বিলা 2:18 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তেওঁলোকে মনতে প্ৰভুৰ আগত কাতৰোক্তি কৰি ক’লে, “হে চিয়োন-জীয়াৰীৰ গড়, দিনে-ৰাতিয়ে চকু লো নৈৰ নিচিনাকৈ বৈ থাকক। তুমি নিজকে অলপো বিশ্ৰাম নিদিবা। তোমাৰ চকুৰ মনিক শান্ত হ’বলৈ নিদিবা। |
মই সমস্ত মনেৰে প্ৰাৰ্থনা কৰিলোঁ, হে যিহোৱা, মোক উত্তৰ দিয়া; মই তোমাৰ বিধিবোৰ পালন কৰিম।
কিন্তু তোমালোকে যদি তাক নুশুনা, তোমালোকৰ গৰ্ব্বৰ কাৰণে মোৰ মনে নিৰলে ক্ৰন্দন কৰিব। আৰু যিহোৱাৰ জাকক বন্দী কৰি নিয়াৰ বাবে মোৰ চকুৰ পৰা বহু অশ্রু ওলাব, আৰু পানীৰে ধাৰ বব।
তুমি তেওঁলোকক এই কথা কোৱা, দিনে-ৰাতিয়ে মোৰ চকুৰ পৰা ধাৰেৰে পানী বৈ থাকক, নাথামক। কিয়নো মোৰ জাতিস্বৰূপা কুমাৰী জীয়াৰী মহা-আঘাতত, আৰু অত্যন্ত কষ্টদায়ক প্ৰহাৰত ভগ্ন হ’ল।
কিয়নো মই ইতিমধ্যেই যিৰূচালেমৰ লোকসকলৰ মাত শুনিবলৈ পালোঁ যেন এগৰাকি প্ৰসৱকাৰিণী স্ত্রীৰ কান্দোন, প্ৰথম লৰা ওপজোৱা জনীৰ বেদনাৰ শব্দ যেন শুনিছোঁ; কোনোজনৰ পৰা সহায় পাবলৈ কান্দি কান্দি কাতৰোক্তি কৰি কোৱাৰ দৰেহে যেন কৈছে, “মোৰ সৰ্ব্বনাশ! কিয়নো বধকাৰীবোৰৰ আগত মোৰ প্ৰাণ অচেতন হৈছে,” এই বুলি কৈ দীঘল নিশ্বাস পেলোৱা; হাত বিস্তাৰ কৰা চিয়োন জীয়াৰীৰ শব্দ শুনিছোঁ!”
মোৰ মূৰ জলময়, আৰু মোৰ চকু দুটা চকু-লোৰ ভুমুকস্বৰূপ হোৱা হ’লে! কেনে ভাল আছিল, অহ, মোৰ জাতিস্বৰূপা জীয়াৰীৰ হত হোৱাসকলৰ বাবে দিনে ৰাতিয়ে ক্রন্দন কৰিব পাৰিলেহেঁতেন।
এইবোৰ কথাৰ কাৰণে মই কান্দিছোঁ। মোৰ চকুৰ পৰা পানী বৈ গৈছে; কিয়নো মোৰ প্ৰাণ জুৰাব পৰা শান্ত্বনাকাৰীজন মোৰ পৰা আঁতৰত আছে। শত্ৰু জয়ী হোৱাত মোৰ সন্তান সকল অৱহেলিত হ’ল।
তাই ৰাতি উচুপি বিলাপ কৰে আৰু তাইৰ চকুৰ পানী গালেৰে বৈ যায়। তাইৰ প্ৰেমিক সকলৰ মাজত তাইক শান্ত্বনা দিবলৈ কোনো নাই। তাইৰ সকলো বন্ধুৱে তাইক বিশ্বাস-ঘাতকতা কৰিলে। তেওঁলোক তাইৰ শত্ৰু হ’ল।
যিহোৱাই উদ্দেশ্যমূলকভাৱে চিয়োন-জীয়াৰীৰ গড় নষ্ট কৰিবলৈ মনস্থ কৰিলে। তেওঁ পৰিমান-জৰী পাৰি সেই গড় বিনষ্ট কৰাৰ পৰা তেওঁৰ হাত নোকোঁচালে। আৰু তেওঁ দুৰ্গৰ চৰিওফালে থকা গড়বোৰক বিলাপ কৰালে আৰু দুৰ্গবোৰ শক্তিহীন কৰিলে।
তেওঁলোকে নিজৰ বিচনাৰ ওপৰত বিলাপ কৰিলে, কিন্তু অন্তৰৰ পৰা মোৰ ওচৰত তেওঁলোকে কাতৰোক্তি নকৰিলে। শস্য আৰু নতুন দ্ৰাক্ষাৰস পাবৰ কাৰণে তেওঁলোক একগোট হয় আৰু মোৰ অহিতে বিদ্ৰোহ কৰে।