তেওঁলোকে কয়, ‘দূৰত থিয় থাকা; মোৰ ওচৰলৈ নাহিবা, কিয়নো মই তোমাতকৈ পবিত্ৰ,’ তেওঁলোক মোৰ নাকত ধোঁৱাই, আৰু ওৰে দিনটো জ্বলি থকা অগ্নিস্বৰূপ।
মাৰ্ক 2:16 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তাতে তেওঁ পাপী আৰু কৰ সংগ্রহকৰী সকলৰ সৈতে ভোজন কৰা দেখি, ফৰীচী সমাজৰ বিধানৰ অধ্যাপক সকলে তেওঁৰ শিষ্য সকলক ক’লে, “এওঁ কিয় কৰ সংগ্রহকৰী আৰু পাপী লোকৰ লগত ভোজন-পান কৰে”? |
তেওঁলোকে কয়, ‘দূৰত থিয় থাকা; মোৰ ওচৰলৈ নাহিবা, কিয়নো মই তোমাতকৈ পবিত্ৰ,’ তেওঁলোক মোৰ নাকত ধোঁৱাই, আৰু ওৰে দিনটো জ্বলি থকা অগ্নিস্বৰূপ।
যদি তেওঁ তেওঁলোকৰ কথাও নুশুনে, তেনেহলে মণ্ডলীক জনাবা; মণ্ডলীৰ কথাও যদি নুশুনে, তেনেহলে তেওঁ তোমাৰ ওচৰত অনা-ইহুদী আৰু কৰ সংগ্ৰহকাৰী সকলৰ দৰে হওক।
কিয়নো যি মানুহে তোমালোকক প্ৰেম কৰে, তোমালোকে যদি কেৱল তেওঁলোককে প্ৰেম কৰা, তেনেহলে কি পুৰস্কাৰ পাবা? কৰ সংগ্রহকাৰী সকলেও জানো তাকে নকৰে?
ফৰীচী সকলে ইয়াকে দেখি যীচুৰ শিষ্য সকলক সুধিলে, “তোমালোকৰ গুৰুৱে কৰ সংগ্রহকৰী আৰু ‘পাপী লোক’ সকলৰ সৈতে কিয় ভোজন কৰে?”
যেতিয়া যীচুৱে লেবীৰ ঘৰত ভোজন কৰি আছিল, তেতিয়া অনেক কৰ সংগ্রহকৰী আৰু পাপী লোক আৰু তেওঁৰ শিষ্য সকলেও তেওঁৰে সৈতে ভোজন কৰিবলৈ বহিল; লগতে তেওঁৰ পাছে পাছে অহা অনেক লোক তাত উপস্থিত আছিল৷
“এওঁ এনে কথা কেনেকৈ কব পাৰে? এওঁ ঈশ্বৰ নিন্দা কৰিছে। এজন ঈশ্বৰত বাহিৰ কোনে পাপ ক্ষমা কৰিব পাৰে”?
ফৰীচীয়ে থিয় হৈ নিজৰ মতে এইদৰে প্ৰাৰ্থনা কৰিলে, ‘হে ঈশ্বৰ, মই আন মানুহৰ নিচিনা অপহাৰক, অন্যায়কাৰী, ব্যভিচাৰী, নাইবা এই কৰ সংগ্রহকাৰী জনৰ নিচিনাও নহওঁ, এই কাৰণে মই তোমাৰ স্তুতি কৰোঁ।
তেতিয়া ফৰীচী আৰু তেওঁলোকৰ বিধানৰ অধ্যাপক সকলে যীচুৰ শিষ্য সকলৰ ওচৰত অভিযোগ কৰি ক’লে, “তোমালোকে কিয় কৰ-সংগ্রহক আৰু পাপী লোকৰ সৈতে ভোজন-পান কৰা?”
তাতে বৰকৈ হুলস্থুল হ’ল আৰু ফৰীচীসকলৰ ফলীয়া বিধানৰ অধ্যাপক সকলৰ কেইজনমানে উঠি বাগ্যুদ্ধ কৰি ক’লে, “আমি এই মানুহ জনৰ ওচৰত একো দোষ নাপাও৷ যদি কোনো আত্মা নাইবা দূতে দম্মেচকৰ পথত সঁচাকৈ তেওঁৰ সৈতে কথা ক’লে;”
এতেকে আপোনালোকে যেন নিজ নিজ প্ৰাণৰ ক্লান্তিত ক্লান্ত নহব, এই কাৰণে যি জনে নিজৰ বিৰুদ্ধে কৰা পাপী সকলৰ এনে প্ৰতিবাদ সহন কৰিছিল, তেওঁলৈ মনোযোগ কৰোঁ আহক।