5 দুষ্টবোৰৰ জয়-ধ্বনি যে অলপদিনীয়া, আৰু অধাৰ্মিকৰ আনন্দ যে খন্তেকীয়া, ইয়াক তুমি নাজানা নে?
তেতিয়া যোৱাবে ক’লে, “মই তোমাৰ কাৰণে ৰখি নাথাকো।” তেতিয়া তেওঁ নিজৰ হাতত তিনিডাল শূল লৈ, অবচালোম এলা গছৰ মাজত জীয়াই ওলমি থাকোঁতেই, তেওঁৰ বুকুৰ মাজেৰে সোমোৱাই দিলে৷
তেতিয়া যোৱাবৰ সেই দহজন অস্ত্ৰধাৰী ডেকাই অবচালোমক বেৰি ধৰি, আঘাত কৰি, তেওঁক বধ কৰিলে।
তাতে মৰ্দখয়ৰ বাবে হামনে যুগুত কৰা ফাঁচি কাঠত হামনক ফাঁচি দিয়া হ’ল। তাৰ পাছতহে ৰজাৰ ক্ৰোধ শান্ত হ’ল।
কিয়নো তোমালোকে কৈছা, “সেই ডাঙৰীয়াৰ ঘৰ ক’ত? আৰু সেই দুৰ্জনবোৰে বাস কৰা তম্বুটো ক’ত?
কিয়নো, যেতিয়া অধৰ্মিৰ প্ৰাণ ঈশ্বৰে হৰণ কৰি নিব, তেতিয়া সি ধন লাভ কৰিলেও তাৰ কি আশা থাকিব?
অধৰ্মি লোকে যেন ৰাজত্ত্ব নকৰে; আৰু প্ৰজাবিলাকক ফান্দত পেলাবলৈ যেন কোনো নাথাকে, এই নিমিত্তে, জাতিৰ পৰাই হওক, বা মানুহৰ পৰাই হওক, তেওঁ মুখ ঢাকিলে কোনে তেওঁৰ দৰ্শন পাব পাৰে?
মই নিজে অজ্ঞানক শিপা ধৰা দেখিলোঁ, কিন্তু মই তৎক্ষণাৎ তাৰ বাসস্থানক শাও দিলোঁ।
চোৱা, তেনেলোকৰ ব্যৱহাৰৰ এয়ে আমোদ; পাছত সেই ঠাইৰ পৰাই আন গছবোৰ উৎপন্ন হ’ব।
কিন্তু অলপতে দুষ্টলোক শেষ হৈ যাব; তুমি যত্নেৰে বিচাৰিলেও তেওঁলোকৰ ঠাইত তেওঁলোকক পোৱা নাযাব।
হে যিহোৱা, দুষ্টবোৰে কিমান কাল, দুষ্টবোৰেনো কিমান কাল উল্লাস কৰিব?
তেওঁলোকৰ মুখৰ পৰা দাম্ভিক কথাবোৰ বাহিৰ হৈ আহে; সকলো দুষ্টলোকে গৰ্ব্ব কৰে।
যি সকলে মোক ‘প্ৰভু প্ৰভু’ বোলে, তেওঁলোক সকলোৱে যে স্বৰ্গৰাজ্যত সোমাব, এনে নহয়; কিন্তু যি জনে স্বৰ্গত থকা মোৰ পিতৃৰ ইচ্ছা পালন কৰে, সেইজনেহে সোমাব।
প্ৰতিজনে নিজ কৰ্ম বিবেচনা কৰক; আৰু তেতিয়া তেওঁ অন্যৰ তুলনাত নহয় কিন্তু নিজৰ বিষয়তহে গৌৰৱ কৰাৰ কাৰণ পাব।
কিন্তু এতিয়া আপোনালোকে নিজৰ নিজৰ পৰিকল্পনাত অহংকাৰ কৰি আছে; এনে অহংকাৰ অতি মন্দ।