Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




মীখ 6:5 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

5 হে মোৰ লোকসকল, মোৱাবৰ ৰজা বালাকে কি পৰিকল্পনা কৰিছিল, আৰু বিয়োৰৰ পুত্র বিলিয়মে বালাকক কি উত্তৰ দিছিল, সেই বিষয়ে সোঁৱৰণ কৰা। তাতে চিটীমৰ পৰা গিলগললৈ যাওঁতে যি ঘটিছিল, যিহোৱাৰ সেই ন্যায় কাৰ্যবোৰৰ বিষয়ে তোমালোকে জানিব পাৰিবা।

অধ্যায়টো চাওক কপি কৰক




মীখ 6:5
37 পৰস্পৰ সংযোগসমূহ  

তেওঁ নিজৰ আচৰিত কাৰ্যবোৰ স্মৰণীয় কৰিলে; যিহোৱা কৃপাময় আৰু দয়ালু।


হে যিহোৱা, তোমাৰ নামৰ কাৰণে মোক পুনৰায় সঞ্জীৱিত কৰা; তোমাৰ ধাৰ্মিকতাৰে সংকটৰ পৰা তুমি মোক উদ্ধাৰ কৰা।


যি সকলে তোমাক জানে, তেওঁলোকৰ প্রতি যেন তোমাৰ প্রেম সদায় থাকে, যি সকলৰ হৃদয় সৎ তেওঁলোকে যেন তোমাৰ পৰিত্রাণ পায়।


হে ঈশ্বৰ, তোমাৰ ধাৰ্মিকতা গগণস্পৰ্শী; হে ঈশ্বৰ, মহৎ কাৰ্য কৰোঁতা যি তুমি, তোমাৰ তুল্য কোন আছে?


চিয়োন ন্যায়বিচাৰৰ দ্বাৰাই, আৰু ধাৰ্মিকতাৰ দ্বাৰাই অনুতপ্ত হ’ব।


পাছত ৰাতিপুৱাতে বালাকে বিলিয়মক বালৰ পবিত্র ঠাইবোৰলৈ লৈ গ’ল। তাৰ পৰা তেওঁ ইশ্রায়েলীয়া সকলৰ মাথোন এফালহে দেখা পালে।


তথাপি বালাকে বিলিয়মক ক’লে, “বিনয় কৰি কওঁ, আহক, মই আপোনাক আন ঠাইলৈ লৈ যাওঁ। সেই ঠাইতে মোৰ কাৰণে আপুনি তেওঁলোকক শাও দিবলৈ কিজানি ঈশ্বৰ সন্তুষ্ট হ’ব পাৰে।”


পাছত ইস্ৰায়েলে চিটীমত বাস কৰিলে আৰু লোকসকলে মোৱাবৰ জীয়ৰীসকলেৰে সৈতে ব্যভিচাৰ কৰিবলৈ ধৰিলে,


কিয়নো সেই জীয়ৰীসকলে তেওঁলোকক নিজ দেৱতাৰ বলিদান দিয়াবলৈ মাতিছিল। তেতিয়া লোকসকলে ভোজন কৰি তেওঁলোকৰ দেৱতাৰ আগত প্ৰণিপাত কৰিলে।


চোৱা, বিলিয়মৰ পৰামৰ্শত তেওঁলোকে পিয়োৰ দেৱতাৰ কথাত ইস্ৰায়েলৰ সন্তান সকলক যিহোৱাৰ বিৰুদ্ধে সত্যলঙ্ঘন কৰাইছিল; সেই কাৰণেই যিহোৱাৰ মণ্ডলীত মহামাৰী হৈ আছিল।


আৰু তেওঁলোকে আন আন হত লোকৰ লগত মিদিয়নৰ ৰজাসকলক, অৰ্থাৎ ইবী, ৰেকম, চূৰ, হূৰ আৰু ৰেবা, এই মিদিয়নীয়া পাঁচজন ৰজাক বধ কৰিলে; আৰু বিয়োৰৰ পুত্র বিলিয়মকো তেওঁলোকে তৰোৱালেৰে বধ কৰিলে।


আৰু তেওঁলোকে যৰ্দ্দনৰ ওচৰত বৈৎ-যিচীমোতৰ পৰা আবেল-চিটীমলৈকে মোৱাবৰ সমথলত ছাউনি পাতিলে।


মনত ৰাখিব যে, মাংসত আপোনালোক অনা-ইহুদী লোক আছিল; মাংসত হাতেৰে যি সকলৰ চুন্নৎ কৰা হৈছে অর্থাৎ যি সকলে নিজকে চুন্নৎ কৰা লোক বুলি কয়, তেওঁলোকে আপোনালোকক অচুন্নৎ লোক বুলি কয়।


মিচৰ দেশৰ পৰা ওলাই অহাৰ দিন ধৰি জীয়াই থাকে মানে সোঁৱৰণ কৰিবৰ কাৰণে, আপোনালোকে তাৰে সৈতে খমিৰ দিয়া পিঠা নাখাব। সাত দিন তাৰে সৈতে, খমীৰ নিদিয়া পিঠা ভোজন কৰিব; কিয়নো আপোনালোকে লৰালৰিকৈ মিচৰ দেশৰ পৰা ওলাই আহিছিল।


আপোনালোক জীয়াই থাকেমানে কেতিয়াও তেওঁলোকৰ মঙ্গল কি উন্নতিৰ চেষ্টা নকৰিব।


কিন্তু আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাক সোঁৱৰণ কৰিব; কিয়নো তেওঁৱেই আপোনালোকক এই সম্পত্তি লাভ কৰিবলৈ সামর্থ কৰিলে, আৰু আপোনালোকৰ পূৰ্ব-পুৰুষসকলৰ আগত যি নিয়মৰ শপত খাই কৈছিলে, তেওঁ তাক এতিয়া পূর্ণ কৰিছে।


আপোনালোকে অৱশ্যেই মনত ৰখা উচিত, যে ঈশ্বৰ যিহোৱাই চল্লিশ বছৰলৈকে মৰুপ্রান্তৰত আপোনালোকক নেতৃত্ব দি পৰিচালিত কৰিছিল। তেওঁ আপোনালোকক নম্র কৰিবলৈ আৰু আপোনালোকে যিহোৱাৰ আজ্ঞা মানি চলিব নে নাই তাক পৰীক্ষা কৰি জানিবলৈ তেওঁ এই কার্য কৰিছিল।


আপোনালোকে মৰুভূমিত আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ কেনেদৰে ক্রোধ জগাই তুলিছিল, তাক মনত ৰাখক, কেতিয়াও পাহৰি নাযাব। মিচৰ দেশ এৰি অহা দিনৰে পৰা আৰম্ভ কৰি এই ঠাই পোৱালৈকে আপোনালোকে যিহোৱাৰ বিৰুদ্ধে বিদ্ৰোহ আচৰণ কৰি আহিছে।


তাৰ পাছত নুনৰ পুত্ৰ যিহোচূৱাই চিটীমৰ পৰা দুজন লোকক গোপনে চোৰাংচোৱা হিচাবে পঠিয়াই দিলে৷ তেওঁ ক’লে, “তোমালোক যোৱা, আৰু গোটেই দেশখন ভালদৰে চাবা; বিশেষকৈ যিৰীহো নগৰ নিৰীক্ষণ কৰি আহিবা।” তেতিয়া তেওঁলোক গ’ল আৰু গৈ এগৰাকী বেশ্যাৰ ঘৰ পালে৷ তাতে তেওঁলোকে আলহী হৈ থাকিল৷ সেই বেশ্যাৰ নাম ৰাহাব আছিল৷


পাছদিনা অতি ৰাতিপুৱাতে যিহোচূৱা উঠিল, আৰু তেওঁলোক আটায়ে চিটীমৰ পৰা যাত্ৰা আৰম্ভ কৰিলে৷ তেওঁ আৰু আটাই ইস্ৰায়েলী লোক যৰ্দ্দন নদীৰ পাৰলৈ আহিল আৰু নদী পাৰ হোৱাৰ আগতে, তেওঁলোকে তাতে শিৱিৰ পাতি থাকিল৷


এইদৰে লোকসকলে প্ৰথম মাহৰ দশম দিনত যৰ্দ্দনৰ পাৰৰ পৰা উঠি আহিল আৰু যিৰীহোৰ পূব সীমাত থকা গিলগলত ছাউনি পাতিলে।


এই ভণ্ড শিক্ষক সকলে পোন পথ ত্যাগ কৰি অপথে গৈছে। তেওঁলোকে বিয়োৰৰ পুত্ৰ বিলিয়মক অনুসৰণ কৰে; বিলিয়মে মন্দ কার্যক প্ৰেম কৰিলে আৰু তাৰে বেচ পাবলৈ উচিত দেখিছিল।


কিন্তু আমি যদি আমাৰ পাপবোৰ স্বীকাৰ কৰোঁ, তেনেহলে বিশ্বাসী আৰু ধাৰ্মিক যি তেওঁ, তেওঁ আমাৰ পাপবোৰ ক্ষমা কৰে আৰু সকলো অধৰ্মৰ পৰা আমাক শুচি কৰে।


তেওঁলোক সন্তাপৰ পাত্ৰ; কিয়নো তেওঁলোকে কয়িনৰ পথত গমন কৰিলে আৰু বেছৰ অৰ্থে বিলিয়মৰ ভ্ৰান্তিৰূপ পথত লৰ ধৰিলে আৰু কোৰহৰ প্ৰতিবাদত তেওঁলোক বিনষ্ট হ’ল।


কিন্তু তোমাৰ বিৰুদ্ধে মোৰ কিছুমান কথা আছে - তুমি কিছুমান লোকক ৰাখিছা, যি সকলে নিবিড় ভাবে বিলিয়মৰ শিক্ষা ধৰি আছে; যি জনে ইস্ৰায়েলৰ সন্তান সকলৰ আগত বিঘিনি পেলাবলৈ বালাকক শিক্ষা দিছিল। সেইদৰে তেওঁলোকে মূর্তিৰ সন্মুখত বলিদান কৰা প্রসাদ খাইছিল আৰু ব্যভিচাৰ কৰিছিল।


এতিয়া আপুনি কি মোৱাবৰ ৰজা চিপ্পোৰৰ পুতেক বালাকতকৈও উত্তম? তেওঁ ইস্ৰায়েলৰ অহিতে বিবাদ কৰিবলৈ জানো সাহস কৰিছিল? তেওঁলোকৰ বিৰুদ্ধে তেওঁ জানো কেতিয়াবা যুদ্ধ কৰিছিল?


তোমালোকে পশুবোৰে পানী পিবলৈ অহা ঠাইত ধনুৰ্ধৰসকলৰ মাত কথা শুনা, তাত তেওঁলোকে যিহোৱাৰ ধাৰ্মিকতাৰ কার্যবোৰৰ কথা পুনৰ কয়, আৰু ইস্রায়েলত যিহোৱাৰ সৈনিকসকলে কৰা ধার্মিকতাৰ কার্যবোৰ বর্ণনা কৰে। “তাৰ পাছত যিহোৱাৰ সন্তানসকল নগৰৰ দুৱাৰবোৰলৈ নামি গ’ল।


তোমালোকে এতিয়া প্ৰস্তুত হোৱা; তোমালোকলৈ আৰু তোমালোকৰ পূৰ্বপুৰুষসকললৈ যিহোৱাই যি উপযুক্ত কাৰ্য কৰিলে, তাৰ বিষয়ে যিহোৱাৰ সন্মুখত মই তোমালোকৰ লগত কথা পাতিম।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন