18 তোমালোকৰ ঈশ্বৰ যিহোৱা, তোমালোকৰ লগত আছে আৰু চাৰিও দিশৰ পৰা তেওঁ তোমালোকক শান্তি দিব। তেওঁ দেশ নিবাসী সকলক মোৰ হাতত দিলে। যিহোৱাৰ আৰু তেওঁৰ লোকসকলৰ আগত দেশ বশীভূত হৈ আছে।
পাছত ৰজাই যেতিয়া নিজৰ গৃহত বাস কৰিবলৈ ধৰিলে আৰু যিহোৱাই চাৰিওফালে থকা সকলো শত্ৰুৰ পৰা ৰজাক বিশ্ৰাম দিলে,
অৱশ্যে তোমাৰ এজন পুত্ৰ জন্মিব, তেওঁ শান্তিপ্রিয় ব্যক্তি হ’ব। মই তেওঁৰ চাৰিওফালে থকা সকলো শত্ৰুৰ পৰা তেওঁক ৰক্ষা কৰিম। কাৰণ তেওঁৰ নাম চলোমন হ’ব, আৰু মই তেওঁৰ দিনত ইস্রায়েলক শান্তি আৰু নিৰিবিলি পৰিবেশ দিম।
কাৰণ দায়ূদে কৈছিল, “ইস্রায়েলৰ ঈশ্বৰ যিহোৱাই, তেওঁৰ লোকসকলক বিশ্ৰাম দিলে, তেওঁ সদাকালৰ বাবে নিজৰ গৃহ যিৰূচালেমত নিৰ্ম্মাণ কৰিলে।
সেই সময়ত গোটেই যিহুদীয়া, গালীল, আৰু চমৰীয়া দেশৰ মণ্ডলী সমূহ শান্তিত আছিল; বিশ্বাসী সকল সংখ্যাত বৃদ্ধি হৈ প্ৰভুৰ ভক্তিত আৰু পবিত্ৰ আত্মাই দিয়া উদগণিত জীৱন-যাপন কৰিছিল ৷
তেতিয়াহলে এইবোৰ কথাত আমি কি ক’ম? যদি ঈশ্বৰ আমাৰ সপক্ষ হয়, তেনেহলে আমাৰ বিপক্ষ কোন হ’ব পাৰে?
কিয়নো, তোমালোকক ৰক্ষা কৰিবলৈ আৰু শত্রুবোৰৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ তোমালোকৰ ঈশ্বৰ যিহোৱায়েই তোমালোকৰ লগত গৈছে।”
যিহোচূৱাই এই সকলো ৰজাক আৰু তেওঁলোকৰ দেশবোৰ একে সময়তে দখল কৰি ল’লে, কিয়নো ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই ইস্ৰায়েলৰ পক্ষে যুদ্ধ কৰিছিল।
এতিয়া তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকৰ ভাইসকলক প্ৰতিজ্ঞা কৰাৰ দৰে, তেওঁলোকক জিৰণী দিলে৷ গতিকে, এতিয়া তোমালোকে ঘূৰি, নিজ নিজ তম্বুলৈ গৈ, যিহোৱাৰ দাস মোচিয়ে যৰ্দ্দনৰ সিপাৰে তোমালোকক দিয়া আধিপত্যৰ দেশলৈ যোৱা।
এইদৰে যিহোৱাই ইস্ৰায়েলক তেওঁলোকৰ চাৰিওফালে থকা আটাই শত্ৰুৰ পৰা জিৰণী দিয়াৰ পাছত যিহোচূৱা বুঢ়া আৰু অতিশয় বৃদ্ধ হ’ল৷
মই বিনয় কৰোঁ, আপোনাৰ দাসীৰ অপৰাধ ক্ষমা কৰক, কাৰণ যিহোৱাই নিশ্চয় মোৰ প্ৰভুৰ বংশ চিৰস্থায়ী কৰিব, কাৰণ মোৰ প্ৰভুৱে যিহোৱাৰ কাৰণে যুদ্ধ কৰিছে; আৰু আপোনাৰ জীৱনৰ শেষলৈকে আপোনাৰ কোনো অমঙ্গল দেখা নাযাব।