Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




যিৰি 13:23 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

23 কুচীয়া লোকে জানো নিজৰ ছাল, বা নাহৰফুটুকী বাঘে জানো নিজ গাৰ ফুটুকা-ফুটুকীবোৰ, সলনি কৰিব পাৰে? যদি পাৰে, তেন্তে কুকৰ্মত অভ্যাস থকা যি তোমালোক, তোমালোকেও সৎকৰ্ম কৰা সম্ভৱ।

অধ্যায়টো চাওক কপি কৰক




যিৰি 13:23
13 পৰস্পৰ সংযোগসমূহ  

তথাপিও তেওঁলোকে সেই কথালৈ কাণ নিদিলে; তেওঁলোকে পূর্বে যিদৰে কৰিছিল, সেই অনুসাৰেই চলি থাকিল।


যদিও তুমি অজ্ঞানীক ঘেঁহু ধানৰ সৈতে খুন্দা, তথাপিও তেওঁৰ অজ্ঞানতা দূৰ নহ’ব।


যি বেঁকা তাক পোন কৰিব নোৱাৰি! যি অনুপস্থিত, তাক গণনা কৰা অসাধ্য!


তোমালোকে কিয় বিদ্ৰোহ আচৰণ কৰি থাকা? তোমালোক কিয় এতিয়াও প্ৰহাৰিত হ’বা? সম্পূৰ্ণ মূৰ ৰোগাগ্রস্ত, আৰু সম্পূৰ্ণ হৃদয় দুৰ্ব্বল;


মন সকলোতকৈ কপটময়। তাৰ ৰোগ সুস্থ কৰিব নোৱাৰি; কোনে তাক বুজিব পাৰে?


কিয়নো যদিও খাৰেৰে নিজৰ গা ধোৱা, আৰু অনেক চাবোন লগোৱা, তথাপি মোৰ দৃষ্টিত তোমাৰ অপৰাধ দাগস্বৰূপ হৈ থাকিব, এয়েই সত্য, কিয়নো ইয়াক প্ৰভু যিহোৱাই কৈছে।


মই তোমালোকৰ সন্তান সকলক বৃথা প্ৰহাৰ কৰিলোঁ; তেওঁলোকে শাস্তি নুবুজিলে; বৰং তোমালোকৰ নিজৰ তৰোৱালেই বিনাশক সিংহৰ দৰেই তোমালোকৰ ভাববাদীসকলক গ্ৰাস কৰিলে।


যিহোৱাই কৈছে: কিয়নো মোৰ প্ৰজাসকল অজ্ঞানী! মোৰ সৈতে তেওঁলোকৰ কোনো সম্পর্ক নাই। তেওঁলোক মূৰ্খ, অজলা লৰা-ছোৱালিৰ দৰে কোনো বিষয় বুজি নাপায়। তেওঁলোক কদাচাৰত পটু, কিন্তু সদাচৰণত অজ্ঞান।


হে যিহোৱা, তোমাৰ দৃষ্টি সত্যলৈ নহয় নে? তুমি তেওঁলোকক প্ৰহাৰ কৰিলা; তথাপি তেওঁলোক দুখিত নহ’ল। তুমি তেওঁলোকলৈ বিনাশ আনিলা, তথাপি তেওঁলোক শাস্তি গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিলে, তেওঁলোকে নিজ নিজ মুখ শিলতকৈয়ো টান কৰি উভটি আহিবলৈ অমান্তি হ’ল।


আৰু প্ৰতিজনে নিজ নিজ ওচৰ-চুবুৰীয়াক প্ৰবঞ্চনা কৰে, সত্য নহয়; তেওঁলোকে মিছা কথা কবলৈ নিজ নিজ জিভাক শিকালে; তেওঁলোকে অপৰাধ কৰি নিজকে নিজে ভাগৰ লগায়।


যেতিয়া চৌলক এই কথা কোৱা হ’ল, তেওঁ বেলেগ বাৰ্তাবাহকসকলক পঠিয়াই দিলে আৰু তেওঁলোকেও ভাববাণী প্ৰচাৰ কৰিবলৈ ধৰিলে। সেয়ে চৌলে তৃতীয়বাৰ বাৰ্তাবাহক পঠালে, আৰু তেওঁলোকেও ভাববাণী প্ৰচাৰ কৰিবলৈ ধৰিলে।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন