Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




যিহি 13:14 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

14 এইদৰে, তোমালোকে চূণেৰে লিপা দেৱাল মই ভাঙিম, আৰু ইয়াৰ ভিত্তিমূল ওলাই পৰাকৈ মই তাক মাটিৰে সমান কৰিম। গতিকে সেয়ে পৰিব আৰু তোমালোকে তাৰ মাজত বিনষ্ট হ’বা। তেতিয়া মই যে যিহোৱা, তাক তোমালোকে জানিবা!

অধ্যায়টো চাওক কপি কৰক




যিহি 13:14
18 পৰস্পৰ সংযোগসমূহ  

যদি ভিত্তিমূলবোৰ ধ্বংস কৰা হয়, তেন্তে ধাৰ্মিকসকলে কি কৰিব পাৰিব?


বধ কৰা আৰু সুস্থ কৰাৰ এক নির্দিষ্ট সময় আছে। ভাঙি পেলোৱাৰ যেনেকৈ সময় আছে, তেনেকৈ গঢ়িবৰো সময় আছে।


মই ন্যায় বিচাৰক পৰিমান-জৰী আৰু ধাৰ্মিকক ওলোম-জৰী কৰিম; তাতে শিলাবৃষ্টিয়ে সেই মিছা আশ্ৰয় ভাঙি পেলাব, সেই লুকুউৱা স্থানক বানপানীয়ে তললৈ লৈ যাব।


সেয়ে যাৰ পতন অকস্মাতে মুহূৰ্ত্ততে হ’ব, ভগ্ন অংশ আৰু ওখ দেৱালৰ স্ফিত অংশ পৰিবলৈ প্রস্তুত হোৱাৰ দৰে, এই পাপ তোমালোকলৈ হ’ব।”


এই হেতুকে “যি ভাববাদীবোৰক মই পঠোৱা নাই, তথাপি তৰোৱাল আৰু আকাল এই দেশত নহব বুলি কৈ তেওঁলোকে মোৰ নামেৰে ভাববাণী প্ৰচাৰ কৰে: সেই ভাববাদীসকলৰ বিষয়ে যিহোৱাই এই কথা কৈছে, তৰোৱাল আৰু আকালৰ দ্বাৰাই সেই ভাববাদীসকলক সংহাৰ কৰা যাব।


এই হেতুকে বাহিনীসকলৰ যিহোৱাই সেই ভাববাদীসকলৰ বিষয়ে এই কথা কৈছে, “চোৱা, মই তেওঁলোকক নাগদানা ভোজন কৰাম, আৰু বিহ গছৰ ৰস পান কৰাম, কিয়নো যিৰূচালেমৰ ভাববাদীসকলৰ পৰা অপৱিত্ৰতা ওলাই গোটেই দেশত ব্যাপিল।”


তেওঁলোক ঘিণলগীয়া কাৰ্য কৰাত তেওঁলোকে লাজ পাওক ছাৰি মুখ বিবৰ্ণ কৰিবলৈ জনা নাই; সেই কাৰণে তেওঁলোকে পতিত হোৱা লোকসকলৰ মাজত পতিত হব। যিহোৱাই কৈছে, মই তেওঁলোকক দণ্ড দিয়াৰ সময়ত তেওঁলোকে উজুটি খাই পৰিব।”


তেওঁলোকে ঘিণলগীয়া কাৰ্য কৰাত লাজ পাওঁক ছাৰি তেওঁলোকে মুখ বিবৰ্ণ কৰিবলৈকে জনা নাই? এই কাৰণে তেওঁলোক পতিত হোৱা লোকসকলৰ মাজত পতিত হ’ব; যিহোৱাই কৈছে, মই তেওঁলোকক দণ্ড দিয়া সময়ত তেওঁলোকে উজুটি খায় পৰিব।


মোৰ ক্ৰোধেৰে দেৱালৰ ওপৰত আৰু চূণেৰে লিপাবোৰ নিৰ্মূল কৰিম, মই এইদৰে সিদ্ধ কৰিম আৰু মই তোমালোকক ক’ম, সেই দেৱাল আৰু নাই, আৰু তাক লিপাবোৰো,


মই তোমালোকৰ ওৰণিও ফালিম আৰু তোমালোকৰ হাতৰ পৰা মোৰ প্ৰজাসকলক উদ্ধাৰ কৰিম, মৃগয়া কৰিবলৈ তোমালোকৰ হাতত তেওঁলোক আৰু নাথাকিব; তাতে মই যে, যিহোৱা, সেই বিষয়ে তোমালোকে জানিবা।


তোমালোকে অনৰ্থক দৰ্শন আৰু নেদেখিবা আৰু মঙ্গল চাবলৈ নাপাবা; কিন্তু মই তোমালোকৰ হাতৰ পৰা মোৰ প্ৰজাসকলক উদ্ধাৰ কৰিম; তাতে, মই যে, যিহোৱা, তাক তোমালোকে জানিবা’!”


“মোৰ হাত অনৰ্থক দৰ্শন পোৱা, আৰু মিছা মঙ্গল চোৱা ভাববাদীসকলৰ বিপক্ষ হ’ব। তেওঁলোক মোৰ প্ৰজাসকলৰ সভাত নাথাকিব বা ইস্ৰায়েল-বংশৰ নামৰ তালিকাত তেওঁলোকৰ নাম লিখা নহ’ব; তেওঁলোক কোনোমতে ইস্ৰায়েল দেশত সোমাব নোৱাৰিব। কাৰণ মই যে প্ৰভু যিহোৱা, এই বিষয়ে তোমালোকে জানিবা!


তাৰ বাবে মই সেই মানুহজনৰ বিৰুদ্ধে বিমুখে থাকিম আৰু তেওঁক এটা চিন আৰু দৃষ্টান্তৰ বিষয় কৰিম, কিয়নো তেওঁক মই মোৰ লোকসকলৰ মাজৰ পৰা উচ্ছন্ন কৰিম; তেতিয়া মই যে যিহোৱা, সেই বিষয়ে তোমালোকে জানিবা!


মই পথাৰত চমৰিয়াক দ্ৰাক্ষাবাৰীত গছ ৰোৱা ঠাইৰ দৰে, ধ্বংস স্তূপ কৰিম। মই তেওঁৰ গৃহৰ শিলবোৰ উপত্যকালৈ বগৰাই পেলাম, মই তেওঁৰ ভিত্তিমূল অনাবৃত কৰিম।


আপুনি আপোনাৰ লোকসকলৰ পৰিত্ৰাণৰ আৰু আপোনাৰ অভিষিক্ত জনৰ পৰিত্ৰাণৰ বাবে ওলাই গৈছে। আপুনি দুষ্টলোকৰ ঘৰৰ মূৰব্বীক গুড়ি কৰি ডিঙিৰ পৰা ভিত্তিমূললৈকে অনাবৃত কৰিলে। চেলা।


কিন্তু যি কোনোৱে মোৰ বাক্য শুনি পালন নকৰে, তেওঁ এনে এজন মানুহৰ নিচিনা যি মানুহে ভেঁটি স্থাপন নকৰাকৈ মাটিৰ ওপৰত ঘৰ সাজে। পাছত যেতিয়া বান আহিল, তেতিয়া পানীৰ সোঁত আহি সেই ঘৰত জোৰেৰে আঘাত কৰিলে আৰু তেতিয়াই ঘৰটো ভাঙি গ’ল; তাতে ঘৰটো সম্পূর্ণকৈ ধ্বংস হ’ল।”


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন