16 এইবোৰ কথাৰ কাৰণে মই কান্দিছোঁ। মোৰ চকুৰ পৰা পানী বৈ গৈছে; কিয়নো মোৰ প্ৰাণ জুৰাব পৰা শান্ত্বনাকাৰীজন মোৰ পৰা আঁতৰত আছে। শত্ৰু জয়ী হোৱাত মোৰ সন্তান সকল অৱহেলিত হ’ল।
তেওঁলোকৰ শত্ৰুবোৰে তেওঁলোকৰ ওপৰত উপদ্ৰৱ চলালে, তেওঁলোকৰ ক্ষমতাৰ অধীনত তেওঁলোক বশীভূত হ’ল।
মোৰ চকুৰ পৰা চকুলোৰ নদী বৈ গৈছে; কিয়নো লোকসকলে তোমাৰ ব্যৱস্থা পালন নকৰে।
তীব্র তিৰস্কাৰত মোৰ মন ভগ্ন হৈ দুখেৰে ভৰি পৰিল; কোনোবাই মোক কৃপা কৰিব বুলি মই বাট চালোঁ, কিন্তু কোনো নাছিল; শান্ত্বনা কৰাসকললৈ অপেক্ষা কৰিলোঁ, কিন্তু এজনো নাপালোঁ।
পুনৰ মই সূৰ্যৰ তলত যি সকলো উপদ্রৱ হয়, সেইবোৰলৈ এবাৰ চালোঁ। চোৱা, উপদ্রৱ পোৱা লোকসকলে কান্দিছে, কিন্তু তেওঁলোকক শান্তনা দিওঁতা কোনো নাই; যিসকলে উপদ্রৱ কৰে, তেওঁলোকৰ হাতত ক্ষমতা আছে; কিন্তু উপদ্রৱ পোৱাসকলক শান্তনা দিওঁতা কোনো নাই।
হে পীড়িত জন, ধুমুহাত ক্ষতিগ্রস্ত আৰু শান্ত্বনা নোপোৱা জন, চোৱা, মই ফিৰোজাৰে তোমালোকৰ ফুটপাথ, আৰু নীলকান্ত মণিৰে তোমালোকৰ ভিত্তিমূল স্থাপন কৰিম।
কিন্তু তোমালোকে যদি তাক নুশুনা, তোমালোকৰ গৰ্ব্বৰ কাৰণে মোৰ মনে নিৰলে ক্ৰন্দন কৰিব। আৰু যিহোৱাৰ জাকক বন্দী কৰি নিয়াৰ বাবে মোৰ চকুৰ পৰা বহু অশ্রু ওলাব, আৰু পানীৰে ধাৰ বব।
তুমি তেওঁলোকক এই কথা কোৱা, দিনে-ৰাতিয়ে মোৰ চকুৰ পৰা ধাৰেৰে পানী বৈ থাকক, নাথামক। কিয়নো মোৰ জাতিস্বৰূপা কুমাৰী জীয়াৰী মহা-আঘাতত, আৰু অত্যন্ত কষ্টদায়ক প্ৰহাৰত ভগ্ন হ’ল।
কিয়নো হে যিৰূচালেম, কোনে তোমাক দয়া কৰিব, আৰু তোমাৰ বাবে বিলাপ কৰিব? বা তোমাৰ মঙ্গল সুধিবলৈ কোনে এফলীয়া হৈ যাব?
অহ, মই দুখ-নিবাৰক শান্তনা পোৱা হ’লে, কেনে ভাল আছিল! মোৰ হৃদয় মোৰ অন্তৰত অতি দুৰ্ব্বল হৈছে।
মোৰ মূৰ জলময়, আৰু মোৰ চকু দুটা চকু-লোৰ ভুমুকস্বৰূপ হোৱা হ’লে! কেনে ভাল আছিল, অহ, মোৰ জাতিস্বৰূপা জীয়াৰীৰ হত হোৱাসকলৰ বাবে দিনে ৰাতিয়ে ক্রন্দন কৰিব পাৰিলেহেঁতেন।
মই পৰ্ব্বতবোৰৰ কাৰণে ক্ৰন্দন আৰু হাহাঁকাৰ কৰিম, আৰু অৰণ্যৰ চৰণীয়া ঠাইৰ কাৰণে বিলাপ কৰিম। কিয়নো সেইবোৰৰ মাজেদি কোনেও যাব নোৱাৰাকৈ সেইবোৰ দগ্ধ হ’ল, পশুৰ মাত তাত শুনা নাযায়, আকাশৰ চৰাইবোৰ আৰু পশুবোৰো পলাই গুচি গ’ল।
কিয়নো মৃত্যুৱে বাহিৰত লৰাহঁত আৰু চকত ডেকাসকল উচ্চন্ন কৰিলে। খিড়িকিয়েদি উঠি আমাৰ অট্ৰালিকাবোৰত সোমাল।
তাই ৰাতি উচুপি বিলাপ কৰে আৰু তাইৰ চকুৰ পানী গালেৰে বৈ যায়। তাইৰ প্ৰেমিক সকলৰ মাজত তাইক শান্ত্বনা দিবলৈ কোনো নাই। তাইৰ সকলো বন্ধুৱে তাইক বিশ্বাস-ঘাতকতা কৰিলে। তেওঁলোক তাইৰ শত্ৰু হ’ল।
তাইৰ চুৱা, তাইৰ কাপোৰৰ আঁচলত লাগি আছে। তাই নিজৰ শেষ গতিলৈ মন নকৰিলে। এই কাৰণে আচৰিতৰূপে তাইৰ অধোগতি হ’ল। তাইক শান্ত্বনা দিওঁতা কোনো নাই। হে যিহোৱা, মোৰ ক্লেশলৈ দৃষ্টি কৰক, কাৰণ শত্ৰু অতি মহান হ’ল!
মোৰ চকু-লো বন্ধ হৈ ৰঙা হ’ল; মোৰ হৃদয় অত্যন্ত দুখিত হৈছে। মোৰ জাতিস্বৰূপ জীয়াৰীৰ লোকসকলৰ ধ্বংসৰ কাৰণে মোৰ কলিজাৰ পিত্তপানী মাটিত ঢলা হৈছে, কিয়নো নগৰৰ বাটবোৰত শিশু আৰু পিয়াহ খোৱা কেঁচুৱাসকল মুৰ্চ্ছিত হৈছে আৰু মৃত্যুৰ মুখত পৰিছে।
তেওঁলোকে মনতে প্ৰভুৰ আগত কাতৰোক্তি কৰি ক’লে, “হে চিয়োন-জীয়াৰীৰ গড়, দিনে-ৰাতিয়ে চকু লো নৈৰ নিচিনাকৈ বৈ থাকক। তুমি নিজকে অলপো বিশ্ৰাম নিদিবা। তোমাৰ চকুৰ মনিক শান্ত হ’বলৈ নিদিবা।
যদিওবা কোনোৱে সন্তান সকলক ডাঙৰ-দীঘল কৰে, সেই সন্তান সকলৰ মৃত্যু ঘটাই মই তেওঁলোকক সন্তানহীন কৰিম; তেওঁলোকৰ এজনো অৱশিষ্ট নাথাকিব। যেতিয়া মই তেওঁলোকৰ ওচৰৰ পৰা আঁতৰি যাম, তেওঁলোকৰ অৱশ্যেই সন্তাপ হ’ব।