মথি 16:8 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 এই কথা বুজিব পাৰি যীচুৱে ক’লে, “অল্পবিশ্বাসী সকল, তোমালোকে নিজৰ মাজত পিঠা লৈ নহাৰ কাৰণে এই কথা কৈছোঁ বুলি কিয় আলোচনা কৰিছা? |
এতেকে, পথাৰৰ যি বন আজি আছে, কাইলৈ জুইশালত পেলোৱা হ’ব, সেই বনকো যদি ঈশ্বৰে এনেকৈ ভূষিত কৰে, তেনেহলে হে অল্পবিশ্বাসী সকল, তেওঁ তাতকৈ তোমালোকক অধিক ভূষিত নকৰিব নে?
তেতিয়া যীচুৱে তেওঁলোকক ক’লে, “অল্পবিশ্বাসীৰ দল! তোমালোকে কিয় ইমান ভয় খাইছা?” পাছত তেওঁ উঠি, বতাহ আৰু সাগৰক ডবিয়ালে; তেতিয়া সকলোবোৰ অতি শান্ত হ’ল।
পাছত এঘাৰ জনে ভোজনত বহি থাকোঁতে, যীচুৱে তেওঁলোকক দেখা দিলে আৰু তেওঁৰ উত্থানৰ পাছত, তেওঁক দেখা পোৱা সকলক বিশ্বাস নকৰাৰ কাৰণে তেওঁলোকৰ অবিশ্বাস আৰু কঠিন মনক গৰিহণা কৰিলে।
এতিয়া আমি বুজি পালোঁ যে আপুনি সকলো জানে, কোনো ব্যক্তিয়ে আপোনাক সুধাৰ আগতেই আপুনি তাৰ উত্তৰ দিব পাৰে, আপুনি যে ঈশ্বৰৰ পৰা আহিছে, ইয়াকে আমি বিশ্বাস কৰিছোঁ।
সৃষ্টিৰ একো বস্তুৱেই ঈশ্বৰৰ দৃষ্টিৰ অগোচৰ নহয়; তেওঁৰ চকুৰ আগত সকলোৱেই উদং আৰু মুকলি৷ তেওঁৰ ওচৰত আমি অৱশ্যেই হিচাব দিব লাগিব।
মৃত্যুৰ দ্বাৰাই মই তেওঁৰ সন্তান সকলক আঘাত কৰিম; তাতে মই যে মন আৰু হৃদয়ৰ অনুসন্ধানকাৰী, সেই বিষয়ে সকলো মণ্ডলীয়ে জানিব; আৰু তোমালোকৰ প্ৰত্যেক জনকো নিজ নিজ কৰ্মৰ দৰে প্ৰতিফল দিম।