5 মই মিচৰৰ ওপৰত মোৰ পৰাক্রমী হাত দিম, আৰু মিচৰ দেশৰ পৰা ইস্ৰায়েলী লোকসকলক উলিয়াই আনিম, তেতিয়া ময়েই যে যিহোৱা, সেই বিষয়ে মিচৰীয়া সকলে জানিব পাৰিব।”
যেতিয়া মই সঙ্কটৰ মাজেদি গমন কৰোঁ, তেতিয়া তুমি মোৰ প্রাণ ৰক্ষা কৰিবা; তুমি মোৰ শত্ৰুবোৰৰ ক্ৰোধৰ অহিতে তোমাৰ হাত মেলিবা আৰু তোমাৰ সোঁ হাতেৰে মোক উদ্ধাৰ কৰিবা।
ন্যায় বিচাৰ কৰি যিহোৱাই নিজৰ পৰিচয় দিলে; তেওঁ দুষ্টবোৰক তেওঁলোকৰ হাতে কৰা কামৰ ফান্দত পেলায়। (হিগায়োন, চেলা)।
মই এইদৰে কৰাৰ কাৰণ এয়াও হয় যে, মই মিচৰীয়া লোক সকলক কিদৰে কঠোৰ ব্যৱহাৰ কৰিলোঁ, আৰু তেওঁলোকৰ মাজত মোৰ শক্তিৰ চিন কিদৰে দেখুৱালোঁ এই সকলো কথা তুমি তোমাৰ সন্তান আৰু নাতি-নাতিনীয়েক সকলক যাতে ক’ব পাৰিবা। ইয়াৰ যোগেদি তোমালোকে জানিবা যে, মই যিহোৱা।”
তেতিয়া ফৰৌণৰ দাস সকলে ফৰৌণক ক’লে, “এই মানুহ জন আমালৈ কিমান দিনলৈকে ফান্দস্বৰূপ হৈ থাকিব? ইস্রায়েলী লোকসকল নিজৰ ঈশ্বৰ যিহোৱাৰ আৰাধনা কৰিবৰ অৰ্থে যাবলৈ এৰি দিয়ক। মিচৰ দেশখন যে ধ্বংস হ’ল, এতিয়ালৈকে সেই কথা আপুনি উপলব্ধি কৰা নাই নে?”
তেতিয়া ফৰৌণ, তেওঁৰ ৰথ, আৰু অশ্বাৰোহী সকলৰ দ্বাৰাই মই গৌৰৱান্বিত হ’লে, ময়েই যে যিহোৱা, এই কথা মিচৰীয়া সকলে জানিব।”
মই ফৰৌণৰ মন কঠিন কৰিম; আৰু তেওঁ তেওঁলোকৰ পাছে পাছে খেদি আহিব। মই ফৰৌণৰ আৰু তেওঁৰ সকলো সৈন্য সমূহৰ বাবে গৌৰৱান্বিত হ’ম। মিচৰীয়া সকলে জানিব যে, মই যিহোৱা।” সেয়ে ইস্রায়েলী লোক সকলে তেওঁলোকক নিৰ্দেশ দিয়াৰ দৰে তম্বু তৰিলে।
তাৰ পাছত যিহোৱাই ফৰৌণ আৰু মিচৰীয়া লোকসকললৈ, আৰু ইস্ৰায়েলীলোক সকলৰ বাবে যি যি কৰিছিল, বাটত তেওঁলোকলৈ যি সকলো ক্লেশ ঘটিছিল, আৰু যিহোৱাই তেওঁলোকক কেনেকৈ উদ্ধাৰ কৰিলে, সেই সকলো কথা মোচিয়ে তেওঁৰ শহুৰেকক ক’লে।
মই নিজ হাত মেলিম, আৰু মিচৰ দেশৰ মাজত সকলো আচৰিত কৰ্মেৰে মই তেওঁলোকক আঘাত কৰিম। তাৰ পাছতহে তেওঁ তোমালোকক যাবলৈ দিব।
তেতিয়া যিহোৱাই মোচিক ক’লে, “ফৌৰণলৈ মই কি কৰিম, এতিয়া তুমি দেখিবলৈ পাবা। তুমি দেখিবলৈ পাবা যে, মোৰ হাতৰ শক্তিৰ বাবেই ৰজাই লোক সকলক যাবলৈ দিব। মোৰ হাতৰ শক্তিৰ কাৰণেই ৰজা ফৰৌণে নিজই তেওঁলোকক দেশৰ পৰা খেদি পঠিয়াব।”
এই হেতুকে ইস্ৰায়েলী লোক সকলক কোৱা, ‘মই যিহোৱা; মই মিচৰীয়া সকলৰ বন্দীত্বৰ পৰা তোমালোকক উলিয়াই আনিম, আৰু মই তেওঁলোকৰ ক্ষমতাৰ পৰা তোমালোকক মুক্ত কৰিম। মই মোৰ শক্তি প্রদর্শন কৰিম; আৰু ন্যায় বিচাৰৰ মহা-কৰ্মেৰে তোমালোকক উদ্ধাৰ কৰিম।
যিহোৱাই এইদৰে কৈছে, “মই যে যিহোৱা, তাক তুমি ইয়াৰ দ্বাৰাই জানিবা।” মই নিজৰ হাতত থকা লাখুটিৰে নীল নদীৰ পানীত প্ৰহাৰ কৰিম, তাতে নদীৰ পানী তেজলৈ পৰিণত হ’ব।
তেতিয়া ফৰৌণে তেওঁক ক’লে, “কাইলৈ।” মোচিয়ে তেওঁৰ কথা শুনি ক’লে, “আমাৰ ঈশ্বৰ যিহোৱাৰ তুল্য কোনো নাই, ইয়াক যেন আপুনি জানিব পাৰে, সেই বাবে আপুনি কোৱাৰ দৰেই হওক।
তেতিয়া শাস্ত্ৰজ্ঞসকলে ফৰৌণক ক’লে, “এই কৰ্ম, ঈশ্বৰৰ আঙুলিৰ দ্বাৰাই কৰা কৰ্ম।” কিন্তু যিহোৱাই কোৱাৰ দৰে, ফৰৌণৰ মন পুনৰ কঠিন হ’ল, সেয়ে তেওঁ তেওঁলোকৰ কথা শুনিবলৈ অমান্তি হ’ল।
কিন্তু সেই দিনা গোচন দেশত বাস কৰা মোৰ লোকসকলৰ বাবে মই বেলেগ ব্যৱস্থা কৰিম। সেয়ে গোচন দেশত কোনো ডাঁহৰ জাক নহ’ব। পৃথিৱীৰ মাজত ময়েই যে যিহোৱা, এই কথা জানিবৰ বাবে এই সকলো ঘটিব।
আৰু কোপযুক্ত নানা ধমকি দি মই তেওঁলোকৰ ওপৰত মহা প্ৰতিকাৰ সাধিম; আৰু মই তেওঁলোকৰ ওপৰত প্ৰতিকাৰ সাধিলে, মই যে যিহোৱা, ইয়াক তেওঁলোকে জানিব!
আৰু কোৱা, প্ৰভু যিহোৱাই এই কথা কৈছে, হে চীদোন! মই তোমাৰ বিপক্ষ; মই তোমাৰ মাজত গৌৰৱান্বিত হ’ম, যেতিয়া মই তাক দণ্ড দিম আৰু তাৰ মাজত পবিত্ৰীকৃত হ’ম। তেতিয়া মই যে পবিত্র, সেয়ে তোমাত প্রকাশিত হ’ম!
“যেতিয়া মই মিচৰ দেশ ধ্বংসস্থান আৰু উচ্ছন্ন কৰিম, তাত উৎপন্ন হোৱা আটাই বস্তু তাত নাইকিয়া কৰিম; যেতিয়া মই তাৰ নিবাসী আটাইকে প্ৰহাৰ কৰিম, তেতিয়া, মই যে যিহোৱা, ইয়াকে তেওঁলোকে জানিব!
আৰু জাতিবোৰৰ মাজত তেওঁলোকে অপবিত্ৰ কৰা জাতিবোৰ মাজত অপবিত্ৰীকৃত হোৱা মোৰ মহৎ নাম মই পবিত্ৰ কৰিম; আৰু প্ৰভু যিহোৱাই কৈছে, যেতিয়া মই জাতিবোৰৰ সাক্ষাতে তোমালোকৰ মাজত পবিত্ৰীকৃত হ’ম, তেতিয়া মই যে যিহোৱা, ইয়াকে জাতিবোৰে জানিব।
ইস্ৰায়েল বংশই সেই দিনাৰ পৰা আগলৈ মই যে তেওঁলোকৰ ঈশ্বৰ যিহোৱা ইয়াক জানিব।
আৰু মই মোৰ পবিত্ৰ নাম মোৰ প্ৰজা ইস্ৰায়েলৰ মাজত জনাম আৰু মোৰ পবিত্ৰ নাম অপবিত্ৰীকৃত হ’বলৈ আৰু নিদিম; তেতিয়া, মই যে যিহোৱা, ইস্ৰায়েলৰ পবিত্ৰ জনা তাক জাতিবোৰে জানিব।