তেনেহলে তুমি বেদিৰ আগত তোমাৰ নৈবেদ্য ৰাখি থৈ প্রথমে তোমাৰ ভায়েৰাৰ সৈতে মিলন হোৱা আৰু তাৰ পাছত পুণৰ আহি নৈবেদ্য উৎসৰ্গ কৰা।
এই হেতুকে তোমালোকে সাতোটা ভতৰা, আৰু সাঁতোটা মতা মেৰ-ছাগ লৈ, মোৰ দাস ইয়োবৰ ওচৰলৈ গৈ নিজৰ বাবে হোমবলি উৎসৰ্গ কৰা; তাতে মোৰ দাস ইয়োবে তোমালোকৰ কাৰণে প্ৰাৰ্থনা কৰিব। কাৰণ তোমালোকৰ অজ্ঞানতাৰ দৰে মই যাতে তোমালোকক প্ৰতিফল নিদিয়াকৈ থাকিব পাৰিম, তাৰবাবে তেওঁকহে গ্ৰহণ কৰিম; কিয়নো তোমালোকে মোৰ দাস ইয়োবে কোৱাৰ দৰে মোৰ বিষয়ে যথাৰ্থ কথা কোৱা নাই।”
তোমাৰ আৰু চুবুৰীয়াৰ মাজত হোৱা বিবাদ নিজেই বিচাৰ কৰা, কিন্তু আন জনৰ গুপুত কথা প্ৰকাশ নকৰিবা;
হায় হায় কপটীয়া, বিধানৰ অধ্যাপক আৰু ফৰীচী সকল! আপোনালোক সন্তাপৰ পাত্ৰ; কিয়নো আপোনালোকে পদিনা, গুৱামুৰি, আৰু জীৰাৰ দশম ভাগ দান কৰে, কিন্তু বিধানৰ মাজৰ গুৰুত্বপূৰ্ণ যি ভাগ, ন্যায়-বিচাৰ, দয়া আৰু বিশ্বাস, এইবোৰৰ ভাগ হলে নিদিয়ে। কিন্তু এইবোৰ পালন কৰা, আৰু সেইবোৰক ত্যাগ নকৰা আপোনালোকৰ উচিত আছিল।
এই হেতুকে বেদিত তোমাৰ নৈবেদ্য উৎসৰ্গ কৰোঁতে, তোমাৰ বিৰুদ্ধে তোমাৰ ভায়েৰাৰ কোনো কথা আছে বুলি যদি তোমাৰ মনত পৰে,
লোণ উত্তম; কিন্তু যদি লোণৰ সোৱাদ নাইকিয়া হয়, তেনেহলে তাক কিহেৰে লুণীয়া কৰা যাব? তোমালোকৰ অন্তৰত লোণ ৰাখা, আৰু পৰস্পৰে শান্তিৰে থাকা।”
কিন্তু মানুহে নিজে নিজৰ পৰীক্ষা কৰি, পাছে সেই পিঠা ভোজন কৰক আৰু সেই পাত্ৰত পান কৰক।
মোৰ ইচ্ছা এয়ে যে, সকলো ঠাইতে পুৰুষ সকলে ক্ৰোধ আৰু বাদ-বিবাদৰ মনোভাৱ নাৰাখি পবিত্ৰ হাত দাঙি প্ৰাৰ্থনা কৰক৷
এতেকে আপোনালোক সুস্থ হ’বৰ বাবে ইজনে সিজনৰ আগত নিজ নিজ পাপ স্বীকাৰ কৰিব আৰু ইজনে সিজনৰ কাৰণে প্ৰাৰ্থনা কৰিব। ধাৰ্মিক জনৰ নিবেদন কাৰ্য সাধন কৰাত মহা-শক্তি বিশিষ্ট।