এই দিন সোঁৱৰণীয় দিন হ’ব; আৰু তোমালোকে এই দিন যিহোৱাৰ বাবে উৎসৱৰ দিন বুলি নিশ্চয়কৈ পালন কৰিবা। এই দিন পালন কৰাটো তোমালোকৰ বাবে এটা বিধান হ’ব, পুৰুষানুক্ৰমে চিৰস্থায়ী বিধিমতে এই দিন তোমালোকে পালন কৰিব লাগিব।
যাত্ৰা 12:17 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 এইদৰে তোমালোকে খমীৰ নিদিয়া পিঠাৰ পৰ্ব্ব পালন কৰিবা; কিয়নো সেই দিনাই মই তোমালোকৰ লোক সকলক, সৈন্যৰ দলক মিচৰ দেশৰ পৰা বাহিৰ কৰি অনিছিলো। এতেকে তোমালোকে পুৰুষানুক্ৰমে চিৰস্থায়ী বিধিমতে সেই দিন পালন কৰিবা। |
এই দিন সোঁৱৰণীয় দিন হ’ব; আৰু তোমালোকে এই দিন যিহোৱাৰ বাবে উৎসৱৰ দিন বুলি নিশ্চয়কৈ পালন কৰিবা। এই দিন পালন কৰাটো তোমালোকৰ বাবে এটা বিধান হ’ব, পুৰুষানুক্ৰমে চিৰস্থায়ী বিধিমতে এই দিন তোমালোকে পালন কৰিব লাগিব।
তোমালোকে আৰু তোমালোকৰ সন্তান সকলেও চিৰকাললৈকে পালন কৰিবলগীয়া বিধি বুলি, এই ৰীতি পালন কৰি থাকিব।
তোমালোকে এই মাহৰ চৌদ্ধ দিনলৈকে তাক ৰাখিবা; তাৰ পাছত সমবেত ইস্ৰায়েলী সকলো লোকে গধূলি পৰত তাক বধ কৰিবা।
মোচিয়ে লোকসকলক ক’লে, “তোমালোকে বন্দী-ঘৰস্বৰূপ মিচৰৰ পৰা ওলাই অহা এই দিন সোঁৱৰণ কৰিবা; কাৰণ যিহোৱাই তেওঁৰ বাহু-বলেৰে আপোনালোকক সেই ঠাইৰ পৰা উলিয়াই আনিলে। খমীৰ দিয়া পিঠা আৰু ভোজন কৰা নহব।
সেই দিনা তোমালোকে আপোনালোকৰ সন্তান সকলক ক’বা, ‘যেতিয়া মিচৰৰ পৰা আমি ওলাই আহিলোঁ, তেতিয়া যিহোৱাই আমাৰ বাবে যি কৰিছিল, সেই কাৰ্যৰ কাৰণে এইদৰে কৰা হৈছে।’
তোমালোকে খমীৰ নিদিয়া পিঠাৰ পৰ্ব্ব পালন কৰিবা। মই তোমালোকক আজ্ঞা দিয়াৰ দৰে আবীব মাহৰ নিৰূপিত কালত সাত দিন ধৰি খমীৰ নিদিয়া পিঠা খাবা। কিয়নো সেই আবীব মাহতে তুমি মিচৰ দেশৰ পৰা ওলাই আহিলা।
এই দুজন পুৰুষ হাৰোণ আৰু মোচিক যিহোৱাই কৈছিল, “তোমালোকে ইস্ৰায়েলৰ লোকসকলক তেওঁলোকৰ যুদ্ধাৰু দলৰ সৈতে মিচৰ দেশৰ পৰা উলিয়াই আনাগৈ।”
মই মিচৰৰ ওপৰত মোৰ পৰাক্রমী হাত দিম, আৰু মিচৰ দেশৰ পৰা ইস্ৰায়েলী লোকসকলক উলিয়াই আনিম, তেতিয়া ময়েই যে যিহোৱা, সেই বিষয়ে মিচৰীয়া সকলে জানিব পাৰিব।”
তেতিয়া আমি যিহোৱাৰ আগত কাতৰোক্তি কৰোঁতে, তেওঁ আমাৰ বাক্যলৈ কাণ দিলে, তেওঁ দূত পঠাই মিচৰৰ পৰা আমাক উলিয়াই আনিলে। আৰু এতিয়া চোৱা, আমি তোমাৰ দেশৰ সীমাত থকা কাদেচ নগৰত আছোঁ।
মিচৰ দেশৰ পৰা ওলাই অহাৰ দিন ধৰি জীয়াই থাকে মানে সোঁৱৰণ কৰিবৰ কাৰণে, আপোনালোকে তাৰে সৈতে খমিৰ দিয়া পিঠা নাখাব। সাত দিন তাৰে সৈতে, খমীৰ নিদিয়া পিঠা ভোজন কৰিব; কিয়নো আপোনালোকে লৰালৰিকৈ মিচৰ দেশৰ পৰা ওলাই আহিছিল।