তাতে তেওঁ নগৰৰ বাহিৰত থকা কুৱাঁৰ ওচৰলৈ গ’ল। তাতে গধূলি সময়ত মহিলাসকল ওলাই কুৱাঁৰ পানী তুলিবলৈ সেই ঠাইলৈ আহে। তেওঁ তাতেই উটবোৰক আঠুকঢ়াই বহাই থ’লে।
বিচাৰ 5:11 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তোমালোকে পশুবোৰে পানী পিবলৈ অহা ঠাইত ধনুৰ্ধৰসকলৰ মাত কথা শুনা, তাত তেওঁলোকে যিহোৱাৰ ধাৰ্মিকতাৰ কার্যবোৰৰ কথা পুনৰ কয়, আৰু ইস্রায়েলত যিহোৱাৰ সৈনিকসকলে কৰা ধার্মিকতাৰ কার্যবোৰ বর্ণনা কৰে। “তাৰ পাছত যিহোৱাৰ সন্তানসকল নগৰৰ দুৱাৰবোৰলৈ নামি গ’ল। |
তাতে তেওঁ নগৰৰ বাহিৰত থকা কুৱাঁৰ ওচৰলৈ গ’ল। তাতে গধূলি সময়ত মহিলাসকল ওলাই কুৱাঁৰ পানী তুলিবলৈ সেই ঠাইলৈ আহে। তেওঁ তাতেই উটবোৰক আঠুকঢ়াই বহাই থ’লে।
তাত তেওঁ চাৰিওফালে চাই পথাৰৰ মাজত এটা নাদ দেখা পালে। সেই নাদটোৰ ওচৰত তিনি জাক মেৰ-ছাগ শুই আছিল। ৰখীয়াবোৰে সেই নাদৰ পৰা জাকবোৰক পানী খুৱায়। নাদটোৰ মুখত এটা ডাঙৰ শিল আছিল।
যেতিয়া মেৰ-ছাগৰ জাকবোৰ আহি তাৰ কাষত গোট খায়, তেতিয়া ৰখীয়াবোৰে নাদৰ মুখৰ পৰা শিলটো আঁতৰাই মেৰ-ছাগবোৰক পানী খুৱায় আৰু তাৰ পাছত পুণৰায় নাদৰ মুখত শিলটো আগৰ দৰে থৈ দিয়ে।
তেওঁলোকে তোমাৰ প্রচুৰ মঙ্গলভাৱৰ যশস্যা প্রচাৰ কৰিব, তোমাৰ ধাৰ্মিকতাৰ বিষয়ে উচ্চস্বৰে গান কৰিব।
এইয়া মোৰ বোধৰ অগম্য হলেও, মই মুখেৰে তোমাৰ ধাৰ্মিকতাৰ কথা কম, ওৰে দিনটো তোমাৰ পৰিত্ৰাণৰ কথা প্ৰকাশ কৰিম;
বিচাৰ আসনত বহা জনৰ বাবে ন্যায় বিচাৰৰ আত্মা, আৰু তেওঁলোকৰ দুৱাৰত শত্রুবোৰক ঘূৰাই অনা লোকসকললৈ বল হ’ব।
বোলে, তুমি যিহোৱাৰ গৃহৰ বাহিৰৰ দুৱাৰ মুখত থিয় হৈ, তাত এই বাক্য প্ৰচাৰ কৰা আৰু কোৱা, ‘যিহোৱাক প্ৰণিপাত কৰিবলৈ এই দুৱাৰবোৰত সোমোৱা হে যিহূদাৰ লোকসকল, যিহোৱাৰ বাক্য শুনা।
হে মোৰ লোকসকল, মোৱাবৰ ৰজা বালাকে কি পৰিকল্পনা কৰিছিল, আৰু বিয়োৰৰ পুত্র বিলিয়মে বালাকক কি উত্তৰ দিছিল, সেই বিষয়ে সোঁৱৰণ কৰা। তাতে চিটীমৰ পৰা গিলগললৈ যাওঁতে যি ঘটিছিল, যিহোৱাৰ সেই ন্যায় কাৰ্যবোৰৰ বিষয়ে তোমালোকে জানিব পাৰিবা।
তেন্তে আপোনালোকে তেওঁলোক দুয়োকে সেই নগৰৰ দুৱাৰ মুখলৈ উলিয়াই আনিব আৰু মৃত্যু নোহোৱা পর্যন্ত তেওঁলোকক শিল দলিয়াই বধ কৰিব। নগৰৰ মাজত থাকিও ছোৱালীজনীয়ে চিঞৰ-বাখৰ নকৰাৰ কাৰণে তাইক আৰু আন এজন ইস্রায়েলীয়া ভাইৰ ভার্যাক নষ্ট কৰাৰ কাৰণে পুৰুষজনক শিল দলিয়াই বধ কৰিব। এইদৰে আপোনালোকে আপোনালোকৰ মাজৰ পৰা দুষ্টতা দূৰ কৰিব।
তেওঁ নিজৰ কাৰণে উৎকৃষ্ট ভাগ মনোনীত কৰিলে, কিয়নো সেই ঠাইত নেতাৰ যোগ্য লোকৰ কাৰণে ভাগ ৰাখি থোৱা আছে; তেওঁ লোক সকলৰ মুখ্যৰ লগত আহিল। তেওঁ যিহোৱাৰ ন্যায় কাৰ্য সিদ্ধ কৰিলে, আৰু ইস্ৰায়েলৰ সৈতে যিহোৱাৰ নিয়ম পালন কৰিলে।
ইস্ৰায়েলীয়া যুৱতীসকলে প্রত্যেক বছৰে চাৰি দিনৰ বাবে গিলিয়দীয়া যিপ্তহৰ জীয়েকৰ কথা কৈ বিলাপ কৰে।
লোকসকলে নতুন দেৱতাবোৰক মনোনীত কৰিছিল; তেতিয়া নগৰৰ দুৱাৰত যুদ্ধ লাগিল। চল্লিশ হাজাৰ ইস্রায়েল লোকৰ মাজত এখনো ঢাল বা এপাত যাঠি দেখা পোৱা নাছিলো।
তোমালোকে এতিয়া প্ৰস্তুত হোৱা; তোমালোকলৈ আৰু তোমালোকৰ পূৰ্বপুৰুষসকললৈ যিহোৱাই যি উপযুক্ত কাৰ্য কৰিলে, তাৰ বিষয়ে যিহোৱাৰ সন্মুখত মই তোমালোকৰ লগত কথা পাতিম।