অনলাইন বাইবেল

বিজ্ঞাপন


গোটেই বাইবেলখন অ.টি. নতুন নিয়ম




যাকোব 4:13 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

শুনক, আপোনালোকে কয় যে, আজি বা কাইলৈ আমি অমুক নগৰলৈ গৈ, তাতে এবছৰ থাকি বেহা-বেপাৰ কৰি লাভ কৰিম;

অধ্যায়টো চাওক



যাকোব 4:13
11 পৰস্পৰ সংযোগসমূহ  

গতিকে, আহাঁ, আমি নামি গৈ তেওঁলোকৰ ভাষাত বিভ্রান্তিৰ সৃষ্টি কৰোঁ যাতে তেওঁলোকে এজনে আন জনৰ কথা বুজিব নোৱাৰে।”


কাইলৈৰ বিষয়ে অহংকাৰ নকৰিবা; কাৰণ দিনটোত কি হ’ব, সেই বিষয়ে তুমি নাজানা।


মই মোৰ হৃদয়ক ক’লোঁ, “আহাঁ, মই আমোদ-প্রমোদেৰে তোমাক পৰীক্ষা কৰি চাম; সেয়ে, এতিয়া সুখ উপভোগ কৰা।” কিন্তু দেখিলোঁ, ইও কেৱল এক অস্থায়ী বতাহৰ দৰে অসাৰ আছিল।


প্ৰজা যেনে পুৰোহিতো তেনে, দাস যেনে মালিকো তেনে, দাসী যেনে মালিকনীও তেনে, কিনা জন যেনে বিক্রী কৰা জনো তেনে, ধাৰ দিয়া জন যেনে ধাৰ লোৱা জনো তেনে, সূত লোৱা জন যেনে সূত দিয়া জনো তেনে হ’ব।


মই মোৰ দ্ৰাক্ষাবাৰীলৈ যি কৰিম এতিয়া তাক মই তোমালোকক জনাওঁ; মই জোপোহা গছৰ বেৰাবোৰ গুচাম, মই তাক চৰণীয়া পথাৰলৈ ৰূপান্তৰিত কৰিম, আৰু তাৰ দেৱালবোৰ ভাঙিম তাতে তাক গছকা হ’ব।


সেই সময় উপস্থিত হৈ আহি আছে; সেই দিন ওচৰ চাপিছে, কিনোতাই আনন্দ নকৰক, বা বেচোঁতাই বেজাৰ নকৰক; যিহেতু মোৰ ক্ৰোধ সকলো লোকৰ ওপৰত উপস্থিত হ’ব!


যি সকলে ক্রন্দন কৰিছে, তেওঁলোকে এনেভাৱে চলক যেন ক্রন্দন কৰা নাই; যি সকলে আনন্দ কৰিছে, তেওঁলোকে এনেভাৱে চলক যেন আনন্দ কৰা নাই; যি সকলে কোনো বস্তু ক্রয় কৰিছে, তেওঁলোকে এনেভাৱে চলক যেন তেওঁলোকৰ নিজৰ একো নাই।


এতেকে চাওক, হে ধনৱন্ত লোক, আপোনালোকৰ বাবে যি যি দূৰ্দশা আহিব ধৰিছে, তাৰ কাৰণে হাহাকাৰ কৰি ক্ৰন্দন কৰক।