31 যীচুৱে তেতিয়াই নিজে হাত মেলি তেওঁক ধৰি ক’লে, “অল্পবিশ্বাসী, কিয় সন্দেহ কৰিলা?”
তাৰবাবে অব্ৰাহামে সেই ঠাইৰ নাম যিহোৱা-যিৰি ৰাখিলে; সেয়ে আজিও লোকে এইবুলি কয়, “যিহোৱাৰ পাহাৰত যিহোৱায়ে যোগাই দিব।”
যেতিয়া মই সঙ্কটৰ মাজেদি গমন কৰোঁ, তেতিয়া তুমি মোৰ প্রাণ ৰক্ষা কৰিবা; তুমি মোৰ শত্ৰুবোৰৰ ক্ৰোধৰ অহিতে তোমাৰ হাত মেলিবা আৰু তোমাৰ সোঁ হাতেৰে মোক উদ্ধাৰ কৰিবা।
মোচিৰ সোঁহাতত নিজৰ প্ৰৰাক্রমী শক্তি দিয়া ঈশ্বৰ ক’ত? নিজৰ নাম চিৰস্থায়ী কৰিবৰ অৰ্থে তেওঁলোকৰ আগত জল সমূহ দুভাগ কৰা ঈশ্বৰ ক’ত?
কিন্তু বতাহ দেখা পাই তেওঁ ভয় খোৱাত ডুবিবলৈ ধৰিলে। তেতিয়া তেওঁ চিঞৰি মাতিলে, “প্ৰভু, মোক বচাওঁক।”
পাছত যেতিয়া যীচু আৰু পিতৰ নাৱত উঠিল, বতাহ নাইকিয়া হ’ল।
এই কথা বুজিব পাৰি যীচুৱে ক’লে, “অল্পবিশ্বাসী সকল, তোমালোকে নিজৰ মাজত পিঠা লৈ নহাৰ কাৰণে এই কথা কৈছোঁ বুলি কিয় আলোচনা কৰিছা?
যীচুৱে তেওঁলোকক ক’লে, “তোমালোকৰ অল্প-বিশ্বাসৰ কাৰণে; কিয়নো মই তোমালোকক স্বৰূপকৈ কওঁ, এটি সৰিয়হ গুটিৰ সমানো যদি তোমালোকৰ বিশ্বাস থাকে, তেনেহলে এই পৰ্বতটোক যদি তোমালোকে কোৱা ‘ইয়াৰ পৰা তালৈ যা’ তেতিয়া ই যাব৷ তোমালোকৰ বাবে একোৱেই অসাধ্য নহব।
এতেকে, পথাৰৰ যি বন আজি আছে, কাইলৈ জুইশালত পেলোৱা হ’ব, সেই বনকো যদি ঈশ্বৰে এনেকৈ ভূষিত কৰে, তেনেহলে হে অল্পবিশ্বাসী সকল, তেওঁ তাতকৈ তোমালোকক অধিক ভূষিত নকৰিব নে?
তেতিয়া যীচুৱে তেওঁলোকক ক’লে, “অল্পবিশ্বাসীৰ দল! তোমালোকে কিয় ইমান ভয় খাইছা?” পাছত তেওঁ উঠি, বতাহ আৰু সাগৰক ডবিয়ালে; তেতিয়া সকলোবোৰ অতি শান্ত হ’ল।
তাতে তেওঁ ওচৰলৈ আহি তেওঁৰ হাতত ধৰিলে আৰু তেওঁক তুলিলে৷ তেতিয়া সেই জ্বৰে তেওঁক এৰিলে, আৰু তেওঁ তেওঁলোকৰ সেৱা-শুশ্রূষা কৰিবলৈ ধৰিলে।
তেতিয়া তেওঁৰ মৰম লাগিল আৰু হাত মেলি তেওঁক চুই ক’লে, “মই ইচ্ছা কৰিছোঁ৷ শুচি হোৱা”।
মই তোমালোকক স্বৰূপকৈ কওঁ, যি কোনোৱে এই পৰ্বতটোক যদি কয়, ইয়াৰ পৰা উঠি সাগৰত পৰ গৈ, আৰু মনত সন্দেহ নকৰি যি জনে কয় আৰু তেওঁ যদি সেয়ে ঘটিব বুলি বিশ্বাস কৰে, তেনেহলে তেওঁলৈ ঈশ্বৰে সেয়ে সিদ্ধ কৰিব।
কিন্তু তোমালোকে গৈ, তেওঁৰ আন শিষ্য সকলৰ লগতে পিতৰক কোৱাগৈ যে, ‘তেওঁ তোমালোকৰ আগেয়ে গালীল প্ৰদেশলৈ যাব আৰু তাতে তেওঁ যেনেকৈ তোমালোকক কৈছিল, তেনেকৈ তোমালোকে তেওঁক দেখা পাবা’।”
যীচুৱে তেওঁলোকক ক’লে, “তোমালোক কিয় ভয়াতুৰ হৈছা? এতিয়ালৈকে বিশ্বাস হোৱা নাই নে?”
পাছত তেওঁ ছোৱালী জনীৰ হাতত ধৰি তাইক কলে, “টালিথা কুমী”; অৰ্থাৎ, “আইটি, মই তোমাক কওঁ, উঠা।”
তেওঁলোকক ক’লে, “নিশ্চয় প্ৰভু উঠিল; আৰু চিমোনক দেখা দিলে।”
তোমাৰ পবিত্ৰ দাস যীচুৰ নামেৰে সুস্থ কৰিবলৈ, আচৰিত কার্য আৰু চিন দেখুৱাবলৈ তুমি তোমাৰ হাত আগবঢ়াই দিয়া”।
যিহোৱাই যেতিয়া দেখিব যে, তেওঁৰ লোকসকলৰ শক্তি নোহোৱা হৈছে, বন্দী কি স্বাধীন কাৰো শক্তি নোহোৱা হৈছে, তেতিয়া অৱশ্যেই যিহোৱাই তেওঁৰ লোকসকলৰ পক্ষ লব, তেওঁৰ দাসবোৰক কৃপা কৰিব।
মোৰ ইচ্ছা এয়ে যে, সকলো ঠাইতে পুৰুষ সকলে ক্ৰোধ আৰু বাদ-বিবাদৰ মনোভাৱ নাৰাখি পবিত্ৰ হাত দাঙি প্ৰাৰ্থনা কৰক৷
শেষৰ কালত প্ৰকাশিত হ’বলৈ যুগুত হোৱা পৰিত্রাণৰ কাৰণে, ঈশ্বৰৰ শক্তিত আপোনালোকো বিশ্বাসৰ দ্বাৰাই ৰক্ষিত হৈ আছে।