Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




ইয়ো 42:8 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

8 এই হেতুকে তোমালোকে সাতোটা ভতৰা, আৰু সাঁতোটা মতা মেৰ-ছাগ লৈ, মোৰ দাস ইয়োবৰ ওচৰলৈ গৈ নিজৰ বাবে হোমবলি উৎসৰ্গ কৰা; তাতে মোৰ দাস ইয়োবে তোমালোকৰ কাৰণে প্ৰাৰ্থনা কৰিব। কাৰণ তোমালোকৰ অজ্ঞানতাৰ দৰে মই যাতে তোমালোকক প্ৰতিফল নিদিয়াকৈ থাকিব পাৰিম, তাৰবাবে তেওঁকহে গ্ৰহণ কৰিম; কিয়নো তোমালোকে মোৰ দাস ইয়োবে কোৱাৰ দৰে মোৰ বিষয়ে যথাৰ্থ কথা কোৱা নাই।”

অধ্যায়টো চাওক কপি কৰক




ইয়ো 42:8
33 পৰস্পৰ সংযোগসমূহ  

তাৰ পাছত অব্ৰাহামে ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰিলে। তেতিয়া অবীমেলক, তেওঁৰ ভাৰ্যা, আৰু তেওঁৰ আন আন দাসীসকলে যাতে সন্তান লাভ কৰিবলৈ সক্ষম হ’ব পাৰে, ঈশ্বৰে তেওঁলোকক সুস্থ কৰিলে।


গতিকে সেই পুৰুষৰ ভাৰ্যাক এতিয়া ওভটাই দিয়া; কিয়নো সেই লোকজন এজন ভাববাদী। তেওঁ তোমাৰ অৰ্থে প্ৰাৰ্থনা কৰিব আৰু তুমি জীবা। কিন্তু যদি তেওঁক উভটাই নিদিয়া, তেন্তে ইয়াকে জানিবা যে তুমি আৰু তোমাৰ লোকসকলৰ সকলোৰে অৱশ্যেই মৃত্যু হ’ব।”


যিহোৱাৰ নিয়ম-চন্দুক বৈ আনিবলৈ লেবীয়াসকলক ঈশ্বৰে সহায় কৰিছিল, আৰু তেওঁলোকে সতোটা ষাঁড়-গৰু আৰু সাতোটা মেৰ উৎসৰ্গ কৰিছিল।


তেতিয়া তেওঁলোকে ৰাজ্যৰ, ধৰ্মধামৰ আৰু যিহূদাৰ কাৰণে পাপাৰ্থক বলিস্বৰূপে সাতোটা ভতৰা, সাতোটা মতা ভেড়া, সাতোটা ভেড়া পোৱালি আৰু সাতোটা মতা ছাগলী অানিলে৷ তাতে তেওঁ যিহোৱাৰ যজ্ঞবেদীৰ ওপৰত সেইবোৰ উৎসৰ্গ কৰিবলৈ হাৰোণৰ সন্তান পুৰোহিতসকলক আজ্ঞা দিলে।


পাছত তেওঁলোকৰ ভোজনৰ দিন উকলি গ’লে, ইয়োবে মানুহ পঠিয়াই তেওঁলোকক পবিত্ৰ কৰায়, আৰু ৰাতিপুৱাতে উঠি তেওঁলোকৰ সকলোৰে সংখ্যা অনুসাৰে হোম-বলি দিয়ে; কাৰণ ইয়োবে কয়, “কিজানি মোৰ ল’ৰাহতে পাপ কৰি অন্তৰৰ পৰা ঈশ্বৰক বিদায় দিলে”! সেয়ে ইয়োবে সদায় এইদৰে কৰে।


তেতিয়া যিহোৱাই চয়তানক সুধিলে, “তুমি মোৰ দাস ইয়োবলৈ মন কৰা নাই নে? কিয়নো তেওঁৰ নিচিনা সিদ্ধ, সৰল, ঈশ্বৰলৈ ভয় ৰাখোঁতা, আৰু দুষ্টতাৰ পৰা আঁতৰি থাকোঁতা লোক পৃথিৱীত কোনো নাই।”


তেওঁ নিৰ্দ্দোষী নোহোৱা জনকো উদ্ধাৰ কৰিব; এনে কি, সি তোমাৰ হাতৰ যোগেদি পবিত্ৰতাৰ উদ্ধাৰ পাব।”


তোমাৰ দুষ্টতাই তোমাৰ নিচিনা মানুহৰহে হানি কৰিব পাৰে, আৰু তোমাৰ ধাৰ্মিকতা মনুষ্য সন্তানৰহে উপকাৰী হব পাৰে।


তেতিয়া তৈমনীয়া ইলীফজ, চুহীয়া বিল্দাদদ, আৰু নামাথীয়া চোফৰ গ’ল আৰু যিহোৱাই তেওঁলোকক আজ্ঞা দিয়াৰ দৰে তেওঁলোকে যেতিয়া কৰিলে; তেতিয়া যিহোৱাই ইয়োবক গ্ৰহণ কৰিলে।


তেওঁ আমাৰ পাপ অনুসাৰে আমালৈ কাৰ্য কৰা নাই, আমাৰ অধৰ্ম অনুসাৰে আমাক প্ৰতিফল দিয়া নাই।


তাৰ পাছত মোচিৰ শহুৰেক যিথ্ৰোৱে ঈশ্বৰৰ উদ্দ্যেশে হোম-বলি, আৰু মঙ্গলাৰ্থক বলি উৎসৰ্গ কৰিলে। হাৰোণ আৰু ইস্ৰায়েলৰ সকলো পৰিচাৰক আহি, ঈশ্বৰৰ সন্মুখত মোচিৰ শহুৰেকৰ সৈতে ভোজন কৰিলে।


তেওঁলোক তোমাক প্রণিপাত কৰিবলৈ আহিব, তোমাক কষ্ট দিয়াসকলৰ সন্তানবোৰ মূৰ দোঁৱাই তোমাৰ চৰণত পৰি প্রণিপাত কৰিব, তেওঁলোকে তোমাক যিহোৱাৰ নগৰ, ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ জনাৰ চিয়োন বুলি মাতিব।


যিহোৱাই মোক আৰু ক’লে, তুমি এই জাতিৰ মঙ্গলৰ অৰ্থে প্ৰাৰ্থনা নকৰিবা।


তেতিয়া যিহোৱাই মোক ক’লে, “যদিও মোচি আৰু চমূৱেল মোৰ আগত থিয় হয়, তথাপি মোৰ মন এই জাতিলৈ সদয় নহ’ব; তুমি মোৰ আগৰ পৰা তেওঁলোকক বিদায় কৰা, তেওঁলোক ওলাই গুচি যাওঁক।


তেতিয়া যদিও নোহ, দানিয়েল আৰু ইয়োব, এই তিনিজন লোক সেই ঠাইৰ মাজত থাকিলেও, তেওঁলোকে নিজ নিজ ধাৰ্মিকতাৰ দ্বাৰাই কেৱল নিজ নিজ প্ৰাণহে ৰক্ষা কৰিব পাৰিব,” এয়ে প্ৰভু যিহোৱাৰ বচন।


আৰু তেওঁ ভোজৰ সাতদিন যিহোৱাৰ উদ্দেশ্যে হোমবলিৰ কাৰণে দিনে দিনে সাতোটা সাতোটা নিৰ্ঘূণী ভতৰা আৰু সাতোটা সাতোটা মতা মেৰ-ছাগ উৎসৰ্গ কৰিব আৰু পাপাৰ্থক বলিৰ কাৰণে প্ৰতিদিনে এটা এটা ছাগ উৎসৰ্গ কৰিব।


বিলিয়মে বালাকক ক’লে, “তুমি এই ঠাইত মোৰ কাৰণে সাতোটা যজ্ঞবেদী নিৰ্ম্মাণ কৰোঁৱা আৰু এই ঠাইতে মোৰ বাবে সাতোটা ভতৰা আৰু সাতোটা মতা মেৰ আয়োজন কৰা।”


তেতিয়া বালাকে তেওঁক চোফীম পথাৰৰ মাজলৈ পিচগাৰ টিঙলৈ লৈ গ’ল; সেই ঠাইতে তেওঁ সাতোটা যজ্ঞবেদী নিৰ্ম্মাণ কৰিলে আৰু প্ৰত্যেক যজ্ঞ-বেদীত এটা এটা ভতৰা আৰু এটা এটা মতা মেৰ উৎসৰ্গ কৰিলে।


বিলিয়মে বালাকক ক’লে, “এই ঠাইত মোৰ বাবে সাতোটা যজ্ঞবেদী নিৰ্ম্মাণ কৰোঁৱা আৰু ইয়াতো মোৰ বাবে সাতোটা ভতৰা আৰু সাতোটা মতা মেৰ আয়োজন কৰা।”


তেতিয়া এই আকাশ-বাণী হ’ল, “চোৱা, এওঁ মোৰ প্ৰিয় পুত্ৰ, এওঁত মই পৰম সন্তুষ্ট।”


ঈশ্বৰে এই সকলো কৰিলে, যাতে তেওঁৰ প্ৰিয় যীচু খ্রীষ্টত আমাক যি অনুগ্ৰহ বিনামূল্যে দান কৰিলে, সেই গৌৰৱময় অনুগ্ৰহৰ প্ৰশংসা হয়।


আলেকজেন্দাৰ কঁহাৰে মোৰ অপকাৰ কৰিলে; তেওঁৰ কর্ম অনুসাৰে প্ৰভুৱে তেওঁক প্ৰতিফল দিব।


কিয়নো পাপ গুচাবলৈ ভতৰা আৰু ছাগলীৰ তেজৰ সাধ্য নাই৷


সেয়েহে যি সকলে যীচুৰ মাধ্যমেদি ঈশ্বৰৰ কাষ চাপে, তেওঁলোকক যীচুৱে সম্পূর্ণকৈ উদ্ধাৰ কৰিব পাৰে; কাৰণ তেওঁলোকৰ বাবে ঈশ্বৰৰ ওচৰত নিবেদন কৰিবলৈ যীচু সদায় জীয়াই আছে।


কোনোবা নৰিয়াত পৰি আছে নে? তেওঁ মণ্ডলীৰ পৰিচাৰক সকলক মাতক; পাছত তেওঁলোকে প্ৰভুৰ নামেৰে তেওঁৰ গাত তেল সানি তেওঁৰ কাৰণে প্ৰাৰ্থনা কৰক;


এতেকে আপোনালোক সুস্থ হ’বৰ বাবে ইজনে সিজনৰ আগত নিজ নিজ পাপ স্বীকাৰ কৰিব আৰু ইজনে সিজনৰ কাৰণে প্ৰাৰ্থনা কৰিব। ধাৰ্মিক জনৰ নিবেদন কাৰ্য সাধন কৰাত মহা-শক্তি বিশিষ্ট।


কোনোৱে যদি নিজ ভাইক মৃত্যুজনক নোহোৱা পাপ কৰা দেখে, তেনেহলে তেওঁ প্ৰার্থনা কৰক আৰু ইয়াৰ যোগেদি ঈশ্বৰে মৃত্যুজনক নোহোৱা পাপ কৰা লোকক জীৱন দিব। মৃত্যুজনক পাপ আছেই; তাৰ বিষয়ে নিবেদন কৰিবলৈ মই নকওঁ।


জল আৰু তেজেদি অহা জন তেৱেঁই; তেওঁ হ’ল যীচু খ্ৰীষ্ট; তেওঁ কেৱল জলেৰে নহয়, কিন্তু জল আৰু তেজ, এই উভয়েৰে আহিল। এই সাক্ষ্য আত্মা দিয়ে, কাৰণ আত্মা সত্য।


চোৱা! চয়তানৰ সমাজৰ যি লোক সকলে নিজকে ইহুদী বোলে, কিন্তু ইহুদী নহয়, বৰং মিছাকৈয়ে কয়; এনেকুৱা মানুহক উপস্থিত কৰাই মই তোমাৰ চৰণত প্ৰণিপাত কৰাম, তাতে মই যে তোমাক প্ৰেম কৰিলোঁ, সেই বিষয়ে তেওঁলোকে জানিব।


সেয়ে দায়ূদে তেওঁৰ বাবে অনা বস্তুবোৰ তেওঁৰ হাতৰ পৰা লৈ তেওঁক ক’লে, “তুমি শান্তিৰে ঘৰলৈ যোৱা; মই তোমাৰ কথা শুনিলোঁ আৰু গ্ৰহণ কৰিলোঁ।”


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন