মাৰ্ক 1:38 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তাতে তেওঁ তেওঁলোকক ক’লে, “ব’লা, আমি ওচৰৰ আন ঠাইবোৰলৈ যাওঁ, সেই ঠাইবোৰতো মই বাক্য ঘোষণা কৰিব লাগে; মই এই বাবেই ওলাই আহিলোঁ”। |
পাছত তেওঁ গৈ, গালীল প্ৰদেশৰ সকলো ঠাইতে, তেওঁলোকৰ নাম-ঘৰবোৰতো প্রচাৰ কৰিলে আৰু ভূতবোৰক খেদালে।
তেতিয়া তেওঁলোকক তেওঁ ক’লে, “তোমালোকে কি কাৰণে মোক বিচাৰি ফুৰিছা? মই মোৰ পিতৃৰ ঘৰত থকা যে উচিত, ইয়াক জানো তোমালোকে নাজানা?”
কিন্তু তেওঁ তেওঁলোকক ক’লে, “মই আন নগৰতো ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে শুভবার্তা ঘোষণা কৰিব লাগে, কাৰণ এই বাবেই মোক পঠোৱা হৈছে।”
কিয়নো তুমি যি বাক্য মোক দিলা, সেই বাক্য মই তেওঁলোকক দিলোঁ আৰু তেওঁলোকে সেই সকলোকে গ্ৰহণো কৰিলে, মই যে তোমাৰ পৰা আহিলোঁ, ইয়াকো তেওঁলোকে সঁচাকৈ জানিলে আৰু তুমি যে মোক পঠালা সেয়াও বিশ্বাস কৰিলে।
আমি দিন থাকোতেই মোক পঠোৱা জনৰ কৰ্ম কৰিব লাগে। ৰাতি হৈ আহিছে, তেতিয়া কোনেও কৰ্ম কৰিব নোৱাৰিব।