছা আৰু যাঁঠি লৈ তেওঁলোকৰ পথ ৰুদ্ধ কৰা; তুমি মোৰ প্রাণক কোৱা, “ময়েই তোমাৰ পৰিত্ৰাণ।”
যাত্ৰা 17:12 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 এইদৰে হাত দাঙি মোচিৰ হাত ভাগৰি পৰিল, তেতিয়া হাৰোণ আৰু হূৰে এচটা শিল আনি, তেওঁ বহিবৰ কাৰণে তেওঁৰ তলত হ’ল। সেই একে সময়তে হাৰোণ আৰু হূৰে, এজনে এফালে, আৰু আনজনে আন ফালে তেওঁৰ হাত দুখন ধৰি দাঙি ৰাখিলে। সেয়ে বেলি মাৰ নোযোৱালৈকে মোচিৰ হাত থিৰে থাকিল। |
মোৰ পাছে পাছে যিসকলে খেদি আহিছে, তুমি বৰছা আৰু যাঁঠি লৈ তেওঁলোকৰ পথ ৰুদ্ধ কৰা; তুমি মোৰ প্রাণক কোৱা, “ময়েই তোমাৰ পৰিত্ৰাণ।”
মোচিয়ে যেতিয়া হাত ওপৰলৈ দাঙি ৰাখিছিল, তেতিয়া ইস্ৰায়েলৰ জয় হৈছিল; কিন্তু যেতিয়াই হাত তললৈ নমাইছিল, তেতিয়াই অমালেক জয়ী হ’বলৈ ধৰে।
মোচিয়ে পৰিচাৰক সকলক ক’লে, “আমি আপোনালোকৰ ওচৰলৈ উভটি নহালৈকে, আপোনালোক ইয়াতে থাকক। হাৰোণ আৰু হূৰ আপোনালোকৰ লগত আছে। কোনো জনৰ যদি কিবা বিবাদ থাকে, তেওঁক তেওঁলোকৰ ওচৰলৈ যাব দিব।”
ইয়াতে আপোনালোকেও প্ৰাৰ্থনা কৰাৰ যোগেদি আমাৰ অৰ্থে সহকাৰী হৈ আছে। অনেকৰ দ্বাৰাই যি অনুগ্ৰহৰ বৰ আমাক দিয়া হ’ল, তাৰ কাৰণে, অনেকৰ দ্বাৰাই আমাৰ অৰ্থে ঈশ্বৰৰ ধন্যবাদ কৰা হয়।
সকলো প্ৰাৰ্থনা আৰু নিবেদনেৰে সকলো সময়তে আত্মাত প্ৰাৰ্থনা কৰক; আৰু ইয়াৰ কাৰণে পৰ দি, ঈশ্বৰৰ সকলো পবিত্ৰ লোকৰ কাৰণে সম্পূৰ্ণ ধৈৰ্য আৰু নিবেদনত লাগি থাকক।
কিয়নো মই জানো যে, আপোনালোকৰ প্ৰাৰ্থনা আৰু যীচু খ্ৰীষ্টৰ আত্মাৰ উপকাৰৰ যোগেদি মোৰ পৰিত্রাণৰ অৰ্থে, সেয়ে মোলৈ ঘটিব৷
কিন্তু বিশ্বাসেৰে নিঃসংশয় হৈ যাচনা কৰক; কিয়নো যি জনে সংশয় কৰে, তেওঁ বতাহে বলোৱা আৰু ওপৰলৈ উধুৱা সাগৰৰ ঢৌৰ নিচিনা হয়।
কিয়নো অয় নিবাসী লোকসকলক নিঃশেষে বিনষ্ট নকৰালৈকে যিহোচূৱাই নিজৰ যাঠী দঙা হাত নোকোচালে।