35 তেওঁ ক’লে, “তোমাৰ গুচৰীয়াবোৰ আহিলেহে মই তোমাৰ কথা শুনিম৷” তেতিয়া তেওঁ হেৰোদৰ প্ৰিটৰিয়মত ৰাখিবলৈ তেওঁক আজ্ঞা দিলে৷
তেওঁলোকে সেই ৰছীত ধৰি টানি কূপৰ পৰা যিৰিমিয়াক তুলিলে। তেতিয়াৰে পৰা যিৰিমিয়া প্ৰহৰীৰ চোতালত থাকিল।
হেৰোদ যেতিয়া যিহুদীয়াৰ ৰজা আছিল, তেতিয়া যিহুদীয়াৰ বৈৎলেহম নামৰ ঠাইত যীচুৰ জন্ম হ’ল৷ সেই সময়ত পূব দেশৰ পৰা কেইজনমান জ্যোতিষী পণ্ডিতে যিৰূচালেমলৈ আহি সুধিলে,
তেতিয়া জ্যোতিষী পণ্ডিত কেইজনৰ দ্বাৰাই নিজকে প্ৰবঞ্চিত হোৱা দেখি হেৰোদ অতিশয় ক্রুদ্ধ হ’ল। তেওঁ জ্যোতিষী পণ্ডিত কেইজনৰ পৰা যি সময়ৰ কথা জানিছিল, সেই কাল অনুসাৰে দুবছৰ আৰু তাতকৈ কম বয়সৰ যিমান ল’ৰা শিশু বৈৎলেহম আৰু ইয়াৰ আশে-পাশে থকা অঞ্চল সমূহত আছিল, সেই সকলোকে বধ কৰিবলৈ আদেশ দি পঠিয়াই দিলে।
এই কথা শুনাত হেৰোদ ৰজাৰ লগতে গোটেই যিৰূচালেমত উগুল-থুগুল লাগিল।
তেতিয়া দেশাধিপতিৰ সেনাবোৰে যীচুক প্ৰিটৰিয়মৰ ভিতৰলৈ নি তেওঁৰ ওচৰত গোটেই সৈন্য দলক গোটালে;
ইয়াৰ পাছত তেওঁলোকে যীচুক কায়াফাৰ ঘৰৰ পৰা প্ৰিটৰিয়মলৈ লৈ গ’ল; তেতিয়া সময় ৰাতিপুৱা আছিল; তেওঁলোকে নিজেই প্ৰিটৰিয়ামৰ ভিতৰত সোমাবলৈ মন নকৰিলে, জানোছা তেওঁলোক অশুচি হৈ পৰে, কিয়নো তেওঁলোকে নিস্তাৰ-পৰ্বৰ ভোজ খাবলৈ আশা কৰি আছিল৷
পাছত এওঁৰ বিৰুদ্ধে কৰা চক্ৰান্তৰ কথা মোক জনোৱা হ’ল আৰু সেয়ে সিদ্ধ হোৱাৰ আগন্তুক দেখি, মই তৎক্ষণাৎ এওঁক আপোনাৰ ওচৰলৈ পঠাই দিলোঁ আৰু এওঁৰ গুচৰীয়া সকলকো আপোনাৰ আগত এওঁৰ বিৰুদ্ধে গোচৰ কৰিবলৈ আজ্ঞা দিলোঁ৷ ইতি।”
পাঁচ দিনৰ মূৰত, মহা-পুৰোহিত অননিয়ই কেইজনমান পৰিচাৰক আৰু তৰ্ত্তুল্ল নামেৰে এজন উকীলে সৈতে আহি দেশাধিপতিৰ আগত পৌলৰ বিৰুদ্ধে অভিযোগ দিলে।
পাছত দেশাধিপতিয়ে পৌলক ক’বলৈ সঙ্কেত দিয়াত, পৌলে ক’বলৈ আৰম্ভ কৰিলে, “আপুনি অনেক বছৰৰ পৰা এই জাতিৰ বিচাৰকৰ্তা হৈ আছে, ইয়াকে জানি মই হৰ্ষিত মনেৰে নিজৰ পক্ষে উত্তৰ দিব খুজিছোঁ৷
ইয়াৰ উপৰি মোৰ অহিতে যদি এখেত সকলৰ কোনো কথা আছিল, তেনেহলে আপোনাৰ ওচৰত ব্যক্তি সমূহে নিজে আহি গোচৰ দিব লাগিছিল।
ফীলিক্সে সেই পথৰ বিষয়ে ভালকৈ জনা বাবে, সোধ-বিচাৰ স্থগিত ৰাখি তেওঁলোকক ক’লে, “লুচিয় হাজাৰৰ সেনাপতি যিৰূচালেমৰ পৰা আহিলে আপোনালোকৰ কথা সম্পূর্ণকৈ জানিব পাৰিম।”
পাছত পৌলক পহৰা দিবলৈ, কিন্তু মৰমেৰে আৰু সেৱা কৰিবলৈ অহা তেওঁৰ আত্মীয় সকলক নিষেধ নকৰিবলৈ তেওঁ এশৰ সেনাপতিক আজ্ঞা দিলে৷
তেতিয়া মই তেওঁলোকক উত্তৰ দিলোঁ, যি জনৰ নামত অভিযোগ দিয়া হৈছে, তেওঁ যেতিয়ালৈকে অভিযোগকাৰীৰ সন্মুখত আত্মপক্ষ সমৰ্থন কৰিবলৈ নোৱাৰে, তেতিয়ালৈকে তেওঁক কোনো লোকৰ হাতত শোধাই দিয়া ৰোমীয়া লোকৰ নিয়ম নাই।