মলা 4:4 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 “তোমালোকে মোৰ দাস মোচিৰ ব্যৱস্থাৰ কথা অর্থাৎ মই তেওঁক হোৰেব পর্বতত সকলো ইস্রায়েলৰ কাৰণে যি সকলো বিধি আৰু শাসন-প্ৰণালীবোৰ দিছিলোঁ, সেইবোৰ সোঁৱৰণ কৰা। |
সেয়ে তোমালোকে বিধান আৰু সাক্ষ্যলৈ মনোযোগ দিয়া উচিত! যদি তেওঁলোকে এই বিষয়ে নকয়, তেনেহ’লে ইয়াৰ কাৰণে তেওঁলোকলৈ পুৱাৰ পোহৰ নহ’ব।
যিহোৱাই এই কথা কৈছে: যে, তোমালোকে চাৰিআলিৰ মূৰত থিয় হৈ চোৱা; আৰু প্ৰাচীন পথবোৰৰ বিষয়ে সোধা, ‘উত্তম পথ কোনটো? আৰু তাত চলা; তাতে তোমালোকৰ প্ৰাণত বিশ্ৰাম পাবলৈ এটি ঠাই বিচাৰি লোৱা; কিন্তু তেওঁলোকে ক’লে, আমি তাত নচলোঁ।
তেনেহলে আমি বিশ্বাসৰ দ্বাৰাই বিধান লুপ্ত কৰিছোঁ নে? এনে যেন কেতিয়াও নহওক; ইয়াৰ পৰিৱর্তে অামি বিধান স্থিৰহে কৰিছোঁ।
যি দিনা হোৰেব পর্বতত আপোনালোক আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ আগত উপস্থিত হৈছিল, সেই দিনটোৰ কথা আপোনালোকে মনত ৰাখিব। সেই দিনা যিহোৱাই মোক কৈছিল, “তুমি লোকসকলক মোৰ ওচৰত একগোট কৰা। মই তেওঁলোকক মোৰ কথা শুনিবলৈ দিম যাতে তেওঁলোকে এই পৃথিৱীত থাকোঁতে জীৱনৰ সকলো কালত মোকেই ভয় কৰি চলিব আৰু তেওঁলোকৰ সন্তান সকলকো মোৰ আজ্ঞাৰ বিষয়ে শিক্ষা দিব পাৰে।”
এই কাৰণে আপোনালোকে মনোযোগেৰে নিজৰ কাৰণে সর্তক হৈ থাকক, প্রভু ঈশ্বৰ যিহোৱাই আপোনালোকৰ লগত যি নিয়মৰ চুক্তি কৰিছিল তাক নাপাহৰে আৰু ঈশ্বৰ যিহোৱাই আপোনালোকক নিষেধ কৰা কোনো বস্তুৰ আকৃতিৰে কটা প্ৰতিমা যেন নাসাজে।
আপোনালোক সাৱধান হ’ব; আজি মই আপোনালোকক তেওঁৰ যি সকলো আজ্ঞা, নির্দেশ আৰু শাসন-প্রণালীবোৰ দিছো, সেইবোৰ যেন অমান্য কৰি আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাক পাহৰি নাযাব।
আপোনালোকে যদি কেতিয়াবা আপোনালোকৰ ঈশ্বৰ যিহোৱাক পাহৰি গৈ আন দেৱতাবোৰৰ পাছত চলে আৰু সেইবোৰৰ সেৱা-পূজা কৰে, তেন্তে আজি মই আপোনালোকৰ বিৰুদ্ধে এই কথা নিশ্চয় কৰি কৈছো যে, আপোনালোক ধ্বংস হৈ যাব।