ৰজাই তেওঁলোকক সুধিলে, “যি মানুহজনে তোমালোকৰ লগত সাক্ষাত কৰি এই কথা ক’লে, তেওঁ বাৰু দেখাত কেনেকুৱা আছিল?”
বিচাৰ 8:18 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তাৰ পাছত তেওঁ জেবহ আৰু চলমুন্নাক সুধিলে, “তাবোৰত আপোনালোকে কেনে লোকসকলক বধ কৰিছিলে?” তেওঁলোকে উত্তৰ দিলে, “আপুনি যেনেকুৱা, তেওঁলোকো তেনেকুৱা আছিল; তেওঁলোক প্ৰতিজন দেখাত ৰাজপুত্র সদৃশ আছিল।” |
ৰজাই তেওঁলোকক সুধিলে, “যি মানুহজনে তোমালোকৰ লগত সাক্ষাত কৰি এই কথা ক’লে, তেওঁ বাৰু দেখাত কেনেকুৱা আছিল?”
মানুহে মানুহৰ ওচৰত মিছা কথা কয়; তেওঁলোকে তৈলমৰ্দনকাৰী ওঁঠ আৰু ছলনা ভৰা দুই মনৰ অন্তৰেৰে কথা কয়।
তেওঁলোকৰ ককালত টঙালি বন্ধা আৰু তাৰে সৈতে মূৰত ওলোমি থকা পাগুৰি মৰা! তেওঁলোক সকলোৱেই দেখিবলৈ সেনাপতি দলৰ নিচিনা, যি বাবিলীয়াসকলৰ জন্মদেশ যেন দেখা যায়।
তেওঁলোক বিবাদকাৰী, স্ব-ভাগ্য নিন্দক আৰু নিজ নিজ অভিলাষৰ অনুগামী; তেওঁলোকৰ মুখে গৰ্ব-কথা কয়; তেওঁলোকে লাভৰ অৰ্থে মানুহৰ মুখৰ প্ৰশংসা কৰে।
তেওঁ নপ্তালী দেশৰ কেদচৰ পৰা অবীনোৱমৰ পুত্ৰ বাৰাকক মাতি আনি ক’লে, “ইস্রায়েলৰ ঈশ্বৰ যিহোৱাই আপোনাক এই আজ্ঞা দিছে, ‘তুমি নপ্তালীৰ আৰু জবূলূনৰ বংশৰ দহ হাজাৰ লোক লগত লৈ তাবোৰ পৰ্ব্বতৰ ফালে যোৱা।
গিদিয়োনে ক’লে, “সেইসকল মোৰ ভাই আছিল; মোৰ আইৰ সন্তান; জীৱন্ত ঈশ্বৰৰ শপত, আপোনালোকে যদি তেওঁলোকক জীয়াই ৰাখিলোঁহেঁতেন, তেন্তে মই আপোনালোকক বধ নকৰিলোঁহেঁতেন।”
সেয়ে গিদিয়োনে চুক্কোতৰ অধিবাসীসকলক ক’লে, “দয়া কৰি মোৰ পাছে পাছে অহা সৈন্যবোৰক কিছু পিঠা খাবলৈ দিয়ক; কিয়নো তেওঁলোক অতিশয় পৰিশ্রান্ত হৈ পৰিছে। মই মিদিয়নীয়াসকলৰ ৰজা জেবহ আৰু চলমুন্নাৰ পাছে পাছে খেদি আহিছোঁ।”