Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




যিৰি 23:15 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

15 এই হেতুকে বাহিনীসকলৰ যিহোৱাই সেই ভাববাদীসকলৰ বিষয়ে এই কথা কৈছে, “চোৱা, মই তেওঁলোকক নাগদানা ভোজন কৰাম, আৰু বিহ গছৰ ৰস পান কৰাম, কিয়নো যিৰূচালেমৰ ভাববাদীসকলৰ পৰা অপৱিত্ৰতা ওলাই গোটেই দেশত ব্যাপিল।”

অধ্যায়টো চাওক কপি কৰক




যিৰি 23:15
12 পৰস্পৰ সংযোগসমূহ  

তেওঁলোকে মোক আহাৰৰ বাবে বিহ দিলে; মোৰ পিয়াহত তেওঁলোকে মোক টেঙা ৰস পান কৰালে।


এই হেতুকে “যি ভাববাদীবোৰক মই পঠোৱা নাই, তথাপি তৰোৱাল আৰু আকাল এই দেশত নহব বুলি কৈ তেওঁলোকে মোৰ নামেৰে ভাববাণী প্ৰচাৰ কৰে: সেই ভাববাদীসকলৰ বিষয়ে যিহোৱাই এই কথা কৈছে, তৰোৱাল আৰু আকালৰ দ্বাৰাই সেই ভাববাদীসকলক সংহাৰ কৰা যাব।


“আমি কিয় বহি থাকোঁ? আহাঁ, আমি একে লগ হৈ গড়েৰে আবৃত নগৰত সোমাওঁ, আৰু তাত নিজম দি থাকোঁ, কিয়নো আমাৰ ঈশ্বৰে আমাৰ মুখ বন্ধ কৰিলে, আৰু বিহ গছৰ ৰস পান কৰালে, কাৰণ আমি যিহোৱাৰ বিৰুদ্ধে পাপ কৰিলোঁ।


কিন্তু নিজ মনৰ কঠিনতা অনুসাৰে আৰু তেওঁলোকৰ পূৰ্বপুৰুষসকলে তেওঁলোকক শিকোৱা বাল দেৱতাবোৰৰ পাছত চলিলে।


এই হেতুকে ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: চোৱা, মই এই লোকসকলক নাগদানা ভোজন কৰোৱাম, আৰু বিহ গছৰ ৰস পান কৰোৱাম।


তেওঁ মোক তিতাৰে পূৰ কৰিলে আৰু মোক অধিককৈ নাগদানা খুৱালে।


মোৰ দুখ আৰু তাড়না সোঁৱৰণ কৰোঁতে, মই নাগদানা আৰু বিহ সোঁৱৰণ কৰোঁ।


তেওঁ মোৰ অহিতে চাৰিওফালে তিক্ততা আৰু শ্ৰান্তিৰূপ গড়েৰে অৱৰোধ কৰিলে।


বাহিনীসকলৰ যিহোৱাৰ ঘোষণা এই - “সেইদিনা মই দেশৰ পৰা প্ৰতিমাবোৰৰ নাম লুপ্ত কৰিম, তেতিয়া সেইবোৰক পুনৰ সোঁৱৰণ কৰা নহ’ব; আৰু মই ভাববাদীসকলক আৰু অশুচিতাজনক আত্মাক দেশৰ পৰা উলিয়াই পঠিয়াম।


তাতে তেওঁলোকে তেওঁক তিতাৰে মিহলি দ্ৰাক্ষাৰস পান কৰিবলৈ দিলে; কিন্তু তেওঁ তাক চেকি চাই পান কৰিবলৈ ইচ্ছা নকৰিলে।


সেয়ে আপোনালোকৰ মাজত যেন আজি এনে কোনো পুৰুষ বা মহিলা নাইবা কোনো পৰিয়াল বা গোষ্ঠী নাথাকক, যাৰ অন্তৰ আমাৰ ঈশ্বৰ যিহোৱাৰ পৰা দূৰ হৈ সেই জাতিবোৰৰ দেৱতাবোৰৰ পূজা কৰাত আগ্রহী। তেনে কোনো বিষাক্ত তিতা ফল উৎপন্ন কৰা শিপা আপোনালোকৰ মাজত গঢ় লৈ নুঠক।


সেই তৰাৰ নাম নাগদানা৷ তাতে জলৰ তিনি ভাগৰ এভাগ নাগদানা হ’ল আৰু পানী তিতা হোৱাত সেই পানীৰ কাৰণে অনেক মানুহ মৰিল।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন