অনলাইন বাইবেল

বিজ্ঞাপন


গোটেই বাইবেলখন অ.টি. নতুন নিয়ম




বিচাৰ 20:35 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

যিদিনা যিহোৱাই ইস্ৰায়েলৰ সৈন্যসকলক ব্যৱহাৰ কৰি বিন্যামীনৰ সৈন্যসকলক পৰাজিত কৰিলে, সেইদিনা ইস্ৰায়েলৰ সন্তানসকলে বিন্যামীনৰ পঁচিশ হাজাৰ সৈন্যক বধ কৰিলে। এই লোকসকল তৰোৱাল ধৰাত পাকৈত প্রশিক্ষণ প্রাপ্ত সৈনিক আছিল।

অধ্যায়টো চাওক



বিচাৰ 20:35
5 পৰস্পৰ সংযোগসমূহ  

দুষ্টবোৰৰ জয়-ধ্বনি যে অলপদিনীয়া, আৰু অধাৰ্মিকৰ আনন্দ যে খন্তেকীয়া, ইয়াক তুমি নাজানা নে?


বিন্যামীন বংশৰ লোকসকলে মুঠ ছাব্বিশ হাজাৰ জন সৈন্য পালে। তেওঁলোক যুদ্ধ কৰাৰ বাবে বেচ দক্ষতা থকা সৈন্যিক আছিল আৰু ইয়াৰ বাহিৰেও গিবিয়ানিবাসীৰ পৰা সাতশ নিপুণ সৈন্য পালে।


তেওঁলোক গিবিয়ালৈ ওলাই আহিল আৰু গোটেই ইস্ৰায়েলৰ মাজত মনোনীত হোৱা দহ হাজাৰ লোকৰ ঘোৰ যুদ্ধ হ’ল; কিন্তু বিন্যামীনৰ লোকসকলে নাজানিলে যে, শেষত দুর্যোগ ঘটি তেওঁলোকৰ কি হ’ব।


এইবাৰ বিন্যামীনে দেখা পালে যে, তেওঁৰ সৈন্যসকল পৰাজিত হ’ল আৰু ইস্ৰায়েলৰ লোকসকলো বিন্যামীনৰ পৰা পিছুৱাই গৈছিল; তেওঁলোক পিছুৱাই যোৱাৰ কাৰণ আছিল, তেওঁলোকে হঠাৎ গিবিয়াৰ বিৰুদ্ধে আক্রমণ কৰাৰ কৌশল। এইদৰে গিবিয়াৰ ওচৰৰ এটুকুৰা ঠাইত তেওঁলোক লুকাই থাকিল।