19 গিদিয়োনে ক’লে, “সেইসকল মোৰ ভাই আছিল; মোৰ আইৰ সন্তান; জীৱন্ত ঈশ্বৰৰ শপত, আপোনালোকে যদি তেওঁলোকক জীয়াই ৰাখিলোঁহেঁতেন, তেন্তে মই আপোনালোকক বধ নকৰিলোঁহেঁতেন।”
ৰজাই শপত কৰি ক’লে, “যিজন সৰ্ব্বশক্তিমান ঈশ্বৰে সকলো সঙ্কটৰ পৰা মোৰ প্ৰাণ মুক্ত কৰিলে, সেই জীৱন্ত যিহোৱাৰ শপত,
ৰক্তপাতৰ প্ৰতিকাৰসাধকে নিজে তেনে মানুহ বধীক বধ কৰিব পাৰিব; সি তাক লগ পালেই বধ কৰিব পাৰিব।
তাৰ পাছত তেওঁ জেবহ আৰু চলমুন্নাক সুধিলে, “তাবোৰত আপোনালোকে কেনে লোকসকলক বধ কৰিছিলে?” তেওঁলোকে উত্তৰ দিলে, “আপুনি যেনেকুৱা, তেওঁলোকো তেনেকুৱা আছিল; তেওঁলোক প্ৰতিজন দেখাত ৰাজপুত্র সদৃশ আছিল।”
তাৰ পাছত তেওঁ নিজৰ বৰ পুতেক যেথৰক ক’লে, “উঠি, ইহঁতক বধ কৰ!” কিন্তু সেই কুমলীয়া ল’ৰাজনে নিজৰ তৰোৱাল নুলিয়ালে; সি তেতিয়া অল্পবয়সীয়া ল’ৰা আছিল বাবে ভয় কৰিলে।
আজি ৰাতি ইয়াতে থাকা৷ ৰাতিপুৱা তেওঁ যদি ওচৰ সম্পৰ্কীয় হিচাপে তোমাক গ্ৰহণ কৰে, তেন্তে ভালেই, তেওঁৱেই সেই কাৰ্য কৰক৷ কিন্তু তেওঁ তোমাক যদি গ্ৰহণ কৰিবলৈ ইচ্ছা নকৰে, তেন্তে যিহোৱাৰ জীৱনৰ শপত, ময়েই তোমাক গ্ৰহণ কৰিম। তুমি ৰাতিপুৱালৈকে ইয়াতেই শুই থাকা।”