Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




1 চমূ 22:6 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

6 চৌলে শুনিলে যে, দায়ূদক তেওঁৰ লগৰ লোকসকলৰ সৈতে পোৱা গ’ল। সেই সময়ত চৌলে হাতত যাঠি লৈ গিবিয়াত ঝাওঁ গছৰ তলত বহি আছিল, আৰু তেওঁৰ চাৰিওফালে তেওঁৰ দাসবোৰ থিয় হৈ আছিল।

অধ্যায়টো চাওক কপি কৰক




1 চমূ 22:6
7 পৰস্পৰ সংযোগসমূহ  

তেতিয়া চৌলে যোনাথনক মাৰিবৰ বাবে যাঠি মাৰি পঠালে। তেতিয়া যোনাথনে বুজিলে যে, তেওঁৰ পিতৃ চৌলে সচাঁকৈয়ে দায়ূদক বধ কৰিবলৈ চল বিচাৰি আছে।


যি সময়ত চৌলে যাঠি হাতত লৈ নিজৰ ঘৰত বহি আছিল, আৰু দায়ূদে বাদ্য বজাই আছিল, সেই সময়ত যিহোৱাৰ পৰা অহা এটা অনিষ্টকাৰক আত্মাই তেওঁত স্থিতি ল’লে।


তাৰ পাছদিনা ঈশ্বৰৰ পৰা অহা এটা অনিষ্টকাৰক আত্মা চৌলৰ ওপৰত স্থিতি হ’ল, আৰু তেওঁ বলীয়াৰ দৰে ঘৰৰ ভিতৰত বকিবলৈ ধৰিলে। সেয়ে দায়ূদে আন দিনা বজোৱাৰ দৰে সেইদিনাও বাদ্য বজালে। চৌলৰ হাতত যাঠি আছিল।


তেওঁ ইফ্ৰয়িমৰ পৰ্ব্বতীয়া অঞ্চলৰ ৰামা আৰু বৈৎএলৰ মাজৰ দবোৰাৰ খাজুৰ গছ নামেৰে জনাজাত খাজুৰ গছৰ তলত বহে আৰু ইস্ৰায়েলৰ সন্তান সকলে নিজৰ কাজিয়া-পেচালৰ মীমাংসাৰ কাৰণে তেওঁৰ গুৰিলৈ আহে।


অব্ৰাহামে বেৰ-চেবাত যিহোৱা অর্থাৎ সেই অনন্তকালৰ ঈশ্বৰৰ নামেৰে প্রার্থনা কৰিলে। তেওঁ সেই ঠাইত এজোপা ঝাওঁ গছ ৰুলে।


সেই সময়ত চৌল গিবিয়াৰ বাহিৰ ভাগৰ মিগ্ৰোণত থকা এজোপা ডালিম গছৰ তলত আছিল। তেওঁৰ লগত প্ৰায় ছশ লোক আছিল,


তেওঁলোকৰ অস্থিবোৰ লৈ যাবেচত থকা ঝাওঁ গছজোপাৰ তলত পুতি থলে, আৰু সাত দিন লঘোন দিলে।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন