যেন তেওঁলোকৰ বিৰুদ্ধে লিখিত বিচাৰ নিষ্পত্তি কৰিব পাৰে, এয়েই তেওঁৰ সকলো ভক্তৰ গৌৰৱ। তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা।
বিচাৰ 8:20 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তাৰ পাছত তেওঁ নিজৰ বৰ পুতেক যেথৰক ক’লে, “উঠি, ইহঁতক বধ কৰ!” কিন্তু সেই কুমলীয়া ল’ৰাজনে নিজৰ তৰোৱাল নুলিয়ালে; সি তেতিয়া অল্পবয়সীয়া ল’ৰা আছিল বাবে ভয় কৰিলে। |
যেন তেওঁলোকৰ বিৰুদ্ধে লিখিত বিচাৰ নিষ্পত্তি কৰিব পাৰে, এয়েই তেওঁৰ সকলো ভক্তৰ গৌৰৱ। তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা।
এইদৰে সেই ৰজা কেইজনক তেওঁৰ ওচৰলৈ লৈ অহাৰ পাছত যিহোচূৱাই ইস্ৰায়েলৰ পুৰুষসকলক মাতি আনিলে আৰু তেওঁৰ লগত নিজৰ লগত যোৱা সেনাপতি সকলক আজ্ঞা কৰিলে, “বোলে, তোমালোকে ওচৰলৈ আহি এই ৰজাসকলৰ ডিঙিত ভৰি দিয়া।” এই হেতুকে তেওঁলোকে ওচৰলৈ আহি তেওঁলোকৰ ডিঙিত ভৰি দিলে।
গিদিয়োনে ক’লে, “সেইসকল মোৰ ভাই আছিল; মোৰ আইৰ সন্তান; জীৱন্ত ঈশ্বৰৰ শপত, আপোনালোকে যদি তেওঁলোকক জীয়াই ৰাখিলোঁহেঁতেন, তেন্তে মই আপোনালোকক বধ নকৰিলোঁহেঁতেন।”
তেতিয়া জেবহ আৰু চলমুন্নাই গিদিয়োনক ক’লে, “আপুনিয়েই উঠি আমাক বধ কৰক! কিয়নো যি যেনে মানুহ, তাৰ শক্তিও তেনে।” তেতিয়া গিদিয়োনে উঠি জেবহ আৰু চলমুন্নাক বধ কৰিলে, আৰু তেওঁলোকৰ উটৰ ডিঙিৰ পৰা চন্দ্ৰহাৰবোৰ খুলি ল’লে।
চমূৱেলে উত্তৰ দি ক’লে, “যিদৰে তোমাৰ তৰোৱালে অনেক মহিলাক সন্তানহীনা কৰিলে, সেইদৰে মহিলাসকলৰ মাজত তোমাৰ মাতৃও সন্তানহীনা হ’ব।” এইদৰে কৈ, চমূৱেলে গিলগলত যিহোৱাৰ সন্মুখত অগাগক ডোখৰ ডোখৰ কৰি কাটিলে।