অনলাইন বাইবেল

বিজ্ঞাপন


গোটেই বাইবেলখন অ.টি. নতুন নিয়ম




বিচাৰ 4:5 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

তেওঁ ইফ্ৰয়িমৰ পৰ্ব্বতীয়া অঞ্চলৰ ৰামা আৰু বৈৎএলৰ মাজৰ দবোৰাৰ খাজুৰ গছ নামেৰে জনাজাত খাজুৰ গছৰ তলত বহে আৰু ইস্ৰায়েলৰ সন্তান সকলে নিজৰ কাজিয়া-পেচালৰ মীমাংসাৰ কাৰণে তেওঁৰ গুৰিলৈ আহে।

অধ্যায়টো চাওক



বিচাৰ 4:5
18 পৰস্পৰ সংযোগসমূহ  

ইতিমধ্যে ৰিবেকাৰ ধাত্রী দবোৰাৰ মৃত্যু হ’ল। তেওঁক বৈৎএলৰ ওচৰত থকা এজোপা ওক গছৰ তলত মৈদাম দিয়া হ’ল; সেই কাৰণে সেই ঠাইৰ নাম অল্লোন-বাখুৎ হ’ল।


তাৰ পাছদিনা মোচিয়ে লোকসকলৰ সোধ-বিচাৰ কৰিবলৈ বহিল। ৰাতিপুৱাৰে পৰা সন্ধ্যালৈকে লোকসকল তেওঁৰ চাৰিওফালে থিয় হৈ আছিল।


যেতিয়া তেওঁলোকৰ মাজত বিবাদ হ’য়, তেতিয়া তেওঁলোক মোৰ ওচৰলৈ আহে। তেতিয়া মই এজনৰ লগত আন জনৰ মীমাংসা কৰোঁ; আৰু মই ঈশ্বৰৰ বিধি আৰু ব্যৱস্থাবোৰ তেওঁলোকক বুজাই দিওঁ।”


মোৰ কথা শুনা, মই তোমাক পৰামৰ্শ দিম, আৰু ঈশ্বৰ তোমাৰ লগত থাকক; কাৰণ তুমি ঈশ্বৰৰ সন্মুখত লোকসকলৰ প্ৰতিনিধি হৈ, তেওঁলোকৰ বিবাদৰ কথা ঈশ্বৰৰ ওচৰত জনোৱা।


তেওঁলোকে সাধাৰণ পৰিস্থিতিত লোকসকলৰ বিচাৰ কৰিছিল। কঠিন বিষয়বোৰ তেওঁলোকে মোচিৰ ওচৰলৈ আনিছিল; কিন্তু সাধাৰণ বিষয়বোৰ তেওঁলোকে নিজে বিচাৰ কৰিছিল।


যিহোৱাই এই কথা কৈছে: “ৰামাত বিলাপৰ আৰু ক্ৰন্দাৰ শব্দ শুনা গৈছে। ৰাহেলে নিজৰ সন্তান সকলৰ কাৰণে ক্ৰন্দন কৰিছে; তেওঁ নিজৰ সন্তান সকলৰ বিষয়ে শান্তনা দিয়া কথা নামানে, কিয়নো তেওঁলোক আৰু জীৱিত নাই।”


পাছত এই সীমা বৈৎএলৰ পৰা ওলাই লুজলৈ গ’ল আৰু সেই ঠাই পাৰ কৰি অৰ্কীয়াসকলৰ অঞ্চল অটাৰোতলৈ গ’ল।


বৈৎ-অৰাবা, চমাৰয়িম, বৈৎএল।


তাৰ ওপৰিও আন নগৰবোৰ হ’ল, যেনে - গিবিয়োন, ৰামা, বেৰোৎ,


সেই সময়ত লপ্পীদোতৰ ভাৰ্যা দবোৰা নামৰ এগৰাকী মহিলা ভাববাদী আছিল। তেওঁ তেতিয়া ইস্ৰায়েলৰ বিচাৰকর্তা আছিল।


পৰ্বতীয়া দেশ ইফ্ৰয়িমৰ ৰামাথয়িম চোফীম অঞ্চলৰ নিবাসী ইলকানা নামেৰে এজন ব্যক্তি আছিল। তেওঁ যিৰোহমৰ পুত্র আৰু চুফ পৰিবাৰৰ আছিল। যিৰোহমৰ পিতৃ হ’ল ইলীহূ, ইলীহূৰ পিতৃ হ’ল তহূৰ, তহূৰৰ পিতৃ হ’ল চূফ। এওঁলোক ইফ্ৰয়িমৰ গোষ্ঠীৰ আছিল।


পাছত তেওঁলোক পুৱাতে উঠি যিহোৱাৰ আগত প্ৰণিপাত কৰি নিজ ঘৰ ৰামালৈ উভটি গ’ল৷ পাছত ইলকানাই নিজ ভাৰ্যা হান্নাৰ সৈতে শয়ন কৰাত যিহোৱাই তেওঁৰ নিবেদনৰ উত্তৰ দিলে।


চৌলে শুনিলে যে, দায়ূদক তেওঁৰ লগৰ লোকসকলৰ সৈতে পোৱা গ’ল। সেই সময়ত চৌলে হাতত যাঠি লৈ গিবিয়াত ঝাওঁ গছৰ তলত বহি আছিল, আৰু তেওঁৰ চাৰিওফালে তেওঁৰ দাসবোৰ থিয় হৈ আছিল।


চমূৱেলৰ মৃত্যু হ’ল। ইস্ৰায়েলৰ সকলো লোক গোট খাই তেওঁৰ বাবে বিলাপ কৰিলে, আৰু ৰামাত থকা তেওঁৰ ঘৰতে তেওঁক মৈদাম দিলে। তাৰ পাছত দায়ূদে তাৰ পৰা মৰুপ্ৰান্তত থকা পাৰণলৈ গ’ল।


তাৰ পাছত তেওঁ ৰামালৈ ঘূৰি আহে, কাৰণ তাতেই তেওঁৰ ঘৰ আছিল; আৰু সেই ঠাইতো তেওঁ ইস্ৰায়েলৰ বিচাৰ কৰে। আৰু সেই ঠাইত তেওঁ যিহোৱাৰ উদ্দেশ্যে এটা যজ্ঞবেদী নিৰ্ম্মাণ কৰিলে।