অনলাইন বাইবেল

বিজ্ঞাপন


গোটেই বাইবেলখন অ.টি. নতুন নিয়ম




মাৰ্ক 14:34 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

তাতে তেওঁলোকক ক’লে, “মোৰ প্ৰাণ মৰণৰ তুল্য শোকাতুৰ হৈছে; তোমালোকে ইয়াতে থাকি পৰ দিয়া৷”

অধ্যায়টো চাওক



মাৰ্ক 14:34
10 পৰস্পৰ সংযোগসমূহ  

সেইবাবে অনেক লোকসকলৰ মাজত মই তেওঁৰ অংশ দিম, আৰু তেওঁ বহুতৰ সৈতে লুটদ্ৰব্য ভাগ কৰিব; কাৰণ তেওঁ নিজৰ জীৱন মৃত্যুলৈ প্রকাশিত কৰিলে, আৰু আইন ভঙ্গ কৰাসকলৰ সৈতে গনিত হ’ল। তেওঁ অনেকৰ পাপৰ ভাৰ বহন কৰিলে, আৰু আইন ভঙ্গ কৰাসকলৰ কাৰণে মধ্যস্হতা কৰিলে।


হে বাটৰুৱাসকল, এয়ে তোমালোকৰ দৃষ্টিত একোকে নহয় নে? বিচাৰ কৰা আৰু চোৱা, মোলৈ কৰা মোৰ এই দুখৰ নিচিনা আৰু দুখ হ’ব পাৰেনে? কিয়নো যিহোৱাই নিজৰ প্ৰচণ্ড ক্ৰোধৰ দিনা মোক যন্ত্ৰণা দিলে।


তেতিয়া তেওঁ তেওঁলোকক ক’লে, “মোৰ প্ৰাণ মৰণৰ তুল্য শোকাতুৰ হৈছে; তোমালোক ইয়াতে থাকি মোৰ লগত পৰ দিয়া”।


এতিয়া মোৰ প্ৰাণ ব্যাকুল হৈছে আৰু মই কি ক’ম? হে পিতৃ, এই সময়ৰ পৰা মোক ৰক্ষা কৰা, ইয়াকে ক’ম নে? কিন্তু এই কাৰণেহে মই এই সময়লৈ আহিলোঁ।


কিন্তু সকলোৰে শেষ ওচৰ চাপিছে; এতেকে প্ৰাৰ্থনাৰ কাৰণে সুবোধ আৰু সচেতন হৈ থাকক;


সচেতন হওক, পৰ দি থাকক। আপোনালোকৰ শত্ৰু চয়তানে গুজৰি থকা সিংহৰ নিচিনাকৈ যি কোনো এজনকে গ্ৰাস কৰিবলৈ গোপনে উপায় বিচাৰি ফুৰিছে।