Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




মাৰ্ক 14:33 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

33 পাছত তেওঁ পিতৰ, যাকোব আৰু যোহনক নিজৰ লগত নিলে আৰু তেওঁ অতিশয় চমৎকৃত আৰু ব্যাকুল হ’ব ধৰিলে।

অধ্যায়টো চাওক কপি কৰক




মাৰ্ক 14:33
13 পৰস্পৰ সংযোগসমূহ  

পাছত তেওঁ অতি যাতনা পাই বৰকৈ প্ৰাৰ্থনা কৰিব ধৰিলে; আৰু গোট বান্ধি মাটিলৈ বৈ যোৱা তেজৰ নিচিনাকৈ, তেওঁৰ ঘাম তেজময় হৈ গ’ল।


যীচু যেতিয়া এই জগতত নিজ শৰীৰত বাস কৰিছিল, যি জনে তেওঁক মৃত্যুৰ হাতৰ পৰা ৰক্ষা কৰিব পাৰে সেই ঈশ্বৰৰ ওচৰত চকুলোৰে সৈতে অতিশয় ক্ৰন্দন কৰি অনুৰোধ আৰু প্রার্থনা কৰিছিল। ঈশ্বৰৰ প্রতি থকা ভক্তিভাৱৰ কাৰণে, ঈশ্বৰে তেওঁৰ প্রার্থনা শুনিলে।


পাছত পিতৰ, যাকোব আৰু যাকোবৰ ভায়েক যোহন কিন্তু তেওঁলোকৰ বাহিৰে আন কাকো তেওঁৰ লগত থাকিব নিদিলে।


মোৰ এই অৱস্থা দেখি, বন্ধু-বান্ধৱ আৰু সংগীসকলে মোৰ আপদৰ পৰা আঁতৰত থিয় হৈ থাকে, মোৰ চুবুৰীয়াসকলেও আঁতৰত থাকে।


তাৰ ছয় দিনৰ পাছত যীচুৱে কেৱল পিতৰ, যাকোব আৰু যোহনক লগত লৈ এটা ওখ পর্বতৰ ওপৰলৈ উঠি গ’ল; তাতে তেওঁলোকৰ সন্মুখত তেওঁ ৰূপান্তৰিত হ’ল।


তথাপি যিহোৱাই তেওঁক আঘাতপ্রাপ্ত কৰি গুড়ি কৰিবলৈ ইচ্ছা কৰিলে; কিন্তু তোমালোকে যদি তেওঁৰ জীৱন পাপৰ বাবে উৎসর্গ কৰিব খুজিছা, তেনেহ’লে তুমি নিজৰ সন্তান সকলক দেখিবা, তেওঁৰ আয়ুস দীঘল হ’ব, আৰু যিহোৱাৰ উদ্দেশ্য তেওঁৰ যোগেদি সিদ্ধ কৰিব।


তেতিয়া লোক সকলে যীচুক দেখি অতিশয় চমৎকৃত হ’ল আৰু তেওঁৰ ওচৰলৈ বেগাই গৈ তেওঁক আদৰণি জনালে৷


তেওঁলোকে তেতিয়া মৈদামৰ ভিতৰলৈ সোমাই গ’ল আৰু বগা কাপোৰ পিন্ধা ডেকা এজনক সোঁফালে বহি থকা দেখিলে, তাতে তেওঁলোক অতি আচৰিত হ’ল।


কিন্তু তেওঁ তেওঁলোকক ক’লে, “তোমালোকে ভয় নকৰিবা; তোমালোকে ক্রুচত হত হোৱা নাচৰতীয়া যীচুক বিচাৰিছা; তেওঁ উঠিল! তেওঁ ইয়াত নাই; চোৱা, এয়ে তেওঁক শুৱাই থোৱা ঠাই।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন