অনলাইন বাইবেল

বিজ্ঞাপন


গোটেই বাইবেলখন অ.টি. নতুন নিয়ম




মীখ 1:6 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

মই পথাৰত চমৰিয়াক দ্ৰাক্ষাবাৰীত গছ ৰোৱা ঠাইৰ দৰে, ধ্বংস স্তূপ কৰিম। মই তেওঁৰ গৃহৰ শিলবোৰ উপত্যকালৈ বগৰাই পেলাম, মই তেওঁৰ ভিত্তিমূল অনাবৃত কৰিম।

অধ্যায়টো চাওক



মীখ 1:6
19 পৰস্পৰ সংযোগসমূহ  

যদি তেওঁ কোনো নগৰত আশ্ৰয় লয়, তেন্তে গোটেই ইস্ৰায়েলে সেই নগৰলৈ জৰী আনিব আৰু আমি সেই নগৰখন বান্ধি, জুৰিলৈকে তাক এনেধৰণে টানি লৈ যাম যে সেই ঠাইত এটি সৰু শিলো নাথাকিব৷”


তিনি বছৰ অৱৰোধ কৰি ৰখাৰ পাছত হিষ্কিয়াৰ ৰাজত্বৰ ছয় বছৰত আৰু ইস্ৰায়েলৰ ৰজা হোচেয়াৰ ৰাজত্বৰ নৱম বছৰত অচূৰে চমৰিয়া দখল কৰি ল’লে।


যিহূদাৰ ৰজা হিষ্কিয়াৰ ৰাজত্বৰ চতুৰ্থ বছৰত, অৰ্থাৎ এলাৰ পুত্ৰ ইস্রায়েলৰ ৰজা হোচেয়াৰ ৰাজত্বৰ সপ্তম বছৰত, অচূৰৰ ৰজা চল্মনেচৰে চমৰিয়াৰ বিৰুদ্ধে আহি নগৰখন অৱৰোধ কৰিলে।


‘তুমি জানো শুনা নাই যে অনেক আগেয়ে মই ইয়াক কেনেকৈ থিৰ কৰিলোঁ আৰু প্ৰাচীন কালতে মই তাৰ পৰিকল্পনা কৰিছিলোঁ? এতিয়া মই তাক সিদ্ধ কৰি আছোঁ। সেইবাবেইতো তুমি ইয়াত গড়েৰে আবৃত নগৰবোৰ উচ্ছন্ন কৰি ভগ্নাৱশেষ কৰিব পাৰিছা।


দম্মেচক বিষয়ক ভাৰবাক্য। চোৱা, দম্মেচক আৰু নগৰ হৈ নাথাকিব; ই ধ্বংসৰ স্তূপ হ’ব।


তোমালোকৰ ওখ দুৰ্গত থকা দেৱালবোৰ তেওঁ মাটিত পেলাব, এনে কি, ধূলিত পৰিণত কৰিব।


কিয়নো অাপুনি আমাৰ শত্রুবোৰক নগৰখনত স্তূপত পৰিণত কৰিলা, আৰু গড়েৰে আবৃত নগৰক ধ্বংস কৰিলে, বিদেশীসকলৰ নগৰৰ দুৰ্গ নোহোৱা হ’ল।


তুমি চমৰিয়াৰ পৰ্বতবোৰত পুনৰায় দ্ৰাক্ষাবাৰী পাতিবা; খেতিয়কসকলে তাক ৰুব, আৰু তাৰ ফল ভোগ কৰিব।


যিহোৱাই কৈছে, হে সমস্ত পৃথিৱী বিনষ্ট কৰোঁতা বিনাশক পৰ্ব্বত, মই তোমাৰ বিপক্ষ, মই তোমাৰ ওপৰলৈ মোৰ হাত মেলি শিলবোৰৰ পৰা তোমাক বগৰাম, আৰু তোমাক জ্বলি যোৱা পৰ্ব্বত কৰিম।


আৰু বাবিল ভগ্নৰাশি, শিয়ালৰ বাসস্থান, আচৰিত আৰু ইচ ইচৰ বিষয় আৰু নিবাসীশূণ্য হ’ব।


মই যিৰূচালেমক ভগ্নৰাশি, শিয়ালৰ বাসস্থান কৰিম। আৰু মই যিহূদাৰ নগৰবোৰ নিবাসী-শূন্য ধ্বংসস্থান কৰিম।


সুবৰ্ণ কেনে মলিন হল! অতি শুদ্ধ সোণ কেনে পৰিৱৰ্তন হ’ল। পবিত্ৰ পাথৰবোৰ প্ৰত্যেক আলিৰ মুৰত পেলোৱা হ’ল।


এইদৰে, তোমালোকে চূণেৰে লিপা দেৱাল মই ভাঙিম, আৰু ইয়াৰ ভিত্তিমূল ওলাই পৰাকৈ মই তাক মাটিৰে সমান কৰিম। গতিকে সেয়ে পৰিব আৰু তোমালোকে তাৰ মাজত বিনষ্ট হ’বা। তেতিয়া মই যে যিহোৱা, তাক তোমালোকে জানিবা!


চমৰিয়া দোষী হ’ব; কাৰণ তেওঁ ঈশ্বৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰিলে; তেওঁলোক তৰোৱালৰ দ্বাৰাই মৰিব, তেওঁলোকৰ শিশুসকলক আচাৰি ছিন্ন-ভিন্ন কৰা হ’ব, তেওঁলোকৰ গৰ্ভৱতী নাৰীসকলৰ উদৰ ফালি পেলোৱা হ’ব।


তোমালোকে দুখীয়াক অত্যাচাৰেৰে গছকি বলেৰে ঘেঁহু ধান আদায় কৰা। সেয়ে যদিও তোমালোকে কটা-শিলৰ ডাঙৰ ঘৰ তৈয়াৰ কৰিলা, তথাপিও তোমালোকে তাত বাস কৰিবলৈ নাপাবা; মনোহৰ দ্ৰাক্ষাবাৰী পাতিলেও, তাৰ দ্ৰাক্ষাৰস পান কৰিবলৈ নাপাবা।


বাহিনীসকলৰ ঈশ্বৰ প্ৰভু যিহোৱাই নিজৰ নামেৰে শপত খাই কৈছে: “মই যাকোবৰ অহংকাৰ আৰু তেওঁৰ দূর্গবোৰ ঘিণ কৰোঁ; সেই বাবে মই নগৰখন আৰু তাত থকা সকলোবোৰ আনৰ হাতত সমৰ্পণ কৰিম।”


এই হেতুকে তোমালোকৰ কাৰণে পথাৰ চহোৱাৰ দৰে চিয়োনক চহোৱা হ’ব, যিৰূচালেম ধ্বংসৰ স্তূপ হ’ব, আৰু মন্দিৰ থকা পাহাৰ জংঘলৰ দৰে হ’ব।


আপুনি আপোনাৰ লোকসকলৰ পৰিত্ৰাণৰ আৰু আপোনাৰ অভিষিক্ত জনৰ পৰিত্ৰাণৰ বাবে ওলাই গৈছে। আপুনি দুষ্টলোকৰ ঘৰৰ মূৰব্বীক গুড়ি কৰি ডিঙিৰ পৰা ভিত্তিমূললৈকে অনাবৃত কৰিলে। চেলা।


কিন্তু তেওঁ উত্তৰ দি তেওঁলোকক ক’লে, “তোমালোকে এই সকলোকে নেদেখিছা নে? মই তোমালোকক স্বৰূপকৈ কওঁ, যি শিল পেলোৱা নহব, ইয়াত এনে এটা শিলো আন এটা শিলৰ ওপৰত ৰখা নহ’ব।”