অনলাইন বাইবেল

বিজ্ঞাপন


গোটেই বাইবেলখন অ.টি. নতুন নিয়ম




বিচাৰ 4:23 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

এইদৰে যিহোৱাই সেইদিনা ইস্ৰায়েলৰ সন্তান সকলৰ সন্মুখত কনানৰ ৰজা যাবীনক পৰাস্ত কৰিলে।

অধ্যায়টো চাওক



বিচাৰ 4:23
10 পৰস্পৰ সংযোগসমূহ  

তোমালোকৰ ঈশ্বৰ যিহোৱা, তোমালোকৰ লগত আছে আৰু চাৰিও দিশৰ পৰা তেওঁ তোমালোকক শান্তি দিব। তেওঁ দেশ নিবাসী সকলক মোৰ হাতত দিলে। যিহোৱাৰ আৰু তেওঁৰ লোকসকলৰ আগত দেশ বশীভূত হৈ আছে।


সেয়ে লোকসকলে তালৈ গৈ দেশ অধিকাৰ কৰিলে, আৰু আপুনি সেই দেশ নিবাসী কনানীয়া সকলক তেওঁলোকৰ বশীভূত কৰিলে। তেওঁলোকে ভাল পোৱাৰ দৰে ইস্রায়েলী সকলে যাতে কৰে, সেয়ে তেওঁলোকৰ দেশৰ ৰজাৰ সৈতে লোক সকলকো আপুনি তেওঁলোকৰ হাতত শোধাই দিলে।


তুমিয়েই মোৰ কঁকালত যুদ্ধ কৰিবলৈ বলৰূপ কটি-বন্ধন দিলা; তুমি মোৰ বিৰুদ্ধে উঠাবোৰক মোৰ তলতীয়া কৰিলা।


তেৱেঁই আন জাতিবোৰক মোৰ অধীন কৰি বশীভুত কৰিলে, তেওঁ মোৰ পক্ষ হৈ তেওঁলোকে পাবলগীয়া প্ৰতিকাৰ সাধিলে।


তেওঁ লোক সমূহক আমাৰ অধীন কৰিলে, জাতিবোৰক আমাৰ ভৰিৰ তল কৰিলে।


তেন্তে মই শীঘ্রেই তেওঁলোকৰ শত্রুবোৰক দমন কৰিলোঁ হয়, তেওঁলোকৰ শত্রুবোৰৰ বিৰুদ্ধে মোৰ হাত তুলিলোঁ হয়!


আৰু সকলোৱেই খ্ৰীষ্টৰ বশীভূত হ’লে, পুত্ৰ নিজে পিতৃ ঈশ্বৰৰ অধীন হব৷ যেন ঈশ্বৰ, যি জনে তেওঁক সকলোৰে ওপৰত অধিকাৰ কৰিবলৈ দিছে, তেৱেঁই সৰ্বেসৰ্বা হয়৷


তেওঁলোকে বিশ্বাসৰ দ্বাৰাই নানা ৰাজ্য পৰাজয় কৰিলে, ধাৰ্মিকতাৰ কৰ্ম কৰিলে, প্ৰতিজ্ঞাৰ ফল পালে, সিংহবোৰৰ মুখ বন্ধ কৰিলে, অগ্নিৰ তাপ নুমুৱালে,


বাৰাকে চীচৰাৰ পাছে পাছে খেদি আহি সেই ঠাই পালে। যায়েলে তেওঁক মাতি আনিবলৈ বাহিৰলৈ ওলাই গৈ ক’লে, “আহঁক, আপুনি বিচাৰি ফুৰা মানুহজনক মই দেখুৱাই দিম।” তাতে বাৰাকে তেওঁৰ লগত তম্বুৰ ভিতৰলৈ সোমাই দেখিলে যে, চীচৰা মৰি পৰি আছে আৰু তেওঁৰ মূৰৰ কাষেদি তম্বুৰ খুটি সোমোৱা আছে।


শেষত যাবীন ৰজাৰ বিনাশ নোহোৱালৈকে ইস্ৰায়েলৰ সন্তান সকল দিনে দিনে তেওঁৰ বিৰুদ্ধে অধিক শক্তিশালী হৈ উঠিল।