গীত 44:3 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 20193 তেওঁলোকে নিজৰ তৰোৱালৰ দ্বাৰাই সেই দেশ অধিকাৰ কৰা নাছিল, নিজৰ বাহুৰ শক্তিত জয় লাভ কৰা নাছিল; কিন্তু তোমাৰ সোঁ হাত, তোমাৰ বাহু, আৰু তোমাৰ মুখৰ দীপ্তিয়েহে তাক কৰিছিল; কিয়নো আমাৰ লোকসকলৰ ওপৰত তোমাৰ অনুগ্ৰহ আছিল। অধ্যায়টো চাওক |
আৰু তোমাৰ প্ৰজা ইস্ৰায়েললোকৰ তুল্য, যিসকলক ঈশ্বৰে নিজৰ কাৰণে মুক্ত কৰি নিজ প্ৰজা কৰিবলৈ আৰু নিজৰ নাম কীৰ্ত্তিমন্ত কৰিবলৈ আৰু মিচৰৰ পৰা অৰ্থাৎ অনা-ইস্ৰায়েলী আৰু তেওঁলোকৰ দেৱতাবোৰৰ মাজৰ পৰা তুমি মুক্ত কৰা তোমাৰ প্ৰজাৰ আগত আমাৰ পক্ষে মহৎ কৰ্ম আৰু তোমাৰ দেশৰ পক্ষে নানা ভয়ঙ্কৰ কৰ্ম সিদ্ধ কৰিবলৈ তুমি আগমণ কৰিলা, পৃথিৱীৰ মাজত এনে আন কোন জাতি আছে?