অনলাইন বাইবেল

বিজ্ঞাপন


গোটেই বাইবেলখন অ.টি. নতুন নিয়ম




বিচাৰ 2:18 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

যিহোৱাই যেতিয়া তেওঁলোকৰ কাৰণে কোনো বিচাৰকৰ্ত্তাক নিযুক্তি দিছিল, তেতিয়া তেওঁ সেই বিচাৰকৰ্ত্তাক সহায় কৰিছিল। সেইজন বিচাৰকৰ্ত্তা যিমান দিনলৈকে জীয়াই থাকে, সিমান দিনলৈকে যিহোৱাই শত্ৰুবোৰৰ হাতৰ পৰা ইস্রায়েলক উদ্ধাৰ কৰিছিল; অত্যাচাৰীবোৰৰ হাতত উপদ্ৰৱ আৰু তাড়না পাই তেওঁলোকে যেতিয়া কন্দা-কটা কৰে, তেতিয়া তেওঁলোকৰ প্রতি যিহোৱাৰ দয়া ওপজে।।

অধ্যায়টো চাওক



বিচাৰ 2:18
22 পৰস্পৰ সংযোগসমূহ  

পৃথিৱীত মানুহ সৃষ্টি কৰি যিহোৱা দুঃখিত হ’ল আৰু অন্তৰত বেজাৰ পালে।


পাছত যিহোৱাহজে যিহোৱাৰ ওচৰত মিনতি কৰিলে আৰু যিহোৱাই তেওঁৰ প্ৰাৰ্থনা শুনিলে, কাৰণ অৰামৰ ৰজাই ইস্ৰায়েলৰ ওপৰত যি উপদ্ৰৱ কৰিছিল তাক যিহোৱাই চাই আছিল।


যিহোৱাই কৈছে, “দুখীসকলৰ উপদ্ৰৱ আৰু অভাৱীসকলৰ কেঁকনিৰ কাৰণে মই এতিয়া জাগি উঠিম। নিৰাপত্তা কামনা কৰা সকলক মই নিৰাপদে ৰাখিম।”


হে যিহোৱা, আৰু কিমান কাল? তুমি ঘূৰি আহাঁ! তোমাৰ দাসবোৰৰ প্রতি সদয় হোৱা।


তেতিয়া ঈশ্বৰে তেওঁলোকৰ ক্রন্দন শুনি, অব্ৰাহাম, ইচহাক, আৰু যাকোবৰ লগত কৰা তেওঁৰ নিয়মটি পুনৰ সোঁৱৰণ কৰিলে।


ঈশ্বৰে উত্তৰ দি ক’লে, “অৱশ্যে মই তোমাৰ সঙ্গী হ’ম; আৰু মইয়ে তোমাক পঠালোঁ, ইয়াৰ চিন তোমালৈ এয়ে হ’ব যে, তুমি মিচৰৰ পৰা লোকসকলক উলিয়াই আনি, এই পৰ্ব্বততে তোমালোকে ঈশ্বৰৰ আৰধনা কৰিবা।”


তেতিয়া যিহোৱাই নিজৰ লোকসকলৰ যি অপকাৰ কৰিম বুলি কৈছিল, তাৰ পৰা ক্ষান্ত হ’ল।


হে ইফ্ৰয়িম, মই তোমাক কেনেকৈ ত্যাগ কৰিম? হে ইস্ৰায়েল, মই তোমাক কেনেকৈ আনৰ হাতত শোধাই দিম? মই তোমাক কেনেকৈ অদ্মাৰ নিচিনা কৰিম? মই তোমাৰ অৱস্থা কেনেকৈ চবোয়ীমৰ নিচিনা কৰিম? মোৰ হৃদয় ব্যাকুল হৈছে; মোৰ সকলো মমতা জাগি উঠিছে।


পাছত তেওঁলোকে যি কৰিলে আৰু কেনেকৈ তেওঁলোকে নিজ নিজ মন্দ পথৰ পৰা ঘূৰিলে, সেই বিষয়ে যেতিয়া ঈশ্বৰে দেখিলে, তেতিয়া তেওঁ নিজৰ মন ঘূৰালে। তাতে তেওঁ যি শাস্তি দিব বুলি মনস্থ কৰিছিল, তাক তেওঁ নকৰিলে।


আৰু যি সময়ত তোমালোকে তোমালোকৰ দেশত উপদ্ৰৱ কৰোঁতা শত্ৰুবোৰৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ ওলাবা, সেই সময়ত সেই দুটা তূৰী ৰণত বজোৱাৰ দৰে বজাবা। তেতিয়া মই, তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকক সোঁৱৰণ কৰিব আৰু তোমালোকক তোমালোকৰ শত্ৰুবোৰৰ পৰা নিস্তাৰ পাবা।


যিহোৱাই যেতিয়া দেখিব যে, তেওঁৰ লোকসকলৰ শক্তি নোহোৱা হৈছে, বন্দী কি স্বাধীন কাৰো শক্তি নোহোৱা হৈছে, তেতিয়া অৱশ্যেই যিহোৱাই তেওঁৰ লোকসকলৰ পক্ষ লব, তেওঁৰ দাসবোৰক কৃপা কৰিব।


তোমাৰ জীৱনৰ গোটেই কালত কোনো লোক তোমাৰ আগত থিয় হ’ব নোৱাৰিব; মই মোচিৰ লগত থকাৰ দৰে তোমাক ত্যাগ নকৰিম বা এৰি নাযাওঁ।


তাৰ পাছত তেওঁলোকৰ মাজত ভিন্ন দেশীয় যি দেৱতাবোৰ আছিল, সেইসকলো দূৰ কৰি তেওঁলোকে যিহোৱাৰ সেৱা কৰিলে; তাতে ইস্ৰায়েলৰ কষ্ট দেখি যিহোৱাই দূখ কৰিলে।


তাৰ পাছত যিপ্তহে অম্মোনিয়াসকলৰ লগত যুদ্ধ কৰিবলৈ মিস্পাৰ পৰা গ’ল আৰু যিহোৱাই তেওঁৰ হাতত অম্মোনিয়াসকলক তুলি দিলে।


কিন্তু সেই বিচাৰকৰ্ত্তা মৰিলেই তেওঁলোকে পুনৰ ঘূৰি দেৱ-দেৱীবোৰৰ পাছত চলি পূজা-অর্চনা আৰু সেৱা-উপাসনাত ব্রতী হয়; তেওঁলোকে পূর্বপুৰুষসকলতকৈও অধিক ভ্রষ্টাচাৰৰ পথলৈ উলটি যায়। তেওঁলোকে একোতেই নিজৰ দুষ্ট অভ্যাস আৰু গোড়ামিৰ পথ নেৰে।


কিন্তু তেওঁলোকে যিহোৱাৰ আগত কাতৰোক্তি কৰাৰ পাছত, যিহোৱাই তেওঁলোকক সহায় কৰিবৰ কাৰণে এজন উদ্ধাৰকর্তা থিয় কৰালে; তেওঁ হ’ল কনজৰ পুত্র কালেবৰ ভায়েক অৎনীয়েল।


এনে সময়তে যিহোৱাৰ দূতে গিদিয়োনক দৰ্শন দি ক’লে, “হে শক্তিশালী যোদ্ধা, যিহোৱা তোমাৰ লগত আছে!”


যিহোৱাই তেওঁক ক’লে, “মই তোমাৰ সঙ্গত থাকিম, তাতে তুমি সকলো মিদিয়নীয়া সৈন্যক পৰাজিত কৰিবা।”