হে যিহোৱা, আমাক নহয়, আমাক নহয়, কিন্তু তোমাৰ নামকহে গৌৰৱাম্বিত কৰা; তোমাৰ অসীম প্রেম আৰু বিশ্ৱস্ততাৰ অর্থেই কৰা।
বিচাৰ 8:3 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 ঈশ্বৰে আপোনালোকৰ হাতত মিদিয়নীয়াসকলৰ নেতা ওৰেব আৰু জেবক সমৰ্পণ কৰিলে। আপোনালোকৰ তুলনাত মইনো বিশেষ কি কৰিব পাতিলোঁ?” গিদিয়োনৰ এনে কথা শুনাৰ পাছত তেওঁৰ প্রতি থকা তেওঁলোকৰ খং নাইকিয়া হ’ল। |
হে যিহোৱা, আমাক নহয়, আমাক নহয়, কিন্তু তোমাৰ নামকহে গৌৰৱাম্বিত কৰা; তোমাৰ অসীম প্রেম আৰু বিশ্ৱস্ততাৰ অর্থেই কৰা।
তেওঁলোকে নিজৰ তৰোৱালৰ দ্বাৰাই সেই দেশ অধিকাৰ কৰা নাছিল, নিজৰ বাহুৰ শক্তিত জয় লাভ কৰা নাছিল; কিন্তু তোমাৰ সোঁ হাত, তোমাৰ বাহু, আৰু তোমাৰ মুখৰ দীপ্তিয়েহে তাক কৰিছিল; কিয়নো আমাৰ লোকসকলৰ ওপৰত তোমাৰ অনুগ্ৰহ আছিল।
কিয়নো মোক দিয়া অনুগ্ৰহৰ দ্বাৰাই মই আপোনালোকৰ প্ৰত্যেক জনক কওঁ যে, উপযুক্ত বিবেচনাতকৈ কোনেও নিজকে বৰ বুলি বিবেচনা নকৰক; কিন্তু ঈশ্বৰে যাক যি পৰিমাণে বিশ্বাস দিলে, তেওঁ সেই অনুসাৰে নিজৰ বিষয়ে গভীৰ মনেৰে বিবেচনা কৰক।
কিন্তু আমাক দিয়া অনুগ্ৰহৰ দৰে, আমি পৃথক পৃথক অনুগ্ৰহৰ বৰ প্ৰাপ্ত হৈছোঁ৷ সেই বৰ যদি ভাববাণী হয়, তেনেহলে বিশ্বাসৰ পৰিমাণেৰে সেয়া কওঁহক৷
আপোনালোকে বিৰোধ বা অনৰ্থক দৰ্পেৰে একো নকৰিব; কিন্তু নম্ৰভাবে প্ৰত্যেকে নিজতকৈ অানক উত্তম বুলি মান্য কৰক৷
তেওঁ তেওঁলোকক ক’লে, “এতিয়া আপোনালোকৰ তুলনাত মইনো এনে কি কাম কৰিলোঁ? অবীয়াচৰ বংশধৰৰ মাজত তোলা সমস্ত আঙুৰৰ খেতিৰ শস্যতকৈ জানো ইফ্ৰয়িমৰ ভূমিত তোলা আঙুৰবোৰ উত্তম নহয়?
গিদিয়োন আৰু তেওঁৰ লগত থকা তিনি শ লোকে মিদিয়নীয়া শত্ৰুবোৰক খেদি খেদি গৈ যৰ্দ্দন নদীৰ ওচৰলৈকে আহি নদীখন পাৰ হ’ল। তেতিয়া তেওঁলোক অতি ক্লান্ত হৈ পৰিছিল।