কুচীয়া লোকে জানো নিজৰ ছাল, বা নাহৰফুটুকী বাঘে জানো নিজ গাৰ ফুটুকা-ফুটুকীবোৰ, সলনি কৰিব পাৰে? যদি পাৰে, তেন্তে কুকৰ্মত অভ্যাস থকা যি তোমালোক, তোমালোকেও সৎকৰ্ম কৰা সম্ভৱ।
মথি 19:24 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 পুনৰায় মই তোমালোকক কওঁ, ধনী ব্যক্তিৰ কাৰণে ঈশ্বৰৰ ৰাজ্যত সোমোৱাতকৈ বৰং বেজীৰ বিন্ধায়েদি উট সোমোৱা উজু।” |
কুচীয়া লোকে জানো নিজৰ ছাল, বা নাহৰফুটুকী বাঘে জানো নিজ গাৰ ফুটুকা-ফুটুকীবোৰ, সলনি কৰিব পাৰে? যদি পাৰে, তেন্তে কুকৰ্মত অভ্যাস থকা যি তোমালোক, তোমালোকেও সৎকৰ্ম কৰা সম্ভৱ।
যীচুৱে তেওঁলোকলৈ চাই ক’লে, “ই মানুহৰ পক্ষে অসম্ভৱ ঠিকেই, কিন্তু ঈশ্বৰৰ পক্ষে সকলো সম্ভৱ।”
উত্তৰত যীচুৱে নীকদীমক ক’লে, “মই আপোনাক সঁচাকৈয়ে কওঁ, নতুন জন্ম নহ’লে, কোনেও ঈশ্বৰৰ ৰাজ্য দেখা পাব নোৱাৰে।”
যীচুৱে উত্তৰ দিলে, “মই আপোনাক সঁচাকৈয়ে কৈছোঁ, জল আৰু আত্মাৰ পৰা জন্ম নহ’লে, কোনেও ঈশ্বৰৰ ৰাজ্যত সোমাব নোৱাৰে।”
আপোনালোকে এজনে আন জনৰ পৰা প্রশংসা গ্ৰহন কৰিবলৈ আশা কৰে, কিন্তু যি প্রশংসা একমাত্র ঈশ্বৰৰ পৰা পোৱা যায়, তালৈ আশা নকৰে। সেয়ে আপোনালোকে কেনেকৈ বিশ্বাস কৰিব পাৰিব?