অনলাইন বাইবেল

বিজ্ঞাপন


গোটেই বাইবেলখন অ.টি. নতুন নিয়ম




বিলা 3:5 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

তেওঁ মোৰ অহিতে চাৰিওফালে তিক্ততা আৰু শ্ৰান্তিৰূপ গড়েৰে অৱৰোধ কৰিলে।

অধ্যায়টো চাওক



বিলা 3:5
8 পৰস্পৰ সংযোগসমূহ  

মই পাৰ হ’ব নোৱাৰাকৈ তেওঁ মোৰ বাটত জেওৰা দিছে, আৰু মোৰ পথ আন্ধাৰ কৰিছে।


তেওঁলোকে মোক আহাৰৰ বাবে বিহ দিলে; মোৰ পিয়াহত তেওঁলোকে মোক টেঙা ৰস পান কৰালে।


এই হেতুকে বাহিনীসকলৰ যিহোৱাই সেই ভাববাদীসকলৰ বিষয়ে এই কথা কৈছে, “চোৱা, মই তেওঁলোকক নাগদানা ভোজন কৰাম, আৰু বিহ গছৰ ৰস পান কৰাম, কিয়নো যিৰূচালেমৰ ভাববাদীসকলৰ পৰা অপৱিত্ৰতা ওলাই গোটেই দেশত ব্যাপিল।”


“আমি কিয় বহি থাকোঁ? আহাঁ, আমি একে লগ হৈ গড়েৰে আবৃত নগৰত সোমাওঁ, আৰু তাত নিজম দি থাকোঁ, কিয়নো আমাৰ ঈশ্বৰে আমাৰ মুখ বন্ধ কৰিলে, আৰু বিহ গছৰ ৰস পান কৰালে, কাৰণ আমি যিহোৱাৰ বিৰুদ্ধে পাপ কৰিলোঁ।


এই হেতুকে ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: চোৱা, মই এই লোকসকলক নাগদানা ভোজন কৰোৱাম, আৰু বিহ গছৰ ৰস পান কৰোৱাম।


মোৰ দুখ আৰু তাড়না সোঁৱৰণ কৰোঁতে, মই নাগদানা আৰু বিহ সোঁৱৰণ কৰোঁ।


যেতিয়া যিৰূচালেম সৈন্য সকলৰ দ্বাৰাই বেৰি ধৰা দেখিবা, তেতিয়া তাৰ ধ্বংস ওচৰ চাপিল বুলি জানিবা।