তেতিয়া প্ৰধান পুৰোহিত আৰু সমাজৰ পৰিচাৰক সকল কায়াফা নামেৰে মহা-পুৰোহিতৰ চোতালত গোট খালে;
মথি 27:27 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তেতিয়া দেশাধিপতিৰ সেনাবোৰে যীচুক প্ৰিটৰিয়মৰ ভিতৰলৈ নি তেওঁৰ ওচৰত গোটেই সৈন্য দলক গোটালে; |
তেতিয়া প্ৰধান পুৰোহিত আৰু সমাজৰ পৰিচাৰক সকল কায়াফা নামেৰে মহা-পুৰোহিতৰ চোতালত গোট খালে;
ইয়াৰ পাছত তেওঁলোকে যীচুক কায়াফাৰ ঘৰৰ পৰা প্ৰিটৰিয়মলৈ লৈ গ’ল; তেতিয়া সময় ৰাতিপুৱা আছিল; তেওঁলোকে নিজেই প্ৰিটৰিয়ামৰ ভিতৰত সোমাবলৈ মন নকৰিলে, জানোছা তেওঁলোক অশুচি হৈ পৰে, কিয়নো তেওঁলোকে নিস্তাৰ-পৰ্বৰ ভোজ খাবলৈ আশা কৰি আছিল৷
তেতিয়া যিহূদায় প্ৰধান পুৰোহিত, ফৰীচী সকলৰ বিষয়া আৰু সৈন্যৰ দল এটাৰ সৈতে জোঁৰ, আৰিয়া আৰু অস্ত্ৰ-শস্ত্ৰ লৈ, সেই ঠাইত উপস্থিত হ’ল।
তেওঁ ক’লে, “তোমাৰ গুচৰীয়াবোৰ আহিলেহে মই তোমাৰ কথা শুনিম৷” তেতিয়া তেওঁ হেৰোদৰ প্ৰিটৰিয়মত ৰাখিবলৈ তেওঁক আজ্ঞা দিলে৷
পাছত যেতিয়া আমাৰ ইটালী দেশলৈ জাহাজেৰে যোৱাৰ কথা নিশ্চিত হ’ল, তেওঁলোকে পৌল আৰু অন্য কিছুমান কাৰাবন্দীক ৰাজাধিৰাজৰ সৈন্য দলৰ যুলিয় নামৰ এজন এশৰ সেনাপতিৰ হাতত শোধাই দিলে৷